Type Here to Get Search Results !

ওকণি

 মৃণাল মৃন্ময়


হোমৰ জুইক সাক্ষী নকৰালৈকে ওকণিবোৰ
নিজৰ নিজৰ ঠাইতে আছিল
বীৰা,লিখা, পুজলা মূৰ বগাবলৈ
সাহস কৰা নাছিল কোনেও
হোমৰ জুইত পানী চটিওৱাৰ পিছত
মাহ হালধিৰ সুগন্ধি দেহৰ পৰা
নাকত নলগা হোৱাৰ পিছত
ফিচিঙা- ফিচিঙকৈ ওকণিৰ সভা বহে
ওকণিবোৰে ইঘৰত-সিঘৰত সভা পাতে 
একবিংশ শতিকাৰ মোবাইল যন্ত্ৰতো
ওকণিবোৰৰ সভাৰ সংযোগ হয়
আমাৰ মূৰক কেন্দ্ৰ কৰি
ওকণিবোৰে কথাৰে জপিয়াই ফুৰে
সভা পাতি মূৰৰ ঘি পি থাকিলে 
ওকণিবোৰৰ খাদ্য হজম নহ'লেও 
মনবোৰ শান্ত হৈ থাকে
প্ৰতিবাদৰ ঘন ফণিখন উলিয়ালেহে বিপদ
লিখা পুজলা নিলগত থাকে
বীৰাই আহি আগভেটা দিয়ে।

চেম্পুৰে নিশেষ কৰিব পৰা ওকণি নহয় ওকণিবোৰ
কিছুমান আপোন কিছুমান পৰৰ কিছুমান ওচৰৰ।