গীতাঞ্জলি দেৱী
নীলকণ্ঠী মানুহৰ তেজৰ প্ৰবাহে-প্ৰবাহে বগুৱা বায় সোণোৱালী সপোন
পিত্তপানীৰে জীয়াই তোলে সীৰলু সী যোৱা শিপা
বতাহত ভাঁহি অহা বৈৰাগী বীণাৰ নিকৰুণ ৰাগত
জীয়াই জীয়াই মৰে সেই সোণোৱালী সপোন
উজানত মৰে সেউজীয়া পিয়াহ
লঠঙা আঙুলিত বিষ লৈ কোঙা হৈ পৰে পিত্ত উক দিয়া মানুহবোৰ
গগণ ফলা নিনাদত খহি পৰে আকাশখন
বিষন্ন অপৰাহ্নত এনেকৈয়ে জাহ যায় উৰ্বৰা শিখা
মূৰ্চিত হৈ বাৰে-বাৰে হেৰায় আখলৰ এচেৰেঙা হাঁহি
নতজানু হৈ উচুপি উঠা সপোন হেৰুৱা মানুহৰ
আত্মাটো থাকে সোণসেৰীয়া উঠন বুকুত
সেয়ে পাহৰিব নোৱাৰি তগ-বগ তেজৰ প্ৰবাহ মৰি-মৰিও জী উঠে
আৰু নিখোঁজ হোৱা সপোনৰ পিছে-পিছে পুনৰ দৌৰে ।