Type Here to Get Search Results !

গছ থাকিলেহে মানুহ থাকিব

 টংকেশ্বৰ বৰুৱা


        'গছ থাকিলেহে মানুহ থাকিব'-- সম্প্ৰতি এটি যেন গতানুগতিক শ্লোগান। গছ থাকিলেহে মানুহ (জীৱকুল) থাকিব অৰ্থাৎ প্ৰকৃতিৰ অনবদ্য অৱদান গছ-গছনিৰ স'তে মানুহে সহাৱস্থান কৰা স্বত্বেও আমি কেইজনেইবা ইয়াৰ মৰ্মাথ উপলব্ধি কৰিছো। বনজ সম্পদ আৰু মানৱ জীৱন পৰস্পৰে পৰস্পৰৰ পৰিপূৰক। অকল সৌন্দৰ্যবৰ্দ্ধন কৰাই নহয় মানৱ সমাজ তথা জীৱকুলক জীয়াই থকাত ইন্ধন যোগোৱা ভিন্ন প্ৰজাতিৰ গছ-বিৰিখ আদিৰ ক্ষেত্ৰত সৰহ সংখ্যক লোক উদাসীন হোৱা কাৰ্য এক প্ৰশ্নবোধক চিন হিচাপে চিহ্নিত হৈছে। জীপাল-উৰ্বৰা চিৰসেউজ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসমত কেইবাটাও দশক জুৰি এচাম সমাজ বিৰোধী চক্ৰই চলাই অহা বন ধ্বংস যজ্ঞই মানৱ সমাজৰ প্ৰতি চৰম প্ৰত্যাহ্বান নমাই আনিছে। বনজ সম্পদৰ সংৰক্ষণ আৰু সংবদ্ধনৰ বাবে চৰকাৰে ৰাজকোষৰ ধন ব্যয় কৰা বিয়াগোম বিভাগ এটা আছে যদিও বাস্তৱ ক্ষেত্ৰত ইয়াৰ নিৰাপত্তা সুনিশ্চিত কৰাত ব্যৰ্থ হোৱাটো সৰ্বজনবিদিত। পৰিবেশ ৰক্ষাত সহায় কৰা গছ-গছনি, হাবি-জংঘল আদি নিটৌ ধ্বংস হোৱাৰ পৰিপ্ৰেক্ষিতত গোলকীয় উষ্ণতা বৃদ্ধি পাই অশনি সংকেত নমাই আনিছে। এচাম ক্ষমতাশালী লোকৰ প্ৰত্যক্ষ অথবা পৰোক্ষ আৰ্শীবাদপুস্ত লোকে সহজে ধন ঘটাৰ মানসিকতাৰে বন ধ্বংস যজ্ঞ চলাই নিয়াত পৰিবেশ ভাৰসাম্যতা নোহোৱা হোৱাৰ উপৰিও ব্যাপক প্ৰদূষণৰ সৃষ্টি হৈছে। গছ-গছনিয়ে আমাক অক্সিজেন দি জীয়াই ৰখা স্বত্বেও ইয়াক প্ৰতিপালনৰ ক্ষেত্ৰত আমি কিমানদূৰ দায়বদ্ধ ? মুঠতে গছে আমাক দিয়া নাই কি? ভিন্ন প্ৰজাতিৰ গছে অক্সিজেন দিয়াৰ উপৰিও ঘৰ-দুৱাৰ, প্ৰয়োজনীয় আচবাব আদি নিৰ্মাণৰ ক্ষেত্ৰত কাঠৰ যোগান ধৰিছে।  প্ৰখৰ ৰ'দত জিৰণি লবলৈ ছাঁ দিছে ; ভূমি অৱক্ষয় ৰোধ আৰু প্ৰাকৃতিক পৰিবেশক সুৰক্ষা আৰু নিৰ্মল কৰি তোলে। বিশ্ব ব্ৰহ্মাণ্ডৰ সমূহ জীৱকুলক জীয়াই ৰখা গছ-গছনি ৰোপণ আৰু সংৰক্ষণৰ জৰিয়তে আৰ্থিকভাৱে স্বাৱলম্বীও কৰি তোলে। ফল-ফুল-ঔষধীযুক্ত গছ গছনিয়ে সকলো দিছে। কিন্তু পৰিতাপৰ বিষয় যে দিনক দিনে গছ-গছনি তথা অটব্য হাবি-জংঘল থকা ঠাই সংকুচিত হৈ বসতিস্থল হিচাপে চহৰ-নগৰ আদিলৈ সম্প্ৰসাৰিত হৈছে। ১৯৭৩ চনৰ ৫ জুনৰ পৰা পালন কৰি অহা 'বিশ্ব পৰিবেশ দিৱস'ৰ দিনাখন সৰ্বত্ৰে গছপুলি ৰোপণ কৰি জনসচেতনা বৃদ্ধি কৰি অহা হৈছে। বিশেষকৈ পৰিবেশ দিৱসৰ দিনাখন  চৰকাৰী আৰু বেচৰকাৰী পৰ্যায়ত লক্ষ লক্ষ গছপুলি ৰোপণ কৰি বিভিন্ন মাধ্যমযোগে প্ৰচাৰ কৰি অহা হৈছে। আনকি বিভিন্ন সভা-সমিতিৰ আয়োজন কৰি গছ-গছনিৰ উপকাৰিতা আৰু জনগণৰ দায়িত্ব ইত্যাদিৰ ক্ষেত্ৰত আলোচনা কৰি এক যোগাত্মক বাতাবৰণৰ সূচনা কৰি অহা হৈছে। কিন্তু ৰোপণ কৰা গছপুলি সমূহ প্ৰতিপালন কিম্বা লালন-পালনৰ জৰিয়তে উপযুক্ত সংৰক্ষণৰ অভাৱত মৰহি যায়। চৰকাৰে বিভিন্ন বিভাগৰ জৰিয়তে লক্ষ লক্ষ টকা ব্যয় কৰি সমগ্ৰ ৰাজ্য জুৰি গছপুলি ৰোপণ কৰি কাৰ্যত পৰিবেশ সজাগতাৰ ক্ষেত্ৰত ব্যাপক জনজাগৰণৰ সৃষ্টি কৰে যদিও পৰ্যাপ্ত সংৰক্ষণৰ অভাৱত ভিন্ন প্ৰান্তত গছ-গছনিৰ অস্তিত্ব বিচাৰি পোৱা নাযায়। লক্ষণীয়ভাৱে সংশ্লিষ্ট পক্ষৰ সদিচ্ছা তথা মানসিকতাৰ অভাৱৰ বাবে বছৰি কোটি কোটি ৰাজকোষৰ ধন খৰচ কৰি ৰোপণ কৰা গছ-গছনি মৰহি যোৱাৰ বিপৰীতে একাংশ প্ৰকৃতিপ্ৰেমী আৰু সমাজৰ শুভ চিন্তকে ব্যক্তিগত প্ৰচেষ্টাত ৰোপণ কৰা গছ-গছনি লহপহকৈ বাঢ়ি অহাটো সৰ্বজনবিদিত। গছপুলি ৰোপণ কাৰ্য ইমান মহৎ কাম যে  'এক বৃক্ষ দশ পুত্ৰ সম' শীৰ্ষক আপ্তবাক্য শাৰীৰ মৰ্মাৰ্থ উপলব্ধি আৰু হৃদয়ঙ্গম কৰিলেই যথেষ্ট। মনকৰিবলগীয়া যে চৰকাৰে কৰিব নোৱাৰা এনে বহু কাম ব্যক্তিগত প্ৰচেষ্টাত কৰি সমাদৃত হোৱা লোক ৰাজ্যখনত বহু আছে। এইক্ষেত্ৰত কাৰ্যত প্ৰকৃতিৰ স'তে সহাৱস্থান কৰা এজন বিশিষ্ট ব্যক্তিত্ব যাদৱ পায়েং। অত্যন্ত কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি মানৱ সমাজৰ কল্যাণৰ হকে বছৰ বছৰ ধৰি গছপুলি ৰোপণৰ জৰিয়তে অভিলেখ গঢ়া সৰ্বজনপ্ৰিয় লোক হ'ল পায়েং। এনে মহৎ কাৰ্যৰ বাবে পদ্মশ্ৰী সম্মানেৰে বিভূষিত মূলাই কাঠনিবাৰী খ্যাত যাদৱ পায়েঙে অৰণ্য গঢ়ি তুলি অৰণ্য মানৱ হিচাপে বিশ্বত খ্যাতি অৰ্জন কৰিছে। তেনেক্ষেত্ৰত নানা প্ৰজাতিৰ ফল, ফুল আৰু ঔষধিযুক্ত গছৰ উপৰিও অসংখ্য মূল্যবান গছ ৰোপণৰ জৰিয়তে নিশ্চয়কৈ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিব পাৰো। প্ৰদূষণমুক্ত সেউজ অসম গঢ়াৰ ক্ষেত্ৰত বনজ সম্পদৰ ওপৰত সাম্প্ৰতিক সময়ত সৰ্বাধিক গুৰুত্ব দিয়াটো নিতান্তই প্ৰয়োজন। এই ক্ষেত্ৰত চৰকাৰ-বন বিভাগ তথা প্ৰকৃতি সন্দৰ্ভত অধ্যয়নপুস্ত লোকে বাস্তৱমুখী পদক্ষেপ গ্ৰহণ কৰি মানৱ সমাজ আৰু জৈৱ বৈচিত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰক।