ছায়া বৰুৱা
মানুহৰ জীৱন কোনদিশে ধাৱমান কোন দিশে,
নিৰুপন কৰাতো কঠিন,
হে সৰ্ব গুণাকৰ
ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোতা
এধানিমান মনুষ্যৰ দেহাটোত
কিমান যন্ত্ৰণা দিয়া
পৰিত্ৰাণ কেতিয়া পাম !
হাজাৰ হাজাৰ জীৱৰ আকুলতা মুক্তি দিয়া আমাক ,
যন্ত্ৰণা সহিব নোৱাৰো
তোমাৰ চৰণ যুগলত শতকোটি বাৰ হস্তাংগে কাকুতি
ধ্বংস যজ্ঞৰ পৰা উদ্ধাৰ কৰা ।
জীৱৰ কি বিলাই
নিজে এবাৰ চাক্ষু ফুৰোৱা
কৰ,ণা নামৰ দৈত্যটোৱে
খানিখুচি শেষ কৰিছে
সৰ্বশৰীৰেদি তেজৰ লোতক বৈছে
চাৰিওফালে আৰ্তনাদ
চিৎকাৰ কৰিছে
হে কৰুণাময় , হে দয়াৰসাগৰ
আশাৰে বাট চাইছো
তোমাৰ পৰশত আকৌ
ধৰণী জকমকাই উঠিব
আন্ধাৰ আতৰিব
কোমল ৰ'দ জাকে
মিচিকিয়াই হাঁহিব ।