Type Here to Get Search Results !

পুত্ৰস্নেহ

 মনস্বিনী শৰ্মা


অনুগল্প* -------------
                 *পুত্ৰস্নেহ*                              
               -------------------
ল'ৰা নাই বুলি দুটা ল'ৰাৰ মাক অৱন্তীয়ে প্ৰায়ে ঠাট্ৰা সুৰত তিনিজনী ছোৱালীৰ মাক দুৱৰিক কথা শুনায়। দুবৰিৰ কিন্তু এইবোৰক লৈ অলপো আক্ষেপ নাই। তিনিজনী ছোৱালীক মানুহ কৰি গঢ় দিয়াটোৱে তাইৰ লক্ষ্য।সময় পাৰ হোৱাত দুৱৰিৰ তিনিজনী ছোৱালী ক্ৰমে ডাক্তৰ,ইঞ্জিনীয়াৰ আৰু অধ্যাপিকা হোৱাৰ বিপৰীতে অৱন্তীৰ ল'ৰা দুটাই কথমপি মেট্টিকৰ দেওনা পাৰ হৈ একো সংস্থাপন নহয় ধোদৰ পচলা হৈ দিন কটাইছে।এতিয়া অৱন্তীৰ মুখত দুবৰিৰ আদৰ্শ মাতৃত্বৰ কথাৰ লগতে ছোৱালীকেইজনীৰো জয়গান।                                

                      *প্ৰয়োজন* 
                    ---------------------
     মালতীয়ে  দিনৰ দিনটো ঘৰৰ সকলো  কাম কৰাৰ  ওপৰিও গিৰীয়েক জয়ন্ত আৰু ল'ৰা-ছোৱালীহালৰও আলপৈচান ধৰে।ইয়াৰোপৰি অন্যান্য কাম কিছুমান থাকেই।তথাপিও জয়ন্তই মালতীক কামত অলপো হাত উজান নিদিয়ে।হঠাতে মাকৰ অসুখৰ বাবে মালতী মাকৰ ঘৰলৈ যাবলগীয়া হোৱাত ঘৰৰ সমস্ত কাম অকলে কৰিবলগীয়া জয়ন্তই মালতীৰ প্ৰয়োজন বাৰুকৈয়ে অনুভৱ কৰিছে।                      -------×××------
                         নামঃ মনস্বিনী শৰ্মা। স্নাতক তৃতীয় ষাণ্মাসিক,শিৱসাগৰ ছোৱালী কলেজ,শিৱসাগৰ।