Type Here to Get Search Results !

আহ্বান

 কানন শৰ্মা


ছহিদৰ শণিতেৰে প্ৰদীপ জ্বলাই
ভেটিলোঁ পদপথ সহস্ৰ শতৰুৰ
আই তোমাৰ অসীম সাহত।
আজি কিয় সৰ্বস্ব হেৰুৱালোঁ
দেশৰ মাটিতে নিৰাপদ নহলোঁ।

আই, সোণৰ অসম পুণৰ হবনে
সংস্কৃতিৰ পথাৰখন শুৱনি হবনে
জাতি মাটি ভেটি বিস্ফোৰণ ঘটনা
চিৰন্তন সত্যৰ  বিপ্লৱীৰ ৰচনাখন
বহু যুগৰ ৰাতি অমানুষিক হ'ল।

হেৰৌ প্ৰতিবাদী নায়ক জনগন
প্ৰতিবাদত নুফুলে আইৰ বুকুত
নন্দন কাননত নয়ন কমল
কৰ্ম জীৱনৰ ব্যস্ততাৰ মাজতহে
পাবা বিচাৰি হেৰোৱা শৰীৰটো।

চৌদিশে বিস্তাৰ কৰ্মসংস্থাপন পথ
সোণৰ কঠিয়া ৰোপণ মানসেৰে
আগুৱাই যোৱা চীৰসেউজ ধৰা
লোকলৈ নেপাতি হাত ,কৰ্ম কৰা
কপালৰ ঘাম মাটিত পেলায়।

সিচৰতি হৈ আছে হিৰা মুকুতা
বিচাৰি নাপাঅ তই কোনকুটা
নালাগে বন্দুক বাৰুদ অপশক্তি
অৰণ্য ত্যাগৰ প্ৰস্তাৱ গ্ৰহণ কৰি
জন অৰণ্যৰলৈ আহ উভতি।

হে অসমীয়া, ভাতৃত্ববোধৰ
উদ্ৰেক হলেহে জাগৰণ তীব্ৰতৰ
সম্ফল হ'ব কৰ্মৰ পঞ্জীয়ন।
সেয়েহে জাগা জাগা নৱ অনুজ
ছহিদৰ থাপনাত প্ৰদীপ জ্বলাই।