Type Here to Get Search Results !

৫ ছেপ্তেম্বৰ , শিক্ষক দিৱস আৰু ড৹ সৰ্ব্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনৰ চমু আলোকপাত

 সবিতা  বৰুৱা ফুকন 


যি সকল ব্যক্তিক কোনো  সংজ্ঞাৰ মাজত আৱদ্ধ কৰি ৰাখিব নোৱাৰি,তেনে এগৰাকী  মহান পুৰুষ তথা বিশ্ববন্দিত  ব্যক্তিয়েই হল ড৹  ৰাধাকৃষ্ণণ  ।

1888 চনৰ  5 ছেপ্তেম্বৰত মাদ্ৰাজৰ (বতমান চেন্নাইৰ) তিৰুতানি  নামে এখন সৰু চহৰত ৰাধাকৃষ্ণণৰ জন্ম হয়। 
দেউতাকৰ নাম আছিল সৰ্ব্বপল্লী  বীৰস্বামী আৰু মাকৰ নাম আছিল সীতাস্মা। সৰুৱেই পৰা ৰাধাকৃষ্ণণ আছিল অতিশয় মেধাৱী ছাত্ৰ। এখন  অখ্যাত গাঁওৰ দুখীয়া  ব্ৰাক্ষণ  পৰিয়ালত জন্মগ্ৰহন  কৰি ৰাধাকৃষ্ণণে দেখুৱালে  যে  সমাজত প্ৰতিষ্ঠিত হোৱাত অধিক পৰিস্হিতি  কেতিয়াও হেঙাৰহ'ব নোৱাৰে  ।

"শিক্ষক দিৱস " এই পৱিত্ৰ দিনটোত দেশৰ সমগ্ৰ শিক্ষক  জাতিটোৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰা হয়।  শিক্ষক সকলেই হৈছে আমাৰ মনৰ আন্ধাৰ  নাশ কৰি জ্ঞানৰ  বন্তিৰে  মন আলোকিত কৰি  তোলা  মহান  খনিকৰ  । অসীম কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি আমাক  জীৱনৰ পথ দেখুওৱা এই সকল শিক্ষাগুৰুক  পাঁচ  ছেপ্তেম্বৰৰ দিনা দেশে শ্ৰদ্ধা  জনোৱাটো অতিশয়  তাৎপৰ্যপূৰ্ণ  কাম।  

         এইজনা  মহান পণ্ডিত, দাশনিক তথা শিক্ষাবিদে ভাৰতৰ বিভিন্ন  বিশ্ববিদ্যালয়  তথা ভাৰতবৰ্ষৰ  বাহিৰৰ  বিশ্ববিদ্যালয়  সমূহতো  অধ্যাপনা  কৰি  শিক্ষা  জগতলৈ  যি অৰিহণা  যোগাই  থৈ গ'ল, সেয়া  আমাৰ দেশৰ  শিক্ষা আৰু শিক্ষক  সমাজৰবাবেই গৌৰৱময়  অধ্যায়  ।ভাৰতবৰ্ষৰ  শিক্ষাৰ বুৰঞ্জীত তেওঁৰ এই  অৱদান  সোণালী আখৰেৰে  জিলিকি  আছে। 

ড৹ ৰাধাকৃষ্ণণৰ মতে  এজন আৰ্দ্শ  শিক্ষকৰ  কৰ্তব্য হ'ল ----"Love  of the pupils is  the firs essential  quality of a successful  teacher."
 --অৰ্থাৎ ছাত্ৰ ছাত্ৰীক  মৰম-স্নেহ  কৰাটো  বুদ্ধিমান  শিক্ষকৰ  প্রথম  কাম  । বিশাল  ব্যক্তিত্বৰ অধিকাৰী  ৰাধাকৃষ্ণণ আছিল পণ্ডিত, দাশনিক, ৰাষ্ট্ৰনেতা আৰু সু-প্ৰশাসক। ইয়াৰ প্রমাণ  তেখেতৰ  জীৱনত লাভ কৰা সন্মানসমূহ  । তাৰেই  কেইটামান  মাত্ৰ উদাহৰণ  তলত উল্লেখ কৰা হ'ল  ।
 উদাহৰণ স্বৰূপে -------
(1)1931 চনত  ব্ৰিটিছ চৰকাৰৰ দ্বাৰা "নাইট " উপাধি প্ৰদান  ।

(2) 1931 চনৰ এক মে'ত অন্ধ্ৰ প্ৰদেশ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদ গ্ৰহণ ।

(3) 1939চনত  বেনাৰস  বিশ্ববিদ্যালয়ৰ  উপাচাৰ্য  ভাৰ গ্ৰহণ  ।

(4) 1948  চনত "বিশ্ববিদ্যালয় আয়োগৰ" সভাপতি  পদ  । 
(5)  1949  চনত  ভাৰতবৰ্ষৰ ৰাষ্ট্ৰদূত  হিচাপে ছোভেট ৰাছিয়াত কাযনিবাস  । 

(6)  1952  চনত ভাৰতৰ প্রথমজন  উপ-ৰাষ্টপতি  হিচাপে  নিৰ্বাচিত  হয়। 

(7) 1954  চনত  "ভাৰত ৰত্ন "উপাধি  প্ৰদান  ।

(8)  1962  চনৰ  13 মে 'ত ভাৰতৰ ৰাষ্ট্ৰপতি  হিচাপে  নিৰ্বাচিত  ।

(9)  1963  চনত ইংলেণ্ডৰ  ৰাণী  এলিজাবেথে  "অডাৰ অব  মেৰিট  " উপাধি প্ৰদান কৰে  ।

(10)  1968  চনত  সাহিত্য একাডেমী "ফেলশ্ফিপ" সন্মান লাভ  ।

  ইমান বোৰ সন্মানৰ অধিকাৰী  এই গৰাকী  সু-পুৰুষ  তথা ভাৰতবৰ্ষৰ  সু-সন্তান ৰাধাকৃষ্ণণৰ জন্ম  দিনটো  কি পৰিস্থিতিত  "শিক্ষক দিৱস "হিচাপে  উদযাপিত  হ'বলৈ পালে তাৰ এক কাহিনী আছে  ।

1962  চন ড৹ ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছে  ।সেই চনতে
তেখেতৰ এচাম  প্ৰিয় ছাত্ৰই  তেওঁৰ জন্ম দিনটো উদযাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি  তেওঁৰ ওচৰলৈ  আহিল  ।
তেতিয়া তেওঁ ছাত্ৰ সকলক উদ্দেশি কৈছিল, ---- "মোৰ জন্ম দিনটো সুকীয়াকৈ পতাতকৈ  যদি সেই দিনটো 
শিক্ষক  দিৱস হিচাপে পালিত  হয়, তেতিয়া  ম ই  আটাইতকৈ বেছি সুখী  হম ।" তেতিয়া   ছাত্ৰ সকলে  তেওঁৰ  আদেশ 
মানি  1962  চনৰ 5 ছেপ্তেম্বৰত  প্রথম বাৰৰ বাবে  "শিক্ষক দিৱস " হিচাপে  উদযাপন কৰিলে । তেতিয়াৰে পৰা 5 ছেপ্তেম্বৰ  তাৰিখটো  শিক্ষক  দিৱস হিচাপে উদযাপিত হৈ  আহিছে  ।

  এনে  এগৰাকী  মহান পুৰুষ তথা ভাৰতবৰ্ষৰ  সু-সন্তান   ড৹ সৰ্ব্বপল্লী ৰাধাকৃষ্ণণৰ  আদৰ্শ ই  দেশৰ  শিক্ষিত, সচেতন  সমাজক  বিশেষভাৱে অনুপ্ৰাণিত কৰাৰ  লগতে  তেখেতৰ  আদৰ্শৰে যাতে  যুগে যুগে  শিক্ষক,  ছাত্ৰ ছাত্ৰী  আৰু  সমাজৰ সকলো শ্ৰেণীৰ লোককে  অনুপ্ৰেৰণা   যোগায়  যেন  ।
  তাৰেই  শুভকামনাৰে শিক্ষক দিৱসৰ ওলগ জনালোঁ  ।
বি:দ্ৰ: কিছু গ্ৰন্থৰ সহায় লৈ