Type Here to Get Search Results !

মেচুকাঃ ইতিহাসৰ পৰা বৰ্তমানলৈ

 ধীৰেন শইকীয়া



চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত অৱস্থিত মেচুকা এখন মোহনীয় পৰ্যটনস্থলী৷1950 চনৰ আগলৈকে মেচুকা তিৰ্বতৰ অধীনত আছিল বুলি জনা যায়। মেচুকাৰ প্ৰকৃত নাম মেন-চু-খা যাৰ অৰ্থ হ'ল ঔষধীয় পানীৰ নিজৰা৷এইখন মেচুকাৰ মাজেদিয়েই চুবুৰীয়া দেশ চীনে আমাৰ দেশলৈ সোমাই আহি  1962 চনত আক্ৰমন কৰিছিল। মেচুকাত প্ৰধানতঃ মেম্বা,ৰামো,বকাৰ,তাগিন আদি জনগোষ্ঠীৰ লোকেই সৰহ।মেম্বা সকল বৌদ্ধধৰ্মী আৰু যথেষ্ট নিৰ্জু।পিছে ৰামো,বকাৰসকল যথেষ্ট খঙাল আৰু যুদ্ধপ্ৰিয় জাতি।মেম্বাসকলক বহুতেই তিৰ্বতৰ পৰা প্ৰব্ৰজিত বুলি কয়। ঐতিহাসিক তথ্যমতে পূৰ্বতে তিৰ্বতৰ বহুলোকে মাজে মাজে প্ৰব্ৰজিত মেম্বা লোকৰ ওপৰত অত্যাচাৰ কৰোতে মেম্বাসকলে এবাৰ তাগিন জনগোষ্ঠীৰ লোকসকলৰ সহায়ত ভাৰত চীন সীমান্তৰ চাংগে বজাৰ ধ্বংস কৰি তাৰ পৰা পলাই আহে। মেচুকাত আজিও বহু এনে গুহা আছে,য'ত বহু বৌদ্ধ ধৰ্মপ্ৰচাৰকসকলে তাহানিতে লুকাই থোৱা ধৰ্মগ্ৰন্থ আজিও আছে বুলি কোৱা হয়।1962 চনৰ আগতেই তিৰ্বতৰ তামাদেন নামৰ ঠাইখনত ভাৰতৰ এগৰাকী প্ৰশাসনিক বিষয়া আছিল।চীনা আগ্ৰাসনৰ সময়ত এই মেচুকাৰেই বহু চীনা সৈন্য ভাৰতত প্ৰৱেশ কৰি গাঁওবোৰত আক্ৰমন কৰাই নহয় মাটিত মাইন আদিও পুতি থৈছিল(যাৰ বিষ্ফোৰণত পিছলৈ বহু নিৰিহ লোকৰ প্ৰান গৈছিল),আনকি চীনাসকল অহা বাটে উভতি যোৱাৰ পিছত অসম ৰাইফলচৰ বহু সেনাই মেচুকাতে বহু চীনত নিৰ্মিত অস্ত্ৰ শস্ত্ৰও পাইছিল। যিবোৰ ব্যৱহাৰ কৰি গাঁওবাসীয়ে চিকাৰ কৰিছিল। মেচুকাৰ জনসাধাৰণে সাধাৰণতে গাইগৰু পালন,মাকৈ,জোৱাৰ আৰু কনীধানৰ খেতি কৰে।

অৰুণাচল প্ৰদেশৰ ছি য়মি জিলাৰ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ছহেজাৰ ফুট উচ্চতাত অৱস্থিত মেচুকা এটা ধুনীয়া উপত্যকা । দুৰ্গম বাট পথ,বৰফে আৱৰা শৃংগ আৰু ছিয়ম নদীৰে পৰিবেস্তিত মনোমোহা ঠাই (স্থানীয় নাম য়াৰগাপচু)এই উপত্যকা। পূবৰ কাশ্মীৰ বুলি জনা যায় মেচুকাক। বহুতে কয় ইয়াক
'ছুইজাৰলেণ্ড অফ্ দা ইষ্ট' বুলি। সঁচাই মেচুকাৰ ৰূপৰ তুলনা নাই । দুহেজাৰ ওঠৰ চনৰ 'মেচুকা মহোৎসৱ'ত অৰুণাচল ৰেচ উদ্বোধন কৰিবলৈ মেচুকালৈ আহিছিল বলিউদ ষ্টাৰ ছলমান খান।তেতিয়াৰ পৰাই পৰ্যটনৰ দিশত মেচুকাৰ নাম বিখ্যাত হবলৈ ধৰে। তেতিয়া প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশত চাইকেল চলাইছিল বলীউদৰ দাবাং খানে। জনগোষ্ঠীয় খাদ্য সম্ভাৰৰো জুতি লৈছিল চলমান খানে।তেতিয়াৰে পৰাই সংবাদ মাধ্যমত আগতকৈ পৰ্যটনৰ বাবে আকৰ্ষন বাঢ়িছিল। মেচুকাত চাৰিশ বছৰীয়া বুদ্ধ গুম্ফাৰ লগতে হনুমান ফেছ,Gapo, Pauk, Padusa, Lipusi, Hiri, Purying, Rapum, Charung, Rego and Kart gumjipang, barang gang, shorang dhem আদি গাঁৱলৈ গলেও পৰ্যটকে বহু চাবলগীয়া ঠাইৰ সন্ধান পাব। এটা সময়ত মেচুকাৰ ৰাইজক ৰেচন প্ৰদানৰ বাবে মেচুকালৈ আকাশেৰে সামগ্ৰী যোগান ধৰিছিল । মেচুকাৰ হিমশীতল পৰিৱেশত অনুষ্ঠিত হয় এডভেঞ্চাৰ ফেষ্টিভেল,য'ত অভিজ্ঞ লোকৰ দ্বাৰা   পেৰাগ্লাইডিং, ৰাফটিং,স্কাইজাম্পিং আদি দুঃসাহসিক ক্ৰীড়াৰ বিষয়ে অভ্যাস কৰোৱা হয়। ইয়ালৈ আলো হৈ যাব পাৰি । আলোলৈ যাবলৈ দুটা ৰাস্তা আছে । এটা লিকাবালি হৈ আৰু আনটো পাছিঘাট হৈ । আলোৰ পৰা মেচুকা লৈ 180 কিঃ মিঃ দূৰত্ব পাহাৰীয়া পথেৰে যাব লাগে ।  মেচুকা পোৱাৰ পিছত সকলো পাহৰি যোৱা যায় যাত্ৰাপথৰ দূৰত্বৰ কথা।থকা-খোৱাৰ কাৰণে বহুকেইটা 'হমষ্টে'ৰ সুবিধা আছে আৰু এইটো ব্যৱস্থাই বেছি জনপ্ৰিয় । হমষ্টেৰ বাবে টুৰ অপাৰেটৰৰ লগত যোগাযোগ কৰা ভাল । এটা চৰকাৰী চাৰ্কিট হাউচো আছে আৰু এটা পি ডব্লিউ ডি বাংলাও আছে মেচুকাত। মেচুকালৈ যাওতে,মাজে মাজে বিধ্বস্ত পথ, মাজে মাজে বেইলী ব্ৰীজ পোৱাটো সাধাৰণ কথা৷ চাং ঘৰৰ আধিপত্যৰে যাত্ৰাকালত জনজাতীয় গাঁও দেখা যায়  ৰাস্তাৰ কাষত৷   মাজে মাজে আছে লেথাৰি নিছিগা পাইন গছৰ অৰণ্য৷ তাৰ মাজেৰে কুলু কুলু সুৰধ্বনিৰে অপৰূপা ছিয়ম নৈখন  বাগৰি গৈছে মেচুকাৰ বুকুৱেদি৷