Type Here to Get Search Results !

নীৰৱ নিশাৰ বেদনা

 বিদ্যুৎ বৰগোহাঁই

জীয়া জীয়া জুই,নিয়া নিয়া হি শুই
হিয়া আহি নি নিবাহি চুই,
নীৰৱ নিশা আহি নজগাবাহি মোক,

তুমি আহি সানিলাহী উতলা ফাগুন।
তুমি আহি সানিলাহি উতলা ফাগুন।।

ফাগুনে আনিলেহি আজি বেদনা অযুত
বেদনাৰ কাৰাগাত বন্দী উতলা ফাগুন।।

ফাগুনৰ ঠিকনা নিদিবাহি মোক
ফাগুনৰ ঠিকনা নিদিবাহি মোক
ঠিকনা হেৰালে অতীততে মোৰ।।

পূৰ্ণনে অপূৰ্ণ নিচিনিবা মোক
অতীততে হেৰালে হিয়া খনি মোৰ।।

তুমি জানো বুজিবা বুজাব জানো পাৰিবা
হিয়াৰ আকুল বেদনা মোৰ