সবিতা বৰুৱা ফুকন
সন্ধ্যা হোৱাৰ আগৰ পৰা মণিয়ে পদূলিলৈ দহবাৰ মান অহা যোৱা কৰিলে। আজি তাই স্কুললৈ ও নগ'ল । আনদিনৰ দৰে মাকেও তাইক আজি একো আপত্তি নকৰিলে। পাকঘৰৰ লগতে সজাই লোৱা থাপনা খন তাই আজি সুন্দৰকৈ মচি সজালে। লাৰুৱা গোসাঁই ফটো খনৰ আগত তিনিপাহ ফুল আৰু দেউতাকৰ ফটোখনৰ আগত তিনিপাহ ফুল দিলে ।
পদূলিতে মাকৰ হাতৰ টোপোলাটো কাঢ়ি লৈ মণি দৌৰমাৰি ভিতৰত সোমালহি।
খপ -জপকৈ মাকে অনা টোপোলাটো খুলিলে। এফালে ধান আৰু আন এফালে কেইটামান চাউল। হঠাতে যেন তাইৰ মনটো ম্লান হৈ পৰিল ।
আজি যে তাই কিমান আগ্ৰহেৰে মাকৰ সেই হাতৰ টোপোলাটোলৈ আশা কৰিছিল ! কিজানি কোনোবাই ধান-চাউলৰ সলনি প ইছাকে দিছে বুলি ।নাই, কোনোৱে দিয়া নাই ।তাই ভাবিছিল, মাকৰ টোপোলাটোত যদি প ইচা পায়, তাৰে এক পেকেট ধূপ কিনিব । আজি কিমান দিন তাই দেউতাকৰ ফটোখনৰ আগত ধূপ নোহোৱাকৈ প্রাথনা কৰি আছে। আজি যেন তাই মনৰ হেঁপাহেৰে প্ৰাৰ্থনা কৰিব । কাৰণ আজি তাই দেউতাকৰ মৃত্যুৰ দিন ।
কিন্ত্ত.... ,কথাবোৰ ভাৱি ভাৱি তাই চকুৰ পৰা চকুপানী বৈ আহিল ।
লাহে লাহে সন্ধ্যাৰ সাজ লাগি আন্ধাৰ নামি আহিল। কানি -মুনি আন্ধাৰে মুন্ধাৰে মণিৰ
মাকে বাহিৰে বাহিৰে বাৰিৰ বাঁহনিৰ কাষলৈ গৈ খৰি কেইডোখৰমান বিচাৰিলে খৰিখিনি পিৰালিটোৰ কাষতে থৈ গাটো ধুই ললে। গা ধুই য়েই খৰিকেইডাল লৈ ভিতৰলৈ সোমাই আহিল। ভিতৰত মণিক মাটিতে আমন -জিমনকৈ বহি থকা দেখি ক'লে, "ভৰি -হাত ধুব হ'ল মণি। আজি প্রাৰ্থনা নকৰ নেকি? তোৰ লগৰ নিতৌ,পুতুহঁতে প্রাৰ্থনা কৰিলেই শুনচোন। মাকে যেন মণিৰ কথাবোৰ বুজিও বুজিবলৈ চেষ্টা নকৰিলে। মাকৰ কথাত তাই মাটিৰ পৰা উঠি ভৰি হাত কেইটা ধুলেগৈ। মাক ইতিমধ্যেই পাকঘৰত সোমাল। ভৰি হাত কেইটা মচি তাই বিছনাত বাগৰি পৰিল। আজি তাই গোসাঁইৰ থাপনাৰ আগত বহি প্রাৰ্থনা কৰিবলৈ আৰু মন নগ'ল ।দূৰৈৰ পৰা নিতু, পুতু হঁতৰ প্রাৰ্থনা সুৰ ভাঁহি আহিল ...."কৃপা কৰা হে হৰি
চৰণত ৰক্ষা কৰি
দিয়া মোক সেৱা
ৰস সাৰ ....।"
মণিৰ লালকাল টোপনি। মাকে ভাত খাবলৈ তুলিলতো তাই সাৰ নাপালে। মাকে অকলে ভাত দুগৰাহমান খাই বিচনালৈ আহিল। দিনৰ দিনটো ভিক্ষা কৰি কৰি ভাগৰত তেওঁৰ গোটেই গাটো বিষে আগুৰি ধৰিছে ।ভৰি দুখন কূট কূটাইছে ।মণিক শিতানৰ গাৰুটোত ভালদৰে শোৱাই তাইৰ কাষতে তেওঁ শুই পৰিল। টোপনি অলপো ধৰা নাই। ভাগৰত ইবাগৰ সিবাগৰ দি আছে। এনে দৰে ৰাতি বহু সময় পাৰ হৈ গ'ল। দূৰৈত কুকুৰৰ ভূক ভূকনি শুনা গ'ল। তেওঁ ঘড়ীটোলৈ চাই দেখিলে সময় ৰাতি দুই বাজিছে ।আন দিনা তেওঁ প্রথমে টোপনি নাহিলেও অলপ সময় ইবাগৰ সিবাগৰ, লোৱাৰ পাছত টোপনিয়ে সাৱতি লয়। অথচ আনদিনাৰ দৰে আজি তেওঁ টোপনি অহা নাই। ঘৰৰ পদূলিৰ সিটো মূৰত থকা শ্মশানখনৰ পৰা ফেঁচা এটাৰ নিউ নিউ মাতত তেওঁৰ গাৰ নোম শিয়ঁৰি উঠিল ।পাতল গৰম কোপোৰখন গাত মেৰিয়াই টোপনি যাবলৈ চেষ্টা কৰিলে। নাই, তথাপি নোৱাৰিলে ।বহুত চেষ্টা কৰি ও তেওঁ আজি টোপনি আনিব পৰা নাই ।মণিৰ বেদনা আৰু দূৰৈৰ পৰা ভাঁহি অহা কুকুৰৰ
ভুকভূকনিয়ে যেন তেওঁৰ মনটো আৰু উদাস কৰি তুলিলে ।
আজিৰ পৰা ন বছৰৰ আগৰ সেই দিনটো তেওঁৰ মানস পটত ভাঁহি উঠিল ।পূৱাই চাকৰিলৈ বুলি ওলাই যোৱা মানৱ শ ইকীয়া উভতি আহিছিল দুভাগ নিশা এখন বগা এম্বুলেন্সত নিথৰ দেহা হৈ। পদূলিত গাড়ীৰ চাইৰেণৰ শব্দই সিহতঁৰ টোপনি ভাঙিছিল । অফিচৰ কামত কেতিয়াবা দেৰি হোৱাৰ দৰে সেই দিনাও দেৰি হৈছে বুলি ভাবিহে তেওঁ শুই পৰিছিল ।
সেই ৰাতিটোৰ পৰা আজিলৈকে তেওঁ ৰাতিৰ আন্ধাৰক ,সহজ ভাৱে ল'ব পৰা নাই। ৰাতি ৰাষ্টাইদি যোৱা গাড়ীৰ হণৰ মাত শুনিলেই তেওঁ বুকুখন উধাতু খায়, মনটো দৌৰি যাব খোজে। কিজানি বা মানৱ সুস্থ শৰীৰে উভতি আহিছে ...
কথাবোৰ ভাৱি থাকোঁতে তেওঁ পদূলিৰ নঙলা ডালত এটা শব্দ শুনিলে। কিহৰ শব্দ হ'ব পাৰে বাৰু ? খিড়িকীখন লাহেকৈ খুলি তেওঁ পদূলিৰ নঙলাৰ ফালে থৰ লাগি চাই ৰ'ল......!!!