Type Here to Get Search Results !

ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ আনন্দ ৰঙে ৰসে ৰিঙিয়াই মতা ঐতিহাসিক ৰূপহী পথাৰ

 দীপজ্যোতি বৰগোহাঞি


"ৰূপহী “পথাৰ অসম বুৰঞ্জীৰ এটা অতি সুৱদি নাম ৷ই্ন্দ্ৰবংশীয় আহোম স্বৰ্গদেউ সকলৰ ৰংচঙীয়া ৰাজধানীৰ এটা মিঠা আৰু সচা অনুভুতি ৷ৰাজধানী ৰংপুৰৰ ৰংঘৰৰ  মজিয়াৰ পৰাই ৰং ৰহইচ কৰি লোক সংস্কৃতিৰ ৰজাঘৰৰ বৰ মজিয়াত ঠাই দিয়া স্বীকৃতি প্ৰদান কৰা প্ৰথম স্বৰ্গদেউ সকলৰ ৰঙৰ থলি ৰূপহী  পথাৰ  ৷"ৰূপহী পথাৰ “ৰংপুৰ নগৰৰ  অলেখ কথাৰে সগৰ্ভা এখন সোণোৱালী দলিচা ৷ৰাজধানী ৰং ৰূপ ৰসেৰে উদুলি -মুদুলি হৈ দুকুলিৰ খেলা পতা এখন ক্ৰীড়া ভুমি ;প্ৰাচ্যৰ অলিম্পিয়া ৷সোণোৱালী অতীতৰ বুকুত সঞ্জীৱিত ইতিহাসৰ বতৰা বহন কৰি অহা ৰংপুৰৰ এই ৰূপহী পথাৰৰ ৰংসনা ৰূপ কথাবোৰ আজিও মানুহৰ মুখে মুখে ৷"ৰংপুৰৰ যুগৰ বুৰঞ্জী বৈ ভাগৰি পৰিব কিন্ত মৰহি নাযায় "৷সেই একেদৰেই ৰূপহী পথাৰৰ ৰংৰ পথাৰখন ৰং ফাকুগুৰিৰ সেন্দুৰী পথাৰ খন ৰং উৰি যাব কিন্ত সেন্দূৰী বোল সনা ৰংচঙীয়া স্মৃতিবোৰে উত্তৰ পুৰুষক কৈ আহিছে কৈ থাকিব ৷ৰংপুৰ আহোমৰ প্ৰথম ৰংচঙীয়া ৰাজধানী ৷স্বৰ্গদেউ গদাধৰ সিংহ ১৬১৭ শকৰ ১৪ ফাগুনত স্বৰ্গী হোৱাত লাই কোঁৱৰে ৰুদ্ৰসিংহ নামেৰে ৰাজপাটত বহিল আহোম মতে নাম ললে চখ্ৰাঙ্গাফা ৷এইজনা স্বৰ্গদেউৱে ১৬২০শকৰ ফাগুন মাহত মেটেকাত নগৰ পাতি নতুন নগৰৰ নাম দিলে ৰংপুৰ ৷উত্তৰে দিখৌ ;দক্ষিণে নামডাং ;পুবে বাঁহগড় ;আৰু পশ্চিমে দিখৌ নদী আৰু নামডাংৰ মিলিত অংশই ৰংপুৰ নগৰৰ সীমা আছিল ৷ৰংপুৰ  বুৰঞ্জীৰ বাখৰপতোৱা এটি গহণা এপদ মুল্যবান অলংকাৰ ৷ চাওল্যুং চুকাফাই আহোম ৰাজ্যৰ বীজ ৰোপণ কৰিছিল চখ্ৰঙ্গফাই (ৰুদ্ৰসিংই )সেই বীজক সাৰ জাবৰ দি বটবৃক্ষৰ দৰে ৰূপ দিলে ৷ৰুদ্ৰসিংহ স্বৰ্গদেউৱে ৰংপুৰ নগৰ পাতি নগৰৰ চাৰিওফালে  ওঠৰ হাত ওখকৈ শিলইটাৰে পকীগড় বন্ধালে ৷নগৰৰ ভিতৰতে ৰজা সমন্বিতে   ডা ডাঙৰীয়া সকলৰ বহাঘৰ ;সজোৱাইছিল ৷ইয়াৰ বাহিৰে বাজগড় মাৰি নগৰ সুৰক্ষিত কৰিছিল ৷এইজনা স্বৰ্গদেউৱে স্বৰ্গদেউৰ মাতৃ সত্যাগ্ৰহী স্বদেশ প্ৰেমী জয়মতীৰ আত্মত্যাগৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ ১৬১৯ শকৰ আঘোণ মাহৰ তিনিদিন যোৱাত জয়সাগৰ পুখুৰী খন্দোৱাইছিল ৷পাৰত জয় দৌল নিৰ্মাণ কৰোৱাইছিল  ৷ইয়াৰ উপৰিও কাৰেংঘৰ ;তলাতল ঘৰ ;নামডাংৰ শিলৰ সাঁকো আদি নিৰ্মাণ কৰোৱাইছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ বৰ ৰঙীয়াল ৰজা আছিল ৷সেই বাবেই এইজনা স্বৰ্গদেউৰ দিনতেই বিভিন্ন খেল ধেমালি য়ে ৰাজকীয় ময্যদা লাভ কৰিছিল ৷হাতীযুঁজ ;শেন যুজ ;কণুৱাৰ যুঁজ ;ম’হ যুঁজ ;বাঘ ভালুকৰ যুঁজ ;ঘৰিয়াল দঁতাল গাহৰিৰ যুঁজ ;মল্ল যুঁজ ;মাল যুঁজ কুকুৰা যুঁজ ;আদিৰ প্ৰচলন আছিল ৷এইবোৰ যুঁজ চাবলৈ ৰজা ঘৰ প্ৰজাঘৰ আৰু ডা =ডা্ঙৰীয়া প্ৰজা সমন্বিতে এনে খেলা চাবলৈ বহিছিল ৷এনে খেলা ধুলাৰ মাজেদি সকলোৰে মাজত ঐক্য আৰু সংহতি স্থাপন কৰাটো প্ৰধান উদ্দেশ্য আছিল ৷এই যুঁজবোৰ উপভোগ কৰিবলৈ ৰংপুৰৰ পথাৰৰ মাজতোএটা চাংঘৰ নিৰ্মাণ কৰোৱাইছিল ৷স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দ্বিতীয় পুত্ৰ প্ৰমত্ত সিংহই ৷স্বৰ্গদেউ সকলৰ দিনত ৰূপহী পথাৰৰ দক্ষিণৰ বৰ আলিৰ দাঁতিত বন্ধোৱা পহুগড় ৷"পহুগড়ৰ ওচৰতে খাৰঘৰীয়া ফুকনৰ বাৰী আছিল ৷স্বৰ্গদেউ সকলৰ দিনত ৰুপহী পথাৰত অনুষ্ঠিত হোৱা ৰাজসিক আনন্দোৎৱৰ (শেণ মেলা )অতি মনোৰঞ্জক খেলা ৷শেন যুঁজৰ বাবে শেন চৰাইক প্ৰশিক্ষণ দি পাকৈত কৰিবলৈ দায়িত্ব দিয়া হয় হৈছিল শেনচোৱা খেলৰ লোকসকলক ৷ৰংপুৰৰ উত্তৰ পশ্চিম কোণত শেনচোবা সকলক বহুৱাই সেই গাঁৱৰ নাম দিছিল শেনচোবা গাঁও ৷ৰূপহী পথাৰৰ দক্ষিণৰ বৰ আলিৰ দাঁতিত বন্ধোৱা গড়টোৰ নাম পহুগড় ৷পহুগড় ৰ ওচৰতে খাৰঘৰীয়া ফুকনৰ বাৰী আছিল ৷দুৱৰিয়নী আলি আৰু পহু গড়ৰ উত্তৰ পুৱ কোণত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ নগৰৰ বহাঘৰ আছিল বুলি জনশ্ৰুতিয়ে কয় ৷ৰূপহী পথাৰৰ ৰংৰ লালী বোৱা ৰূপহীৰ এটা অঞ্চলৰ নিম চলা পথাৰ ৷এই পথাৰ ত ৰণুৱাৰ ৰণ চালি ধৰিছিল ৷কিম্বদন্তি বা জনশ্ৰুতিয়ে কব খোজে আহোম স্বৰ্গদেউসকলে ৰূপহী পথাৰত ৰাজসিক আনন্দোৎসৱ অনুষ্ঠিত কৰিছিল ৷এই?আনন্দোৎসৱত নগৰৰ ভিতৰৰ আৰু বাহিৰৰ প্ৰজাসকলক অংশগ্ৰহণ আৰু উপভোগ কৰিবলৈ ৰজাঘৰৰ তৰফৰ পৰা আমন্ত্ৰণ জনাইছিল ৷জাননী জাৰি কৰি ৷প্ৰতিযোগিতাৰ নিদ্ধাৰিত দিনবোৰৰ সম্পৰ্কে ঢোল পিতি প্ৰচাৰ কৰা হৈছিল যে প্ৰজা সমন্বিতে সকলো বিষয়া ডা-ডাঙৰীয়া ল’ৰা বুঢ়া নগৰৰ বাহিৰৰ ভিতৰৰ গাভৰুৱে মহা উল্লাসে উৎসৱ উপভোগ কৰিব পাৰিছিল ৷তাৰ মাজতে বহু ডেকা গাভৰুৱে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল ৷জনশ্ৰুতি বা ৰূপকথা অনুসৰি  স্বৰ্গদেউৱে ৰংঘৰ উঠি ৰংমেলা উপভোগ কৰি আছিল ...আৰম্ভ হৈছিল গাভৰুৰ নাচ বচা বচা ৰঙিলী গাভৰুৰ নাচোনৰ তালে তালে সকলোৰে গা মন ইচাত বিচাত  ৷লগতে স্বৰ্গদেউৰ মনো ইচাত বিচাত গাভৰু হতৰ লগতে এজনী ৰূপহী নাচনী যেন বহু ব্যতিক্ৰম ৷নাচোন যেন বহু ব্যতিক্ৰম ৷তাইৰ ৰূপ ;লাৱণ্য ;সৌন্দৰ্য ই স্বৰ্গদেউৰ চকু চাট মাৰি ধৰিছে ৷পাছত গোপনে খা খবৰ কৰি গম পালে নাম তাইৰ "ৰুপহী' ৰূপহী নাচনী পাচত ৰূপহীক কাষলৈ মতা হ’ল ৰাজ আদেশত ৷ৰূপহী আহিল মনত শংকা লৈ ভয়ে ভয়ে আঁঠু ললে সাহস নাছিল গাঁৱৰ ৰুপহী নগৰৰ ৰাজকাৰেংলৈ অহাৰ কিন্ত ৰাজ আজ্ঞা৷পাছত আজ্ঞা দিয়া কেৱল মাত্ৰ নগৰৰ কাৰেংলৈ নহয় অন্তেষপুৰলৈ ৷ৰূপহীৰ দায়িত্ব পৰিল স্বৰ্গদেউৰ আলপৈছান ধৰাৰ ৰূপহীৰ ওপৰত ৷গাঁৱৰ নাচনী ৰূপহী হৈ পৰিল স্বৰ্গদেউৰ সোঁহাত লিগিৰী লগতে ৰূপহীয়ে কৰিগ’ল নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা আৰু সততাৰে ৷ৰূপহীৰ শুশ্ৰষাত মুগদ্ধ হৈ স্বৰ্গদেৱে ৰূপহীক পুৰস্কিত কৰিব খুজিলে এটা যাউতিযুগীয়া উপহাৰেৰে ৷সেই উপহাৰ যি খন পথাৰত ৰূপহীয়ে নাচ নাচিছিল সেইপথাৰ খন ৰূপহীৰ নামেৰে নামকৰণ কৰা হ’ল ৷লগতে ৰংপুৰৰ  পৰা ৰূপহীৰ নামত খন্দোৱাই ৰূপহীৰ নামত উৎসৰ্গা কৰা ৰূপহী জান এই খনেই ৰংপুৰৰ বিখ্যাত ৰং ৰহইচ কৰা ঐতিহাসিক পথাৰ শিৱসাগৰৰ ৰংপুৰৰ ৰুপহী পথাৰ (ৰুপহী মঠাডাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক গহীন গগৈলৈ কৃতজ্ঞতাৰে )

(মাদুৰি)