গীতাঞ্জলি দেৱী
(১)
ভূমিপুত্ৰৰ আকুল প্ৰাৰ্থনাত
আকাশখনে দুহাত মেলি সাৱটি ল'লে পৃথিৱীক
সেয়ে নিবিড় প্ৰেমেৰে আকাশখন সেউজীয়া
সুখবোৰে নাওঁ মেলি উজাই আহিছে ফুলে-তেজে উথলি উঠা তেজৰ সোঁতত ।
(২)
আকাল দিনৰ ভাগৰুৱা আত্মাক নিচুকাব পৰাকৈ মদৰুৱা লঠঙা আঙুলিত সাৰ পায় এটি সপোনে
দেহ-দৈয়াঙত এটি বনগীতৰ উজান-ভাটি
কেতেকীপহীয়া আঙুলি মেলি
লাহ দি উঠে জোনাকী জীৱনে ।