Type Here to Get Search Results !

ক'ৰনা সন্ত্ৰাসে প্ৰাণ কাঢ়িলে

 চিন্ময় ডেকা


         সৌ সিদিনালৈ সি ঠিকেই আছিল। আমি দুয়ো ন'লে-গ'লে লগা বন্ধু। জানোঁছা বৰ্তমান কল্পনাটিত, বিষাদে আৱৰি ধৰে মোৰ বুকু খন, শোকে হিয়া ঢাঁকুৰী কান্দোনত ভাগি পৰিছিলো মৰ্মান্তিক খবৰ টি শুনি। ঠিক কাল সন্ধিয়া ম'বাইলটোত ডাটা অন কৰিছিলোঁ মাত্র। লগৰ সমনীয়াৰ ওৱাটছফটত ষ্টেটাছেৰ উভয় নদী হৈছিল'হি মোৰ ম'বাইলটি। মই হতাশা হৈ থমকি ৰ'লো এটি মাত্র ক্ষনত। তাৰ খবৰটি শুনি। শুনিছো মহামাৰী ক'ৰনাই কাল হ'ল জীৱনত। 
        মই কি কৰোঁ কি নকৰোঁ হ'লত! ফোন এটি কৰিবলৈ মনত অকান্ত অযুত দ্বিধা, মই বলীয়া হৈ পৰিলোঁ। প্ৰকাশ কৰিব নোৱাৰোঁ তাহানিৰ জীয়া প্ৰতিছবি। আজি সেই সময় কণ স্মৃতিত সজীৱ হৈ আছে। মন'লৈ আহিলে নিজেই দুটি অশ্রুৰ পানী নিগৰে। জীৱনটোত কিমান সপোন দেখিছিল সি। ঘৰ খনৰ ডাঙৰ ল'ৰা হোৱা হেতুকে, কঠোৰ শ্রম কৰি হ'লেওঁ সি পঢ়িছিল। কিয়নো নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তান আছিল সি, নিমিষতে স্তব্ধ হৈ ৰ'ল। সপোনৰ ঘৰ খন আজি লঠঙা গছৰ দৰে ছাঁ পৰি গ'ল। সি তাৰ ভনী জনীক'লৈ কিমান সপোন দেখিছিল, নিগাজিকৈ ছবি আকিছিল হৃদয়ত! আজি সকলো চাৰখাৰ। মাক- দেউতাকৰ বুকু সুধা কৰি গ'ল দূৰণিলৈ, মাত এষাৰো দিব নোৱাৰিলে! কি যান্ত্রনা ময় জীৱন।
         এজোপা ৰঙা গোলাপ পাহিৰ দৰে হথাৎতে মৰহি গ'ল। ধৰি ৰাখিবলৈ সাহস কণ, কাৰোৰে সাধ্য নাই যান্ত্রিকতাৰ যুগৰ পৃথিৱীটো, কাল কৰ'নাৰ আগ্ৰাসনত নিমিষতে যেন ধোঁৱাই নিলে এটি জীৱ শ্ৰেষ্ঠ মানুহৰ প্ৰান।