Type Here to Get Search Results !

ছশ বছৰীয়া গৌৰৱউজ্জ্বল আহোম ৰাজত্বৰ অন্য এজন ৰাজমন্ত্ৰী কনচেং বৰপ্ৰাত্ৰ গোহাঞি

দীপজ্যোতি বৰ গোহাঞি



   সৌমাৰ খণ্ডত আহোম ৰাজত্ব আৰম্ভ  হোৱাৰে পৰা স্বৰ্গদেউ চাওলুং চুহুংমুংৰ দিনলৈকে মাত্ৰ দুজন ডাঙৰীয়া বুঢ়া গোহাঞি আৰু বৰ গোহাঞি হে আছিল ৷চুহুমুং স্বৰ্গদেউৰ দিনতে  বৰপ্ৰাত্ৰ গোহাঞি বুলি  পদৱীৰ সৃষ্টি কৰি আহোম ৰাজ্যৰ স্বৰ্গদেউ "সোণৰ চৰু আৰু মন্ত্ৰী তিনি গৰাকী তিনিটা উধান বুলি ৰাজকাৰ্য চলাইছিল ৷স্বৰ্গদেউ চুহুংমুংৰ দিনতেই কনচেং বৰপাত্ৰ গোহাঁইক ডাঙৰীয়া পতাৰ পৰা আৰম্ভ কৰি আহোম ৰাজত্বৰ শেষলৈকে মুঠ ৩৩ জন বৰপাত্ৰ গোহাঞিয়ে বিষয় বাব খাইছিল ৷এই বিষয় বাব পুৰুষানুক্ৰমে চলি অহা যদিও এই ৩৩ জন বৰপাত্ৰ ডাঙৰীয়াৰ কনচেং বৰপাত্ৰ গোহাঁইৰ পৰা বঢ়া নগা বৰপাত্ৰ ফৈদৰে নাছিল ৷চুচেংফা ;চুৰমফা ;চুত্যিংফা স্বৰ্গদেউৰ দিনত মৰাণৰ লাকু বৰপাত্ৰ ;শিৱসিংহৰ দিনত  কালুগঞা নটৰ হৰিনাথ ;ৰাজেশ্বৰ সিংহৰ দিনৰ লেচেঙীয়াল পাতৰৰ মণি ;গৌৰীনাথ সিংহৰ দিনত মৰাণৰ পাতৰ আনি আৰু চন্দ্ৰকান্ত সিংহৰ দিনত ধনী বৰপাত্ৰ হৈছিল ৷নৰীয়া ৰজাৰ দিনত  টেমা বানচেঙীয়া পাতৰ ফৈদৰ লোকেও বৰপা ত্ৰগোহাঞি বিষয় বাব খাইছিল ৷কনচেং বৰপাত্ৰৰ পৰা বঢ়া ফৈদ তিনিটা ---নগা বৰপাত্ৰ ;কেন্দুগুৰীয়া বৰপাত্ৰ ;আৰু দিলিহিয়াল বৰ পাত্ৰ ৷এই ফৈদ কেইটা আছিল মৰাণ কালুগঞা ;নট লেচেঙীয়াল ;আৰু বনচেঙীয়া ;কনচেং বৰপাত্ৰ গোহাঞি ডাঙৰীয়া নগা চাঙত নগাৰ ঘৰত জন্ম হৈছিল বাবেই তেওঁৰ ফৈদটোক নগা বৰপাত্ৰ বোলা হয় ৷যদিও কনচেং চ্যাওল্যুং স্বৰ্গদেউৰ পৰিনাতি ৷ ৰাজকোঁৱৰহে ৷বৰপাত্ৰ গোহাঞিৰ জন্ম হৈছিল নগা স্বৰ্গদেউ চুপিমফাৰ দিনত (১৪১৫ শকৰ পৰা ১৪১৯ )১৪১৬ /১৪১৭ মানতে ৷বৰ্তমান চৰাইদেউ জিলাৰ পুৱফালে থকা পাহাৰৰ নামনি অঞ্চল জবকা বানফেৰা ;

বৰহাট লেফেৰা পানীদৈয়া ইত্যাদি অঞ্চল সমুহত আহোম ৰাজত্বৰ চুপিমফাৰ ৰাজত্ব কালত নগা অধ্যুষিত অঞ্চল আছিল ৷চুপিমফা স্বৰ্গদেউৱে নগাৰ খুনবাওলৈ দিয়া সগৰ্ভা চমুৱা কুঁৱৰী গৰাকীক বৰ্তমানৰ বৰপাত্ৰ বাগিছা অঞ্চলতেই মান সন্মানেৰে ৰাখিছিল ৷বৰপাত্ৰ চাহ বাগিছাৰ মাজত থকা কনচেং বৰপাত্ৰ গোহাঁইৰ বাৰী পুখুৰী  আজিও বিদ্যমান ৷স্হানীয় লোকে এই অঞ্চলৰ পুখুৰী কেইটাক নগা কোঁৱৰ পুখুৰী আজিও বোলে ৷কনচেংক বৰপাত্ৰ বিষয় বাব দিয়াৰ ক্ষেত্ৰত তেতিয়াৰ বৰ গোহাঁই আৰু বুঢ়া গোহাঁইয়ে পুৰ্ণ সমৰ্থন কৰা নাছিল ৷যিন ধাৰণা হয় ৷স্বৰ্গদেউৱেহে নিজ ইচ্ছা মতে আপোন পিতৃৰ বীৰ্যৰ সন্তান হেন জানি কনচেংক অনালে আৰু এক দিনা বুঢ়াগোহাঁইকে আৰু বৰগোহাঁইকে  এই বুলি বুলিলে "তোমালোক এই গোহাঁইৰ ৰূপ দুটি উধান আমাক আৰু এক উধান লাগে দুই গোহাঁইয়ে বোলে ==আৰু এক উধান পুৰ্ৱে যে লোৱা নহল এতিয়া কি ৰূপে লোৱা হব ?ৰজা বোলে মোৰ বঙহৰ কনচেংক তোমালোকৰ লগত মান এভাগ দি লোৱা তিনি উধান হওক ৷সিবোৰ বোলে আমি মানুহ দিব নোৱাৰো আমাক লগো নালাগে ৷পাছে ৰাজা খং কৰি বোলে তোমালোকৰ মানুহ নালাগে মই কি কৰিব পাৰো চাওঁ ৷এই বুলি বৰাহী ;লুখুৰাসন যি বৰাই পোৱা এই মানুহকে দুই গোহাঁইতকৈ বঢ়াই দি কনচেংক বৰপাত্ৰ গোহাঁই পাতিলে ৷নাম দিলে ত্যাওঁচুংৰিন ৷তেতিয়াৰে পৰা তিনি গোহাঁইৰ ৰূপে তিনি উধান হল ৷এই কনচেংই বৰপ্ৰাত্ৰ  গোহাঁইৰ প্ৰথম বৰপাত্ৰ ৷তেতিয়াৰে পৰা বৰপাত্ৰ বিষয় বাব চলিল ৷স্বৰ্গদেউ চুহুংমুংৰ ৰাজপাটত  উঠোতে কনচেংৰ  বয়স তিনিবা দুইবছৰ মানহে আছিল ৷কিমান বয়সত আৰু কেতিয়া চুহুংমুং স্বৰ্গদেউৱে কনচেংক নগা পৰ্বতৰ  পৰা আনিছিল ৷আৰু কিমান বয়সত বৰপাত্ৰ ডাঙৰীয়াৰ বিষয়বাব দিছিল সেই কথা জানিব পৰা হোবা নাছিল ৷তেতিয়া হয়টো কনচেংৰ বয়স নিচেই কম আছিল ৷দিহিঙ্গীয়া স্বৰ্গদেউৰ দিনত চুতীয়াৰে আহোম ৰজাৰ যুদ্ধ হৈছিল ১৪২২ শকত তামুলী ফুকনৰ বুৰঞ্জী মতে তেতিয়া কনচেংৰ বয়স মাত্ৰ ৬/৭ বছৰহে ৷কিন্ত সুৰ্য কুমাৰ ভূঞাঁৰ সম্পাদিত অসম বুৰঞ্জীৰ মতে এই যুদ্ধ  হৈছিল ১৪৪৩শকৰ ১৪ আঘোণত তেতিয়া কনচেংৰ বয়স ২৭ বছৰ ৷কেন্দুগুৰীয়া বৰপাত্ৰ গোহাঁই পৰিয়ালৰ পৰিনাতি বুৰঞ্জীবিদ জিতেন বৰপাত্ৰগোহাঞিৰ মতে বৰ্তমান কেন্দুগুৰীৰ পৰা দুইকিল মিটাৰ নিলগৰ দীঝলীবাৰীতে কনচেং বৰপাত্ৰ গোহাঁইৰ বাসস্থান আছিল ৷দীঘলীবাৰীৰ পৰা দুইফাৰ্লং আঁতৰত স্বৰ্গদেউ গদাধৰ সিংহৰ  ৰাজত্ব কালতেই দিহিং সত্ৰই সত্ৰ পাতিবলৈ এটা প্ৰকাণ্ড ভেটি  তুলিছিল আৰু এটা পুখুৰী খন্দাইছিল ৷কিন্ত সেই সময়ৰ দিলিহিয়াল  আছুক বৰপাত্ৰগোহাঁইয়ে গোসাইক সত্ৰ পাতিবলৈ নিদি খেদি পঠাইছিল ৷পুখুৰীটো সম্পুৰ্ণ হবলৈ নাপালে ৷বৰ্তমান এই পুখুৰীটোক "বাপুপুখুৰী "বুলি কোৱা হয়৷কনচেং বৰপাত্ৰ গোহাঁইয়ে দিহিঙ্গীয়া ৰজাৰ দিনত হোৱা আহোম আৰু কছাৰী যুদ্ধৰ সেনাপতি আছিল ৷কনচেং বৰপাত্ৰ গোহাঁইয়ে মুছলমান সেনাপতি তুৰ্বকে আহোম ৰাজ্য প্ৰথম বাৰ আক্ৰমণ কৰি সেই যুদ্ধত আহোমৰ ফনলুং খামপেং বুঢ়া গোহাঁই কে প্ৰমুক্ষ কৰি আঁঠ জন সেনাপতিৰ মৃত্যু হৈছিল ৷আৰু কলিয়াবৰলৈকে অসম জয় কৰে ৷পুনৰ বাৰ তুৰ্বকে আহি অাহোম ৰাজ্য আক্ৰমণ কৰে ৷সেই যুদ্ধতে ফ্ৰা=চেং=মুং বৰগোহাঁই ৰ পত্নী বীৰাঙ্গনা মুলাগাভৰু  ৰণত পৰিছিল ৷তেতিয়া ভগা বৰপাত্ৰ কনচেংক বৰপাত্ৰ পাতি তুৰ্বকৰ লগত যুদ্ধ কৰিবলৈ কনচেংক মাতি পঠাইছিল স্বৰ্গদেউৱে মানুহ পঠাইছিল কিন্ত কনচেং অহা নাছিল ৷ৰাজমাওঁৱে মাতিলতহে আহিছিল ৷পাছে তেওঁকে মুখ্যসেনাপতি পাতি স্বৰ্গদেউৱে আকৌ তুৰ্বকক মাৰিবলৈ পাচিলে "কনচেং বৰপাত্ৰ সেনাপতি হৈ চাতুৰি কৰি মিত্ৰ যেন দেখুৱাই শেষত তুৰ্বকক বধ কৰে ৷বহু বঙালক মাৰিলে বহুতক বন্দী কৰিলে আনবোৰক কৰতোৱা নদীলৈকে খেদি পাৰ কৰি থলে ৷কনচেং লৰালি দিনৰে পৰাই দু:সাহসী আৰু বলী আছিল সেই কথা  কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকনে তেখেতৰ বিখ্যাত কবিতাত উল্লেখ কৰিছে ====যিদিনা জনম হল নগা পাহাৰত ৷বাজিছিল বাদ্যবোৰ  নিজে উলাহত ৷এই কথা স্বৰ্গদেউৱে যেতিয়া শুনিলে শিশুটিক খুজি আনি যতন কৰিলে ৷নগাসকলকো দিলে বহু সোণ ধন ;পাহাৰৰ ভৈয়ামৰ ঘটালে মিলন ৷শিশুটিৰ নাম থলে "কনচেং বুলি দেখুৱালে হেঙদাঙ সন্মুখত খুলি ৷বাঘৰ নেজত ধৰি দলিয়াই দিলে ভুকুমাৰি গোটা বাঁহ দুফাল কৰিছিল ৷সাজত খাইছিল একোটা সুগৰি পহু ৷জাপ মাৰি  পাৰ হল দিচাঙোএদিন ৷বৰ শিলো  দাঙি ধৰিছিল ৷আকৌ আছে কবিতা কোঁৱৰৰ কবিতাত =====স্বদেশৰ  স্বজাতিৰ কাৰণে যুঁজিলো কলঙ্কৰ দাগ মচি ==কাৰনো কান্ধত উঠিছিলো মই ৷কোনেনো দিছিল বিচি ৷কেন্দু গছ থকা বাবে কেন্দুগুৰি আছিল জাগ্ৰত আছিল ===শনিবাৰে হলে দলৰ মুখত ওলাই  ধনৰ জুই ;(সহায় লৈ বৰপাত্ৰ বংশাৱলীৰ স্মৃতিগ্ৰন্থ কনচেং ৰ )