Type Here to Get Search Results !

মুহূৰ্ত

 প্ৰণৱজ্যোতি দুচাদ


জীৱনৰ প্রতিটো মুহূৰ্ত
সাঁচি ৰখাটো ভাল
এই যে মই
আপোনালৈ চাইছোঁ
তাৰ এটা স্নেপ
আপুনিও মোলৈ চাই
হাঁহিব খুজিছে 
নহয় জানো...….…....?
ইয়াৰো এটা স্নেপ

জীৱনৰ বাবে প্ৰয়োজনীয়
এই স্নেপবোৰ
মোৰ অনুভৱী অংগ
সুখ -দুখৰ ছায়াখন বাট
চুই চাব পৰা সোঁৱৰণী

নষ্ট হৈ গলে
পুনৰবাৰ যতনাই লয়
এই স্নেপবোৰ.……....।।