লেখিকা--ভাগ্যশ্ৰী গগৈ, আলোকপাত--সুৰভি বৰ পাত্ৰ গোহাঁই
দিগদৰ্শন প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা উদীয়মান লেখিকা ভাগ্যশ্ৰী গগৈৰ উপন্যাস "একাঁজলি ভালপোৱা" পঢ়ি ভাল লাগিল। ধেমাজি জিলাৰ লামাজান জয়পুৰত জন্মগ্ৰহণ কৰা ভাগশ্ৰী গগৈয়ে সৰুৰেপৰা সাহিত্য তথা কাব্য চৰ্চা কৰি আহিছে। স্কুল আৰু কলেজীয়া শিক্ষা মৰিধলত গ্ৰহণ কৰাৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লয়। দুবাৰকৈ মৰিধল মহাবিদ্যালয়ৰ পৰা শ্ৰেষ্ঠ সাহিত্যিকৰ সন্মান লাভ
কৰে। ইয়াৰ উপৰিও ভাগ্যশ্ৰী গগৈয়ে ২০১৮চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সপ্তাহ উপলক্ষে আয়োজিত উপন্যাসিকা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে।
"একাঁজলি ভালপোৱা" উপন্যাসখনত লেখিকাই দুখন উপন্যাস সন্নিৱিষ্ট কৰিছে। "এৰাসুঁতিৰ মালিতা আৰু" একাঁজলি ভালপোৱা "দুখন
উপন্যাসৰ একত্ৰ সংকলন। আলোকপাত কৰা কাহিনীভাগ" একাঁজলি ভালপোৱা " ।
উপন্যাসৰ কাহিনীভাগ বাস্তৱ জীৱনৰ লগত সংগতি ৰাখি সহজ সৰল বৰ্ণনাৰে উপস্থাপন, পৰিবেশ সৃষ্টি সুন্দৰ ভাৱে বৰ্ণনা কৰিছে পাঠকৰ বোধগম্য হোৱাকৈ।
সাহিত্যৰ বিভিন্ন অংগৰ ভিতৰত মানৱ জীৱন পূৰ্ণভাৱে চিত্ৰিত কৰাৰ সৰ্বোৎকৃষ্ট মাধ্যম হ'ল উপন্যাস। উপন্যাসৰ মাধ্যমেৰে মানৱ জীৱনৰ পূৰ্ণাংগ, সুস্থ আৰু বৈচিত্ৰপূৰ্ণ ৰেখা অংকণ কৰিব পাৰি। (সাহিত্য বিচাৰ)।
" একাঁজলি ভালপোৱা "উপন্যাস খনত কম কথাৰে কাহিনীভাগ আগবঢ়াই নিবলৈ সক্ষম হৈছে লেখিকা। জীৱনটো আগবাঢ়ি যোৱাৰ লগে লগে বহুতৰ জীৱনত প্ৰেম আৰম্ভ হয়। সেইয়া প্ৰকাশ্যভাৱে বা অপ্ৰকাশ্যভাৱেও হ'ব পাৰে। সেই প্ৰেমে কেতিয়াবা বিবাহৰ যোগেদি পূৰ্ণতা পায় আৰু কেতিয়াবা বিচ্ছেদ হৈ আধাতে সামৰি দুয়ো বিপৰীত দিশে গতি কৰিব লগীয়া হয়। যিহেতু মানুহ সামাজিক প্ৰাণী। সমাজত বাস কৰোতে মানুহে নিয়ম নীতিৰ মাজেৰে দিন অতিবাহিত কৰে। যিবিলাক মানুহে সহজ সৰল তেওঁলোকে তেনে মানুহৰ লগতেই মিতিৰ কুটুম্ব গঢ়ি তুলিব বিচাৰে। লেখিকা ভাগ্যশ্ৰী গগৈয়ে তেওঁৰ কাহিনীভাগত তেনে এটা কাহিনীয়ে উপস্থাপন কৰিছে। য'ত প্ৰেমিক প্ৰেমিকাৰ মনৰ মিল থকা সত্বেও প্ৰেমিকাৰ ঘৰৰ আপত্তি থকাৰ বাবে তেওঁলোক এক হ'ব নোৱাৰিলে। কাহিনীৰ নায়কে বহু কষ্টেৰে নিজকে মিলিটেৰী চাকৰিত নিয়োজিত কৰি নিজৰ প্ৰেমিকাক আপোন কৰি লোৱাৰ পৰিকল্পনা কৰোতেই মাকৰ প্ৰচণ্ড বাধাৰ বাবেই প্ৰত্যাশিত প্ৰেম ত্যাগ কৰিব লগা হ'ল। সেইয়া তেওঁ উপলব্ধি কৰিছে যেতিয়া তেওঁৰ ল'ৰাই বিয়াৰ উপযুক্ত সময়ত প্ৰেমৰ দৃঢ় প্ৰতিজ্ঞাৰ কথা মাক আৰু দেউতাকৰ আগত প্ৰকাশ কৰিলে। পুতেকৰ দৰে তেওঁ যদি নিজৰ মাক দেউতাকৰ আগত দৃঢ়তাৰে প্ৰকাশ কৰিব পাৰিলেহেঁতেন, তেতিয়া হ'লে তেওঁ নিশ্চয় মনেভবা প্ৰেমিকাগৰাকীক বিয়া কৰাব পাৰিলেহেঁতেন। যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনৰ পৰিবৰ্তনৰ কথা লেখিকাই ইমান সুন্দৰকৈ প্ৰকাশ কৰিছে যে, সচাঁকৈয়ে বহুত ভাল লাগিল লেখিকাৰ কাহিনী বৰ্ণনাৰ কৌশল দেখি। কাহিনীভাগ যোগাত্মক চিন্তাৰে আগবঢ়াই নি যোগাত্মক ভাৱেই সামৰণি মাৰিছে।
বহুত ভাল লাগিল লেখিকা ভাগ্যশ্ৰী গগৈৰ উপন্যাসখন আলোকপাত কৰি। কাহিনী, কথোপকথন, পৰিবেশ সৃষ্টি, লেখকৰ জীৱন দৰ্শন
আটাইকেইটা দিশ সামৰি কাহিনীভাগৰ সফল পৰিসমাপ্তি ঘটাইছে।
আশাকৰোঁ ভাগ্যশ্ৰী গগৈৰ অনুভৱৰ কাপেৰে নিগৰি আহক নিত্য নতুন সৃষ্টি।। তেওঁৰ সৃষ্টিৰে সাহিত্যৰ পথাৰ জীপাল হওক, আমি তাকেই কামনা কৰিলোঁ। শেষত অজানিতে ৰৈ যোৱা ভুলৰ বাবে ক্ষমা বিচাৰি সামৰণি মাৰিলোঁ।