ৰঞ্জিত চুতীয়া
সুখ নিজৰ মনৰ ভিতৰত সৃষ্ট এক অনুভৱ ###
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°° °°°°°°°°°°°°°°°°°°°°°°
গীতাত শ্ৰীকৃষ্ণই সখা অৰ্জুনক কৈছিল --
"সুখ দুখ সম কৰি যিটো জন।
সেহি ধীৰ বুদ্ধিমন্ত মোক্ষৰ ভাজন।।
অসন্ত বস্তুত কৈতো নাহিকে প্ৰকাশ।
সন্ত বস্তু ভৈলে কদাচিতো নাশি নাশ।।"
অৰ্থাৎ যিজন মানুহক সুখ আৰু দুখবিলাকে কোনো ধৰণৰ কষ্ট দিব নোৱাৰে, যিজন সুখ আৰু দুখ দুয়োটাতে ধীৰ-স্হিৰ তেঁৱেই মোক্ষ লাভ কৰিব পাৰে।
সুখ আৰু দুখ - ই নিজৰ মনৰ ভিতৰত সৃষ্টি হোৱা অনুভৱহে।তথাপিতো আমি সুখৰ সন্ধানত হাবাথুৰি খাই ফূৰোঁ।কিন্তু এইটো সত্য যে দুখৰ মাজতে সুখ লুকাই থাকে।যেনেকৈ পদুম বোকাতহে ফুলে। আনন্দচন্দ্ৰ আগৰৱালাৰ মতে -
"সুখ সুখ বুলি মানুহ বলীয়া
নেদেখে সুখৰ মুখ
সুখ বিছাৰোতে পায় সংসাৰত
দুখৰ উপৰি দুখ।"
সুখ কোনো দুস্প্ৰাপ্য বস্তুও নহয়।মানুহৰ হৃদয়ত অনুভূত হোৱা সৰু সৰু অনুভূতিয়েই সুখৰ অনুভৱ।মানুহে জীৱন পথত মুখামুখী হয় সুখ আৰু দুখৰ।নিজৰ সুষ্ঠ চিন্তা আৰু সৎ মানসিকতাই আমাৰ মনলৈ বিমল আনন্দ আনে।তেতিয়াই আমি মনত সুখ অনুভৱ কৰো।
মূল্যবান জীৱনটোত সুখ পাবলৈ আমি সৰু-বৰ সকলো কথাতে সচেতন হ'ব লাগিব, লগতে আত্মসন্তুষ্টিবোধ থকাটো অতি প্ৰয়োজন।সৰু সৰু সুখবোৰেই মানুহক সুখী হোৱাৰ প্ৰেৰণা যোগায়।যেনেকৈ বহুতো মুকুতামণি লগ লাগিহে এধাৰি মালা হয়।সেইদৰে সৰু-বৰ সুখ লগ লাগি পৰম আনন্দলৈ পৰিণত হয়।কিন্তু আমি ক্ষুদ্ৰ সুখৰ প্ৰতি আগ্ৰহী নোহোৱাৰ বাবেই সুখ অনুভৱ কৰিব নোৱাৰো।
বাট্ৰাণ্ড ৰাচেলৰ মতে - "সুখৰ উৎস হ'ল পৰিশ্ৰম কৰা বা যিকোনো কাম এটাত অনৱৰতে ব্যস্ত হৈ থকা।কাম-বন নকৰাকৈ শুই-বহি থাকি সুখী হোৱাটো একেবাৰে অসম্ভৱ।যেনে ধৰণৰ কামে মানুহৰ স্বাভাৱিক অনুভূতিক আঘাট নকৰে তেনে কাম কৰিয়েই মানুহে আটাইতকৈ বেছি আনন্দ পোৱাটো সম্ভৱ।"ছেনিটিছিৰ মতে - "মানুহে নিজৰ জীৱনত লাভ কৰা সুখ তেওঁৰ নিজৰেই সৃষ্টি অনুভূতি।নিজৰ চেষ্টাৰ বলত মানুহে ইয়াক লাভ কৰে।ই ঈশ্বৰ প্ৰদত্ত বা প্ৰাকৃতিক নহয়।"ছক্ৰেটিছৰ মতে - "আটাইতকৈ সুখী মানুহ হ'ল সেইজন, যিজনে অতি কম বস্তুক লৈয়ে সন্তুষ্ট হৈ থাকিব পাৰে।"দাৰ্শনিক জন টেইলৰে কৈছিল - "জীৱনৰ গধুলি পৰত অতীতলৈ ঘূৰি চাই যি মানুহে ক'ব পাৰে যে, তেওঁ জীৱনটো ভালদৰে কটালে আৰু অনুতপ্ত হ'বলগীয়া কোনো কাম নাই।তেওঁতকৈ সুখী মানুহ আন কোনো হ'ব নোৱাৰে।"বেঞ্জামিন ডিজৰেলিয়ে কৈছিল - "প্ৰতিদিনাই মানুহৰ জীৱনলৈ যিকণ সৰু-সুৰা সুবিধা আহে তাৰ সহায়তেই মানুহে সুখী হ'বলৈ যত্ন কৰিব লাগে।"
কোনোবাই শীত-তাপ নিয়ন্ত্ৰিত অট্ালিকাত থাকিও সুখী হ'ব নোৱাৰে।আনহাতে দুৱাৰে দুৱাৰে মাগি খোৱাজন হতভগা হ'লেও সুখী হ'ব পাৰে। গতিকে দুখৰ মাজতে সুখ নিৰ্হিত হৈ থাকে। জীৱনত ৰোগ, ভয় আৰু মৃত্যুক জিনি আমি পাব পাৰো প্ৰকৃত সুখ।তাৰ বাবে আমাক লাগিব সহনশীলতা আৰু মনৰ প্ৰফুল্লতা।
(ৰজাধাপ, সোণাৰি, চৰাইদেউ)