Type Here to Get Search Results !

সম্পাদকীয়

 সম্পাদকীয়


** শিশুৰ প্ৰশ্ন, জেষ্ঠৰ উত্তৰ…
শিশুৰ এটি সহজাত প্ৰবৃত্তি ডাঙৰক যি কোনো প্ৰশ্ন সোধা। সেয়ে আমি জেষ্ঠ সকলে বহু সময়ত শিশুৰ প্ৰশ্নবোৰৰ মুখামুখি হও। এনে সময়ত আমি সাধাৰণতে কেনে ভূমিকা গ্ৰহণ কৰো তাৰ ওপৰতে নিৰ্ভৰ কৰি শিশু আগলৈ মন-মানসিকতা গঢ় লয়। 
১) আমি শিশুৰ প্ৰশ্ন সমূহক অধিক ভাৱেই গুৰুত্ব দিয়া প্ৰয়োজন। শিশু জিজ্ঞাস প্ৰবৃত্তি বিকাশ কৰিবলৈ তেওলোকক প্ৰশ্ন কৰাৰ মানসিকতা এটি গঢ়ি তুলিবই লাগিব।
২) প্ৰতি শিশুৰ প্ৰশ্নৰ সঠিক আৰু শুদ্ধ উত্তৰটোহে দিব লাগে, যদি জ্ঞাত নহও তেতিয়া পাছত শুদ্ধ ৰূপত দিয়া কথা অৱগত কৰিব লাগে।
৩) শিশুৰ আগত আমি কিবা কৰোতে বা কওতে ভুল হ'ব পাৰে। নিজকে ভুল বুলি জানিব পাৰিলে প্ৰয়োজন সাপেক্ষে sorry বুলি ক'ব পাৰিলে ভাল।
৪) শিশুৰ প্ৰশ্নৰ উত্তৰৰ পৰা পলায়নবাদী মনোভাৱ ল'ব নালাগে। যিমানখিনিলৈকে উত্তৰ দিব পাৰি সিমানখিনি লৈকে দিবলৈ যত্ন কৰিব লাগে।
অৰুণ কোঁৱৰ
সম্পাদক-সমলয়
৭/৬/২০২১