Type Here to Get Search Results !

সমলয়

 মিছ নাজলিন বেগম


জ্ঞানৰ বিকাশ তুমি সমলয় 
কবি, লেখক সকলৰ প্ৰেৰণা তুমি | 

প্ৰেৰণা পোহৰৰ চাকিটিৰ 
সলিতা তুমি সমলয় | 

তোমাৰ পোহৰত আজি 
সৃষ্টি পথ বিচাৰি পালো সমলয় | 

তোমাৰ বাবে কত যে 
কবিতা জিপাল হল,  
তোমাৰ পোহৰত আজি 
প্রাণ পালে লেখকে | 

নিজৰ মাজতে সামৰি থোৱা 
সেই, গল্প, অনুগল্প বোৰে 
প্রাণ পালে তোমাৰ বুকুত সমলয় | 

তোমাৰ বহল বুকুত 
আজি মইও আশ্রয় ললো |
দুহাতেৰে সাৱটি ললো তোমাক 
তুমি আমাৰ মাজত সদায় 
বৈ যোৱা এখন নদী হৈ সমলয়