Type Here to Get Search Results !

অনলাইন শিক্ষা: এক প্ৰত্যাহ্বান

 চিন্ময় ডেকা


বৰ্তমান সময়ত অনলাইন শিক্ষাই যথেষ্টখিনি প্ৰভাৱ পেলাইছে শিক্ষা আহৰণৰ ক্ষেত্রত।মহামাৰীৰ আতংকৰ সময়ত শিক্ষাৰ্থী সকলৰ হাতত অত্যাধিক কম্পিউটাৰ, স্মার্ট ফোন, লেপটপ তুলি দিব লগা হৈছে। তলাবন্ধ তথা শিক্ষাখণ্ড বন্ধ ৰখাৰ পৰিপেক্ষিতত কোমলমতীয়া ছাত্ৰ-ছাত্ৰী সকলৰ মনত দ্ৰুত ইন্টাৰনেটৰ ভাৱধাৰৰ দিশলৈ গতি কৰিছে, যাৰ ফলত অভিভাৱক সকলে উৎকণ্ঠা প্ৰকাশ কৰিছে। দ্ৰুত অগ্রগতিত ইন্টাৰনেটৰ ব্যৱহাৰ বৃদ্ধি পাবলৈ ধৰাত ছাত্ৰ-ছাত্ৰী সকল সামাজিক দক্ষতা নিৰূপনত নেতিবাচক দুৰ্বলতা পিনে ঢাল খাইছে যদিওঁ ইয়াৰ অনুশীলন তথ্য আদান-প্রদান সহ:অনেক কিছু মূল্যৱান ক্ষেত্ৰত সুযোগ প্রদান কৰি এক ইতিবাচক সঁহাৰি লাভ কৰিব বাবে সক্ষম হৈছে। যদিওঁ উল্লেখনীয় ভাৱে অত্যাধিক ম'বাইল ফোনৰ ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ আসক্তিৰ পথলৈ অগ্ৰসৰ কৰিব পাৰে। বেছি পৰিমানে অনিদ্ৰা, উদ্বেগ, বিষন্নতা, সৌজন্যবোধ অভাৱজনিত সমস্যা লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মনত খিংখিঙীয়া স্বভাৱৰ সমস্যাই জৰ্জৰিত কৰি তুলিছে। ছাত্ৰ-ছাত্ৰী সকলে বহুতো সময়ত অপ্ৰীতিকৰ কোনো ছবি বা ভিড়িয় চোৱা কাৰ্যই অভ্যাসত পৰিনত কৰিব পাৰে; ফলশ্রুতিত দিনক দিনে বেয়াৰ দিশত অথবা সমাজৰ অ'হিতৈষী মূলক কাম কৰিবলৈ অগ্ৰসৰ হ'ব।
সামাজিক ৰুচিবোধসম্পন্ন ঐতিহ্যৰ দাঙি ধৰাৰ দায়িত্বও কেৱল মাত্ৰ পৰিয়ালৰ ভূমিকা অনবদ্য । এইক্ষেত্ৰত ইন্টাৰনেটৰ প্ৰতি আসক্তি কমাবলৈ পৰ্যায়মানে বাতৰি কাকত, আলোচনী, গল্প, প্ৰবন্ধ,  সাধুকথাৰ কাহিনীৰ আদিৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰী তথা নিজৰ সন্তানক বাস্তব জ্ঞান দিব লাগিব। লগতে ইয়াৰ পৰা কু-প্ৰভাৱ সমূহ আঁতৰাবলৈ হ'লে খেলা-ধূলা,  গান-বাজানা, নৃত্য,  চিত্ৰকলা,  যোগাসন, কবিতা লিখি তথা আবৃত্তি আদিৰ ক্ষেত্রত মনোনিৱেশ ঘটাব লাগিব। অন্যহাতে শিশু সকলৰ মাজত বন্ধুত্ব সুলভ আচৰণৰ মাজেৰে সু-সম্পৰ্ক গঢ় দি তুলিব লাগিব একমাত্ৰ পৰিয়ালৰ লোকসকলে। যাৰ ক্ষেত্ৰত অতুলনীয় ভূমিকা আছে।
ছাত্ৰ-ছাত্ৰী সকলৰ সৃজনশীলতা আৰু উদ্ভাৱনী মূলক বিকাশ সাধনত সহায় কৰিব লাগিব। কিয়নো, সাম্প্ৰতিক সময়ত কৰ'না কালত গৃহবন্দীত্বৰ সময়ত শিক্ষানুষ্ঠান তথা শিক্ষক-শিক্ষয়িত্রী সকলৰ মাজত আনুষ্ঠানিক সম্পৰ্ক নথকাৰ বাবে শিক্ষাৰ্থী সকলৰ মানসিক বিকাশৰ ক্ষেত্রত শিক্ষক-শিক্ষয়িত্রী সকলৰ ভূমিকা অপৰিসীম। আৰু বৰ্তমান সময়ত অনলাইনৰ পাঠদানৰ প্ৰতি অত্যাধিক গুৰুত্ব প্রদান কৰি শিশু তথা ছাত্ৰ-ছাত্ৰী সকলক ভবিষ্যত জ্ঞানৰ প্ৰতি প্ৰসাৰ আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভূমিকা অনবদ্য