Type Here to Get Search Results !

পকীবেৰ নে দলং

 কুইন বৰা




তুমিতো জানাই সখা;
তোমাক যে আৰু কিবা বুজাব লাগিব
মই ভবা নাই এই মূহুৰ্তত,
সৃষ্টিকৰ্তাই সকলো মানুহকে 
একেখিনি আ- অলংকাৰ পিন্ধায়েইতো মৰ্ত্তত পঠিয়ায়,
তাত তেওঁ কোনোদিনেই কৃপনালি নকৰে,
কিন্তু ইয়াতো কিছু কথা নথকা নহয়:
কেতিয়াবা ভাবিছানে বাৰু তুমি?
এখন পকীবেৰ আৰু এখন দলঙৰ 
নিৰ্মান সমগ্ৰীও প্রায় একেই,
কিন্তু বেৰখনে আমাৰ মাজত 
সদায় বিভেদৰ কাম কৰে,
আনহাতে দলংখনেতো আমাক
মৰমৰ দুলেৰে বান্ধি ৰাখে,
তুমি নিশ্চয় ঠিৰাং কৰিব পাৰিছা;
এই জীৱনৰ নাটকখনত তুমি কিহৰ ভাও জুৰিবা
পকীবেৰ নে দলং?