Type Here to Get Search Results !

সপোনৰ শেষত◆◆◆◆◆(2)

 ৰূপম দত্ত


এজন মানুহ তেতিয়াই পূৰ্ণ হয়, যেতিয়া তেওঁ বিচৰা সকলোবোৰ হাততে পায়। জীৱনত দেখি থকা সপোনবোৰ যেতিয়াই এটা এটাকৈ দিঠকত পৰিণত হয়, তেতিয়াই এজন মানুহ পূৰ্ণ হৈ উঠে। 
এইয়া আমাৰ মনোভাব। সাধাৰণতে মানুহ এজন কেতিয়াও পূৰ্ণ হ'ব নোৱাৰে। প্ৰতিজন মানুহ ক'ৰবাত কিবা এটা বিষাদ মনত কঢ়িয়াই ফুৰে। যেন সকলো থাকিও কৰবাত কিবা এটা নাই। এই নথকা খিনিয়েই হ'ল মানুহ জীয়াই থকাৰ সম্বল। কিবা এটা নেদেখা বস্তুৰ পাছত গোটেই জীৱন দৌৰি ফুৰাটোৱেই হ'ল আমাৰ ভাৱনা, আমাৰ চিন্তা। আৰু এই আমাৰ নথকা খিনিয়েই আমাক বুজাই দিয়ে, আমি কোন !
মোৰো এটা সময়ত সকলো আছিল। সমাজত এক স্থান আছিল। কিবা এষাৰ কলে শুনা মানুহ আছিল অথবা শুনিছিল। লাহে লাহে মোৰ সকলো হেৰাই গ'ল। মোৰ চিনাকি হেৰাই গ'ল। এইখিনি মই সহিব পাৰিছিলোঁ, মোৰ ভুলৰ বাবে এই অৱস্থা বুলি মানি লৈছিলোঁ। 
কিন্তু অসহনীয় হৈ পৰিছিল মোৰ বাকী হাৰবোৰ। সংগবোৰ আঁতৰি গৈছিল, সামাজিক কাৰ্যবোৰত মোৰ প্ৰয়োজন নোহোৱা হৈছিল। এইবোৰেই মোক এক চৰম হতাশালৈ লৈ গৈছিল। এনে ভাৱ মনলৈ আহিছিল যেন এই পৃথিৱীত মোৰ কৰণীয় সকলো শেষ। এই দুনীয়াত মোৰ প্ৰয়োজনেই শেষ।
জীৱনটোৰ প্ৰতি অনীহা এক ভাৱ আহি গৈছিল। ঘৰৰ পৰা বাহিৰলৈ ওলোৱা বন্ধ হৈ পৰিছিল। পাঁচখন মোৰ নাইটছুপাৰ নোহোৱা হৈ পৰিছিল। হোটেল বন্ধ, মাংসৰ দোকান বন্ধ। 
মোৰ ৰূমৰ ভিতৰত মই এখন পৃথিৱী বনাই লৈছিলোঁ। মোবাইলৰ জগতত নিজকে খাপ খুৱাই লৈছিলোঁ। আন্ধাৰ হোৱাৰ পাছত এনেই অকণমান ওলাই যাওঁ। খোজ কাঢ়ি বহু দূৰলৈকে যাওঁ। চিগাৰেট, চাদা, মদ মোৰ লগ। এনেকৈয়ে দিনবোৰ পাৰ কৰি আছোঁ, মোৰ অন্তিম সময়ৰ বাবে। নিজৰ প্ৰতি মায়া, মৰম প্ৰায় নোহোৱা হৈ আহিছে।
এদিন গধূলি ওলাই গৈছিলোঁ। বাইপাছ পালোগৈ। ডাঙৰ পিপল গছজোপাৰ গুৰিটো পকাৰে আগুৰা। তাতেই বহু সময় বহি থাকোঁ। সেইদিনাও তাতেই বহি আছিলোঁ। তেনেতে এখন গাড়ী আহি মোৰ কাষতে ৰ'ল। মই মন কৰা নাছিলোঁ।
" ৰূপ দা ন' আপুনি ?"
মূৰ ঘূৰাই চাই দেখিলোঁ, এজনী ধুনীয়া ছোৱালী মোৰ কাষত ৰৈ আছে। চেলুৱাৰ পিন্ধা ছোৱালী জনী দেখি মই আচৰিত হৈ পৰিলোঁ, ইমান ধুনীয়া !!!
" হয়, কওঁক..."
" অলপ কথা আছিল। আহক মোৰ গাড়ীত বহক। অলপ ফুৰি আহিম।"
" কি আছিল কওঁক, ইয়াত একো প্ৰব্লেম নাই।"
"আহক না, প্লিজ।"
লাহেকৈ উঠি মই গাড়ীখনৰ আগফালৰ ছিটত বহিলোঁ। 
ছোৱালীজনী ড্ৰাইভিং ছিটত বহি গাড়ী চলাই দিলে। নিৰ্জন বনাই থকা বাইপাছৰ মাজেৰে গাড়ী গৈ আছে।
" মোৰ নাম টিনা। টিনা বৰা।"
"মই চিনি পোৱা নাই আপোনাক।"
"আপুনি পূজা বাছৰ মালিক আছিল ন'?"
বাছৰ নাম শুনি বুকুৰ মাজেৰে এক ধুমুহা পাৰ হৈ গ'ল। কিয় জানো আজি কালি বাছৰ নাম কলেই মোৰ বিতৃষ্ণা লাগে। সেই বাছেই মোৰ সকলো উৰুৱাই লৈ গ'ল। এৰি থৈ গ'ল লাজ , অপমানেৰে ভৰা এক কংকাল সদৃশ জীৱন।
" অ'...."
" মোৰ ঘৰ নাৰায়ণপুৰত। মই সদায় আপোনাৰ বাছতেই অহা যোৱা কৰিছিলোঁ। চাকৰি তিনিচুকীয়াত। অহা যোৱা চলিয়েই থাকে। হঠাৎ পূজা বাছ নোহোৱা হৈ গ'ল। মই আচৰিত। লক্ষীমপুৰৰখন আপুনি চলাইছিল। মোৰ বাবে আপুনি এজন অতি চিনাকি মানুহ হৈ পৰিছিল।"
কি কম মই ভাবি নাপালোঁ। এনেবোৰ কথা শুনিলে নিজকে আৰু তলৰ যেন ভাৱ হয়। 
" আপোনাৰ বিষয়ে জানিবলৈ বৰ মন গৈছিল। মই সুধি সুধি আহি আপোনাৰ ঘৰ পালোঁহি। কিন্তু দুদিন আহি দুৱাৰত তলা দেখিলোঁ। ওচৰৰ দোকানবোৰত সুধিলোঁ, তেতিয়া গম পালোঁ, যে আপুনি গধূলি এই ফালে ওলাই আহে।"

মোক বিচাৰি অহাৰ কাৰণটো মই ভাবি উলিয়াব নোৱাৰিলোঁ। ভিন্ন লাইনত ভিন্ন কথা চিন্তা কৰিলোঁ, কিন্তু  মোৰ প্ৰয়োজনীয়তা কি , বিচাৰি নাপালোঁ।
" দুদিন আহি , আজি আপোনাক পালোঁহি। সেইয়া মই দেখা ৰূপদা আৰু এই ৰূপদাৰ মাজত বহুত পাৰ্থক্য দেখিছোঁ। চুলি জপৰা, নকটা দাড়ি , ইমান ক্ষীণ কেতিয়াও নিমিলে সেই বাছত দেখা হেণ্ডচাম ল'ৰাটো।"
অস্বস্তি অনুভৱ এটা আহিল। মই নিবিচাৰোঁ কাৰো লগত মোৰ এই হাৰি যোৱা জীৱনটোৰ কথা পাতিবলৈ।
" হয় এনেকুৱা। হ'ব পাৰে মানুহৰ। বেয়া নাপাব , মই এই বিষয়ে একো পাতিবলৈ বিচৰা নাই। কি কথা আছিল কওঁক।"
কিছু সময় তাই চুপ হৈ ৰ'ল।

তাইৰ মৌনতাই মোক অলপ সাহস দিলে। মন কৰিছোঁ তাইৰ গাড়ীৰ স্পীদ বহুত বাঢ়ি গৈছে। এটা শংকা মনৰ মাজলৈ সোমাই আহিল। তাইৰ মুখলৈ চালোঁ, তাই গাড়ী চলোৱাত ব্যস্ত।
" কিবা ক'ব ?"
" ক'ম, ইমান বিচাৰি বিচাৰি পাইছোঁ আপোনাক। বহুত কথা আছে।"
স্পীদ আকৌ কমি আহিল। 
" এটা কথা কওঁক। কি ভাবিছে আপুনি ? এজনী ছোৱালীয়ে এজন ল'ৰাক এনেকৈ বিচাৰি ফুৰাৰ কাৰণ ? মই কোন ? কিয় আহিছোঁ ?"

হয় , মই ভাবিছোঁ, ভাবিবই লাগিব। আৰু বেলেগ কি কথা আহিব পাৰে মোৰ মনলৈ ?

" কিয় আহিছে মোক লগ কৰিবলৈ , সেইয়া কওঁক।"
এটা মিচিকিয়া হাঁহি তাইৰ ওঁঠৰ মাজৰে বৈ গ'ল। গাড়ী চলি আছে। 
" ৰূপদা , এটা কথা কওঁ ?"
"কওঁক...."
" এদিন মোৰ গা খুব বেয়া আছিল। সেইদিনা আপুনি তিনিচুকীয়াৰ পৰা নাছিল বাছত। মই ঘৰলৈ গৈছিলোঁ। যোৰহাটত  আপুনি উঠিছিল বাছত।"

মনটো অতীতলৈ উৰা মাৰিলে। ৰিণিকি ৰিণিকি মনলৈ আহিছে, এনে এক ঘটনা। যোৰহাটত মই বাছত উঠি ড্ৰাইভিং ছিটত বহিছিলোঁ। বুঢ়া কোঁৱৰ দা আছিল। তেওঁ ওপৰত উঠিলে শুবলৈ। শোৱাৰ আগতে কৈছিল...
" বুজিছা, পাঁচ নম্বৰ ছিটত ছোৱালী এজনী আহিছে। আমাৰ গাড়ীতেই সদায় অহা যোৱা কৰে। তাইৰ গা খুব বেয়া। বোকাখাটত কেবিন খালি হ'লে তাইক লৈ আনিবা। লম্বো ভাইটিক কৈছোঁ। কম্বল এখন দি শুৱাই থবা।"
হ'ব বুলি মই বাছখন ডবাই দিলোঁ। আন্ধাৰ ফালি গতি কৰিছে, যেন এখন ৰকেট।

বোকাখাটত মানুহবোৰ নমাই দিলোঁ, কেবিন খালি হৈ পৰিল। 
" ভাইটি, পাঁচ নম্বৰৰ ছোৱালীজনীক লৈ আন। ইঞ্জিনৰ ওপৰতে শুৱাই দে।"
দেৰি নালাগিল , ভাইটিয়ে গৈ তাইক লৈ আনিলে। ইঞ্জিনৰ ওপৰত শুৱাই দিলে। চকুত লগা এজনী ছোৱালী। মনত দুখে চুই গ'ল, ইমান ধুনীয়া ছোৱালীজনীৰ ইমান গা বেয়া।
" কি হৈছে আপোনাৰ ?"
" গোটেই গাৰ বিষ, জ্বৰ। মুখখন তিতা তিতা লাগি আছে। খুব বেছি মুৰ বিষাইছে।"
কোমল তাইৰ মাতত তাইৰ অসুস্থতা ধুনীয়াকৈ ধৰা পৰিছে।
" অলপ শুই দিয়ক ইয়াতে। কিবা বেছি বেয়া লাগিলেই ক'ব। নতুন কম্বল আছে লৈ লওঁক।"
তাই শুই দিলে, ভাইটিয়ে কম্বলখন তাইৰ শৰীৰৰ ওপৰত মেলি দিলে। ধুনীয়াকৈ তাই টোপনি গ'ল। বৰগাং পাই, মই ওপৰত উঠিলোঁ শুবলৈ, কোঁৱৰদাই বাছ চলালে। নাৰায়নপুৰত তাইক ঘৰৰ মুখতে নমাই , বাছ লক্ষীমপুৰলৈ গ'ল। 
লাহে লাহে তাই আমাৰ মনৰ পৰা আঁতৰি গৈছিল। কিয়নো তাৰ কিছু দিনৰ পাছতেই মোৰ বাছ বিক্ৰী হৈ গৈছিল।
তাৰ পাছতেই মোৰ এই অৱস্থা। হতাশা ভৰা এক জৰাজীৰ্ণ জীৱনলৈ মই সোমাই আহিলোঁ। 
" অঃ আপুনিয়েই আছিল ? তাৰ পাছতেই মোৰ বাছবোৰ বিক্ৰী কৰি দিছিলোঁ। পাহৰিয়েই গৈছিলোঁ সেইবোৰ সোণালী দিনৰ কথা।"
"মই নাই পাহৰা। নাপাহৰো। মই সেইদিনা নামি যাওঁতে আপোনাক চাইছিলোঁ, গভীৰ টোপনিত আপুনি আছিল। আপোনাৰ শুই থকা মুখখন আজিও মই পাহৰিব পৰা নাই। সেইদিনা প্ৰথম অনুভৱ হৈছিল ড্ৰাইভাৰ সকলো মানুহ। আপোনাৰ টোপনি দেখি মোৰ হিংসা হৈছিল, সেই ছিটত মোৰো এবাৰ উঠি শুবলৈ মন গৈছিল।"
হাঁহি এটা মাৰি তাইলৈ চালোঁ। নাই , অলপো কৃত্ৰিমতা নাই তাইৰ কথাত।

" এটা কথা কওঁ, মই পূজাত অকল আপোনাক চাবলৈ যাওঁ। কিমানবাৰ যে যোৱাটো এদিন পিছোৱাব লগীয়া হৈছিল, আপোনাৰ লগত দিন মিলাবৰ বাবে।"

আচৰিত হোৱাৰ সময় মোৰ। ইমান কিনো আছিল মোৰ, যাৰ বাবে মোক চাবলৈ এই এনেকৈ আহিছিল ? 
" আচলতে মই জানিছিলোঁ, আপোনাৰ বেয়া দিন আহিবলৈ বেছি দিন নাছিল। জীৱনৰ কোনোবা এক সময়ত মই আনৰ ভৱিষ্যত দেখা পোৱা হৈছিলোঁ। সেই সময়ত আপোনাৰ বেয়া দিন আৰম্ভ হৈছিল। কিন্তু কোনো উপায় নাছিল আপোনাক ৰখাবলৈ। কিন্তু এটা কথা জানি ভাল লাগিছিল, আপুনি বেলেগ কিবা এটা কৰিবলৈ গৈ আছে। কোনো মানুহৰ কুণ্ডলী বা হাতৰ ৰেখা নাচাও মই। কিন্তু মোৰ দেউতা এজন ডাঙৰ জ্যোতিষী আছিল। দেউতাৰ পৰা বহুতখিনি শিকিছিলোঁ মই। দেউতাক কৈছিলোঁ আপোৱাৰ কথা। দেউতাই কৈছিল, যি হ'ব ভাল হ'ব তাৰ বাবে। মানুহৰ জীৱনৰ এখন দুৱাৰ বন্ধ হ'লে আন এখন দুৱাৰ খোল খাই যায়।"

ৰহস্যৰ গভীৰতাত মোৰ স্থান তেতিয়া। এসোপামান সাঁথৰ মোৰ চাৰিওকাষে ঘূৰিবলৈ ল'লে। কি আচৰিত সংযোগ এইয়া ??

"ৰূপদা, আপোনাৰ প্ৰতি কিয় জানো মোৰ দুৰ্বলতা আহি গ'ল। ভাল পাওঁ নে প্ৰেম কৰোঁ নাজানো। কিন্তু গভীৰৰ পৰা গভীৰলৈকে আপোনাক জানিবলৈ মই পগলা হৈ পৰিলোঁ।  একোতে মোৰ মন নবহা হ'ল, দিনে ৰাতিয়ে অকল আপোনাৰ ভৱিষ্যত চোৱাত মই ব্যস্ত হৈ পৰিলোঁ। 
নাজানো , কি সুখ পাওঁ এই কাম কৰি। এক অনাবিল শান্তিয়ে বুকুখন জুৰাই যায়। আপুনি লাহে লাহে মোৰ নিচা হৈ পৰিল। আপোনাক ধ্যান কৰাটো মোৰ দৈনন্দিন কাম হৈ পৰিল।"

মই আচৰিত হৈ তাইলৈ চাই আছোঁ। মোৰ সকলো চিন্তাশক্তি সংকুচিত হৈ আহিল। এক আচৰিত ছোৱালী জীৱনত প্ৰথম বাৰৰ বাবে লগ পাইছোঁ।
" জানে, আপোনাৰ ভৱিষ্যত এখন ফৰকাল আকাশ হৈ আছে। আপোনাৰ জীৱনৰ সকলো সপোন তাতেই আছে, তাতেই ফলিয়াব। তাতেই আপুনি পূৰ্ণতা পাব। ইণ্টাৰেষ্টিং কি জানে ? সেই আকাশত  জোনবাই হিচাপে মই মোক দেখিছোঁ।"
মই লাহে লাহে সপোনৰ দেশত উৰিবলৈ আৰম্ভ কৰিছোঁ। কেনেকৈ সম্ভৱ ? এই অৱস্থাৰ পৰা আকৌ মোৰ সোপোন দেশলৈ যাব পাৰিম ? সকলোবোৰ নিমিষতে উৰি ধোঁৱা হৈ নাইকিয়া হৈ পৰিল। মনটো মোৰ বিষন্ন হৈ পৰিল। এই পৰিবৰ্তন টিনাৰ চকুত নপৰাকৈ নাথাকিল।
" সকলো মই দেখা মতেই হৈ আছে। আপুনি ভাবিছে চাগে, কেনেকৈ সম্ভৱ ? কোনে সেই সপোন দেশলৈ আপোনাক টানি নিব ? হা হা হা.......আচৰিত কি জানে, কাৰো সহায় নোলোৱাকৈ আপুনি নিজে নিজে সেই স্থান পাব।"
" আপুনি , কি কৈছে ? মই হেৰাই গলোঁ। মই মোকেই বিচাৰি নোপোৱা হলোঁ। শৰীৰৰ ভিতৰৰ জানটোৰ বাদে আৰু মোৰ একো নাই। মই এক পৰাজিত মানুহ। অকল পৰাজয়, অকল হাৰিছোঁ। সকলোতে হাৰিছোঁ, অকল হাৰিছোঁ। ঘিণ লাগে নিজকে।"
মুখখনত দুইখন হাতেৰে হেঁচি ধৰিলোঁ। হৃদয়ৰ পৰা এক কান্দোন ওলাই আহিল। হুকহুকাই কান্দি উঠিলোঁ।
কিছু সময় কান্দি ভাগৰি পৰিলোঁ, চকু নাক মচি আগলৈ চালোঁ। গাড়ী চলি আছে।

" জোনবাই আপুনি ? কি পাব এই ৰূপৰ ওচৰত ? কিজানি ইমানেই চেপি পেলালে ভগৱানে মোক, মৰম দিবলৈয়ো মোৰ মৰমৰ অভাৱ হ'ব। মই আঁতৰি আহিছোঁ , সকলোৰে পৰা। নিৰ্জনতা মোৰ লগ, আন্ধাৰ মোৰ প্ৰিয়। নিচা মোৰ সংগ। এনে সময়ত তোমাৰ এই কথাবোৰৰ মই কোনো যুক্তি দেখা নাই। এতিয়া মোৰ কাম এটাই, মোৰ সমাপ্তি নিজ চকুৰে চোৱাটো। ইয়াতকৈ মই বেলেগ আৰু একো ভাবিব নোৱাৰোঁ।"
" নক'ব তেনেকৈ। প্ৰতিখন দুৱাৰ বন্ধ হোৱাৰ পাছত প্ৰকৃত দুৱাৰখন মেল খাইছে আপোনাৰ বাবে। মই আছোঁ দাদা। মই আছোঁ আপোনাৰ লগত। সদায় থাকিম।"
গাড়ীখনৰ স্পীদ বাঢ়ি গৈ আছে। চকু মাইল মিটাৰলৈ গ'ল। এশ চল্লিছ স্পীদত গাড়ী চলিছে। নতুনকৈ বনোৱা বাইপাছ। গাড়ীৰ আহযাহ নাই। মাটিৰ প্ৰকাণ্ড পাহাৰ বনাই ৰাস্তাৰ দুই মূৰ বন্ধ কৰি থোৱা আছে। আৰম্ভ কৰিব সোনকালে।

"ৰূপদা, আমি কথা পাতিম, সদায়। বহুত বহুত কথা, মই কৈ যাম, আপুনি লিখি যাব। চাব, তাৰ মাজতেই এক কাহিনী ওলাব। সেয়াই হ'ব আমাৰ কাহিনী।"

আগলৈ....