ৰূপম দত্ত
"এনেকৈ কি চাই আছা? ধুনীয়া লাগিছে মোক?"
লাজ পাই মই চকু
আঁতৰাই আনিলোঁ। মোৰ প্ৰতিটো অনুভূতি টিনাই কোৱাৰ আগতেই গ'ম পাই যায়। আচৰিত....।
"এটা কথা কোৱা, লিখিবানে আজি ? আমি এই লগ পোৱা , আমাৰ এই কথাবোৰ, তুমি আৰু মই , সকলোবোৰক শব্দত বন্দী কৰি পেলোৱা।"
"
টিনা, কিনো কৈ আছা ? মই নোৱাৰোঁ এইবোৰ কাম। কিমান বছৰ হ'ল হিচাপ নাই, না কলম ধৰিছোঁ না কিবা এটা শব্দ লিখিছোঁ।
কেনেকৈ কৈ আছা লিখিবলৈ ?
তুমি দেখোন
ভৱিষ্যত দেখা। কি কৈছে তোমাৰ দৰ্শনে?"
"কিবা দেখিছোঁ কাৰণেই কৈ আছোঁ। মই যি কৈছোঁ
কৰি যোৱা।"
বুকুৰ ভিতৰলৈ এক
গভীৰ চাপ সোমাই আহিল। মনটো কল্পনাৰ এক সাগৰলৈ উৰি গ'ল। যদি লিখোঁ, ক'ৰ পৰা লিখিম ? আৰম্ভণি ক'ৰ পৰা কৰিম ? শব্দৰ ভঁৰাল মোৰ উদং , ক'ৰ পৰা আনিম শব্দ ? আৰু ভাষা ? আছে জানো মোৰ ভাষা ?
"
সকলো আছে তোমাৰ
ওচৰত। ইমান চিন্তা নকৰিবা। অকল লিখি যোৱা। বাকী মই সদায় আছোঁ লগতে।"
পাক ঘূৰণি খাই
মনটো উৰিবলৈ আৰম্ভ কৰিলে। কিবা এক কল্পনাৰ ৰাজ্যত। কোনো কালেও নভবা এক চিন্তাত মই
ডুব গ'লো।
"বহু সময় হ'ল, তোমাক নমাই দিম ঘৰৰ ওচৰত। যাবানে ?"
কল্পনাৰ ৰাজ্যৰ
পৰা উভতি আহিলোঁ। ইফালে সিফালে চাই ক'লো...
"
ব'লা....."
গাড়ী চলিল।
বাইপাছৰ পৰা আমাৰ ৰাস্তালৈ গাড়ী সোমাই আহিল। কিছু দূৰ আহি মোৰ ঘৰৰ আগত গাড়ীখন
ৰখালে। তাই নামি আহিল,
ময়ো নামি
আহিলোঁ। থিয় হোৱাৰ পাছতহে তাইক দেখিছোঁ সম্পূৰ্ণকৈ। চালে চকুৰোৱা চেহেৰা।
সৌন্দৰ্যৰ ভাণ্ডাৰ। সন্মুখৰ পৰা ঘূৰি আহি তাইৰ কাষ পালোঁহি। এক সুন্দৰ হাঁহিৰে
সৈতে তাই মোলৈ চাই হাতখন আগবঢ়াই দিলে। মই তাইৰ হাতখন ধৰিলোঁ। হেণ্ডচেক......।
এক শীতল স্পৰ্শ
দেহৰ মাজলৈ বৈ গ'ল।
"মই যাওঁ, আহিম কাইলৈ। তোমাৰ নম্বৰটো দিয়া।"
মোৰ মোবাইল
নম্বৰটো দিলোঁ।
বাই দি , গাড়ীত বহি তাই গুচি গ'ল। টাৰ্ণিং লৈ গাড়ীখন নেদেখা হোৱালৈকে চাই
থাকিলোঁ।
কিবা এক চিন্তাৰ
মাজেৰে ঘৰৰ ভিতৰ সোমালোঁ। ৰূমলৈ আহি বিচনাত আউজি বহিলোঁ। বাৰে বাৰে টিনাৰ কথাবোৰ
মনৰ মাজত ঘূৰিবলৈ ল'লে। টিনাই এক গভীৰ সাঁচ মোৰ ওপৰত পেলাই থৈ গ'ল।
মোবাইলটো উলিয়াই
অন কৰি চালোঁ। এসোপামান ভাৱনাই মনটোক ঘেৰি ধৰিলেহি। নোটপেদ উলিয়াই বহু সময় বহি ৰ'লো। এটাও শব্দ মনলৈ নাহিল। আকৌ মোবাইলটো বন্ধ
কৰি পাকঘৰলৈ আহি এটা পেগ বনাই ল'লোঁ। একেবাৰতে
পেগটো শেষ কৰি ,
আৰু এটা পেগ
কাঢ়াকৈ বনাই লৈ ৰূমলৈ আহিলোঁ। গান এটা বজাই দিলোঁ....
"
বহুত পেহলে চে
উন কদ'মো কি
আহত জান লেটে হে...."
এই জগদীশ সিঙৰ
গজলে শুই থকা অন্তৰৰ বেদনাবোৰক জগাই তোলে। এনে সময়ত নিজক জানিবলৈ এক ইচ্ছা মনলৈ
আহে। দূৰ দূৰণিলৈ মনটো উৰি যায়। মোৰ মনটো উৰি গৈ সেই গুৱাহাটীৰ কলেজৰ দিন পালেগৈ।
গণেশগুৰি তেতিয়া
বেলেগ আছিল। পল্টনবজাৰৰ পৰা অহা নাইটছুপাৰৰ এসোপামান কাউণ্টাৰ , চাহৰ হোটেল, বহুত দূৰণিলৈ যাব লগীয়া যাত্রীৰে ভৰি থাকে।
এখনৰ পাছত আনখন ছুপাৰ আহে,
যাত্ৰী উঠাই আকৌ
গুচি যায়। মই প্ৰায়ে আহোঁ গধূলি ইয়ালৈ। ফুটপাথৰ এখন ৱালত বহি ঘণ্টাকি ঘণ্টা কটাই
দিওঁ। চিগাৰেট ,
চাহ চলি থাকে।
বাছবোৰ চাই চাই কিবা এক বুজাব নোৱাৰা সুখ পাওঁ। কেতিয়াবা আমনি লাগিলে পল্টনবজাৰৰ
ৰেল ষ্টেচনৰ অভাৰব্ৰীজৰ ওপৰত বহি ৰেল চাই থাকোঁ।
সেই গণেশগুৰিত
প্ৰায়ে এজনী ছোৱালী দেখোঁ। মাকে চাহৰ হোটেল এখন চলাই থাকে। তাই মাকৰ ওচৰতে থাকে, মাজে মাজে আঁতৰি যায়। বৰ ধুনীয়া নহলেও চকুত
লগা এজনী গাভৰু ছোৱালী।
সদায় মোক দেখি
দেখি তায়ো হয়তো মোক অচিনাকি কোনোবা আপোন বুলিয়েই ধৰি লৈছিল। তাইৰ মাকৰ চাহৰ
ঠেলাখনত সদায় মই চাহ খাওঁ। পাছলৈ মই ওচৰলৈ নগ'লেও , তাইৰ হাতত চাহ একাপ মাকে পঠাই দিয়ে। মুখৰ
মাতবোল এদিনো হোৱা নাছিল। চাহ দিয়ে আৰু যায়, কওঁ এক অন্তৰ চুই যোৱা এক হাঁহি তাইৰ দুই
ওঁঠৰ মাজেৰে বৈ যায়। ময়ো হাঁহিৰে তাৰ উত্তৰ দিওঁ।
এবাৰ মোৰ কিবা
অসুখ হৈছিল,
ঘৰলৈ গুচি
আহিলোঁ। প্ৰায় বিশ দিনমানৰ পাছত আকৌ গুৱাহাটীলৈ আহিলোঁ। ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ
ব্যস্ততা ভৰা জীৱনৰ গধূলিবোৰ মই মোৰ মতে জীয়াই থাকিবলৈ শিকিছিলোঁ। সকলোবোৰ থাকিও কোনোবা
এক স্থানত মই যেন খুব অকলশৰীয়া আছিলোঁ। যিটো মই আজিও অনুভৱ কৰোঁ। ৰাতিপুৱাই আহি
গুৱাহাটী পাই ,
ক্লাছ কৰি আবেলি
গণেশগুৰিলৈ আহিলোঁ। নিজৰ স্থানত আকৌ বহি পৰিলোঁ। সেই ছোৱালীজনী নাই, মাকে চাহ বনাই আছে। দূৰণিলৈ যাব লগীয়া
যাত্ৰীৰ ভিৰ চাহ দোকানত। লাহে লাহে বাছবোৰ আহিবলৈ ল'লে, কৃষ্ণলীলা, নেটৱৰ্ক, গ্ৰীনভেলী, পেলিকান, অভিলাশ , মা চাৰ্ভিছ , কেটছ আইজ, ৰাণী, ব্লুহিল..। এইবোৰ দেখি দেখি চিনাকি হোৱা বাছ।
গম পোৱা হৈছিলোঁ কোনখন কোন সময়ত আহিব।
"
দাদা, চাহ....."
মাকে ছোৱালীজনী
পঠাই দিছিল একাপ চাহ দি।
হাঁহি এটা মাৰি
চাহ কাপ ল'লোঁ। তাই কিজানি অলপ সময় ৰৈ আছিল মোৰ ওচৰত, মই বাছৰ প্ৰেমত তাইলৈ মনেই কৰা নাছিলোঁ।
"
বহু দিন নাছিলে ? গা বেয়া আছিল নেকি ?"
ধুনীয়া মাতেৰে
ছোৱালীজনীয়ে মোক সুধিলে।
"
অ' বেমাৰ হৈছিল। ঘৰলৈ গৈছিলোঁ, আজি আহিছোঁ।"
"
ক্ষীণালে
বহুত।"
ইমান ভীৰৰ মাজতো
মোলৈ চকু ৰখা ছোৱালীজনীলৈ ভালকৈ চালোঁ। মোৰ বয়সীয়া ছোৱালীজনী সুঠাম আছিল। নীলা ৰঙৰ
চেলুৱাৰ যোৰ মই চিনি পোৱা হৈছিলোঁ।
"
তোমাৰ নাম কি ?"
"
মমী।"
বিশেষ সুধিব
লগীয়া নাছিল। কিছু সময় কটাই সেইদিনা গুচি আহিছিলোঁ। তাৰ পাছত তালৈ যোৱাটো মাজৰ এক
নিচা হৈ পৰিছিল। আমাৰ মাজত কথোপকথন বাঢ়ি আহিছিল। কথাৰ মাজতেই তাই আঁতৰি যায়। তাই
ঘূৰি অহালৈ ৰৈ থকাটো মোৰ এক নিয়ম হৈ পৰিছিল। কেতিয়াবা ঘূৰি আহে, কেতিয়াবা নাহে। মাজতে প্ৰায় দহ দিনমান তাইক
লগ পোৱা নাছিলোঁ,
তাই অহা নাছিল।
গণেশগুৰি উকা হৈ পৰিছিল মমীৰ অবিহনে। তাই আদৰেৰে আনি দিয়া চাহ কাপৰ অভাৱ অনুভৱ
কৰিছিলোঁ। দহ দিনৰ পাছত তাই আহিছিল। কিবা এক শেঁতা চেহেৰা লৈ। চাহ কাপ আনি মোক
দিছিল।
"
ইমান দিন নাছিলা
?"
"
গা বেয়া আছিল।
হস্পিটেলত আছিলোঁ তিনিদিন। আজিহে আহিছোঁ।"
"কি হৈছিল তোমাৰ ?"
"
নুসুধিব , এতিয়া ভাল পাইছোঁ।"
কিবা এক ৰহস্যত
সোমাই পৰিছিলোঁ। মমীৰ মুখত এনে কথা শুনিবলৈ পাম বুলি আশা কৰা নাছিলোঁ।
আমাৰ কথা
আগবাঢ়িছিল। এটাই আনটোক জনাৰ আগ্ৰহ বাঢ়ি আহিছিল। বিহু আহিছিল। সেইবাৰ ঘৰলৈ নগ'লোঁ। হোষ্টেলত আমি তিনিটা ল'ৰা অকল। বহুত ভাবি এদিন মমীক মাতিছিলোঁ ৰেল ষ্টেচনলৈ।
তাই আহিছিল, ঠিক গধূলি সময়ত। পল্টন বজাৰৰ ফালে মই ৰৈ
আছিলোঁ। হাঁহি এটা মাৰি তাই মোৰ ফালে আগবাঢ়ি আহিছিল। আমি দুয়ো অভাৰ ব্ৰীজৰ মাজত ৰৈ
আছিলোঁ,
বহু দেৰি।
সেইদিনা তাই সেউজীয়া ৰঙৰ এযোৰ চেলুৱাৰ পিন্ধি আহিছিল। পিন্ধনে মানুহৰ ৰূপত অলংকাৰৰ
কাম কৰে। তাইক ধুনীয়া লাগিছিল। তাই নিজকে ধুনীয়াকৈ ৰাখিব জানিছিল।
আগলৈ....