Type Here to Get Search Results !

ইম'জি আৰু ইম'শ্যন

 মনস্বিনী শৰ্মা 


         বৰ্তমান সময়ত ইণ্টাৰনেট ব্যৱস্থাৰ বাবে পৃথিৱীখন গোলকীয় গাঁৱত পৰিণত হৈছে।বিভিন্ন ছ'চিয়েল মিডিয়া ব্যৱস্থাৰ দ্বাৰা আমি সহজে এজনে আনজনৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিছো।ৱাটচ্‌এপ,ফেচবুক,ইনষ্ট্ৰাগ্ৰাম,ইউটিউবআদিকে ধৰি বিভিন্ন ছ'চিয়েল মিডিয়া ক্ষেত্ৰখনত এজনে আনজনলৈ বাৰ্তা প্ৰেৰণ কৰোতে আখৰৰ সৈতে কিছুমান ইম'জি চিহ্ন প্ৰয়োগ কৰো।এই ইম'জিৰ দ্বাৰা আমি এজনে আনজনৰ আগত মনৰ আৱেগ-অনুভূতিক প্ৰকাশ কৰো।এই ইম'জি সৃষ্টিৰ আঁৰত আছে কিছুমান কাহিনী।
        ইম'জি(Emoji)শব্দৰ উৎপত্তি জাপানী ভাষাৰ পৰা হৈছে। 'E' মানে ছবি আৰু 'Moji' মানে আখৰ।ইংৰাজী ভাষাত ইম'জিৰ অৰ্থ হৈছে চিত্ৰলিপি।১৯৯০ দশকত জাপানী ম'বাইল ফোনত ইম'জিৰ প্ৰথম আৱিৰ্ভাৱ হয়।আপেল(Apple) কোম্পানীৰ আইফোনত ইম'জি অন্তৰ্ভূক্ত হোৱাৰ লগে লগে ইম'জিৰ জনপ্ৰিয়তা বৃদ্ধি হয়।তাৰ পিছত এণ্ড্ৰয়ড আৰু অন্যান্য ম'বাইল ফোনত ইয়াৰ ব্যৱহাৰ হয়।বিশ্বৰ প্ৰথম বহুলভাৱে ব্যৱহৃত ইম'জি জাপানৰ ছিগেটাকা কুৰিটা নামৰ ব্যক্তিজনে ১৯৯৯ চনত সৃষ্টি কৰিছিল।তেখেতে বতৰৰ চিহ্ন,চীনা ভাষাৰ আখৰ,ৰাস্তাৰ চিহ্নবোৰক ইম'জিলৈ ৰূপান্তৰ কৰিছিল।তেখেতে প্ৰথমে নিজেই ১৮০ টা ইম'জি সৃষ্টি কৰিছিল। ২০১০ চনত জাপানৰ ইম'জিবোৰৰ কেইবাটাকো ইউনিক'ডত অন্তৰ্ভূক্ত কৰা হয়,ফলত ইম'জিয়ে এক মান্য ৰূপ পায় আৰু সমগ্ৰ বিশ্বজুৰি ইম'জি ব্যৱহাৰৰ দুৱাৰ মুকলি হয়।ইম'জিৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পায় যে আন্তঃৰাষ্ট্ৰীয় বজাৰ ম'বাইলফোন নিৰ্মাতা আৰু প্ৰতিষ্ঠানে ভিন ভিন দেশ আৰু লোকসংস্কৃতি দৰ্শোৱা ইম'জি যোগ কৰাৰ বাবে ইউনিক'ড সমিতিক হেঁচা দিয়ে।ইউনিক'ডৰ দ্বাৰা নিৰ্ধাৰিত একে অৰ্থবহ ইম'জি প্লেটফৰ্ম অনুযায়ী দেখাত কিছু সালসলনি হ'ব পাৰে,কাৰণ সেই একেটা বস্তুকে বিভিন্ন কোম্পানীয়ে বেলেগ বেলেগ ধৰণৰ ছবিৰে ফুটাই তোলাৰ চেষ্টা কৰে।আপেল কোম্পানীৰ নিয়ম অনুসৰি,কেলেণ্ডাৰ ইম'জিত সদায় জুলাই ১৭ লিখা থাকে বাবে ১৭ জুলাইৰ দিনটো 'আন্তঃৰাষ্ট্ৰীয় ইম'জি দিৱস' নামেৰে উদ্‌যাপন কৰা হয়। Swiftkey-ৰ তথ্য অনুসৰি 'আনন্দৰ চকুপানীসহ মুখ'(😂)ইম'জিটো বিশ্বৰ সকলোতকৈ জনপ্ৰিয় ইম'জি।আমেৰিকান উপভাষা সংস্থাই 'বেঙেনা' (🍆)ইম'জিক আটাইতকৈ উল্লেখযোগ্য ইম'জি হিচাপে ঘোষণা কৰিছে।কিছুমান ইম'জিয়ে সম্পূৰ্ণ জাপানী সংস্কৃতি নিৰ্ভৰ কৰে।কিছু ভাষাবিদে ইম'জিসমূহক ভাৱ প্ৰকাশৰ উৎকৃষ্ট মাধ্যম বুলি মতপোষন কৰিছে।ইম'জিক লৈ 'The Emoji Movie' নামৰ এখন চলচ্ছিত্ৰ ২০১৭ চনত প্ৰকাশ পায়।ইউনিক'ড ৮.০ ত পাঁচটা চিহ্ন পৰিৱৰ্তকৰ যোগ কৰা হয়,ইয়াৰ দ্বাৰা মানৱ ইম'জিৰ গাৰ বৰণ সলনি কৰিব পৰা যায়।(👩➡️👩🏻➡️👩🏼➡️👩🏽➡️👩🏾➡️👩🏿 ইত্যাদি ধৰণে)।তাৰোপৰি একাধিক ইম'জিক লগ লগাই এক নতুন ইম'জি গঠন কৰিব পাৰি।উদাহৰণস্বৰূপে-🙎‍♂️+🙎‍♀️+👧=👨👩👧👩+❤️+👨=👩❤️‍👨 , 👩+👱‍♀️+👧+👦=👩👩👧👦 ইত্যদি।দৈনন্দিন জীৱনত ম'বাইলৰ কী-বৰ্ডৰ দ্বাৰা আমি অনেক ইম'জি ব্যৱহাৰ কৰো।ইয়াৰে কিছুমান ইম'জি আমাৰ ব্যক্তিগতভাৱে প্ৰিয় হয় আৰু কিছুমান ইম'জি আমি সঘনে ব্যৱহাৰও কৰো।পাঠকবৃন্দ, আপোনালোকৰ পছন্দৰ ইম'জি কোনটো বাৰু ?                 ----***--- 
                             (স্নাতক চতুৰ্থ ষাণ্মাসিক,শিৱসাগৰ ছোৱালী কলেজ)