Type Here to Get Search Results !

মাটি মাথোঁ চাৰিহাত

 গিৰিজা শৰ্মা


গোটেইখন পথাৰ নিজৰ কৰাৰ আপ্ৰাণ প্ৰচেষ্টাক
ভেঙুচালি কৰি আপোনাৰ বেলিটো ডুবিল।

মাটি মাথোঁ চাৰিহাত
ফাঁকিবোৰ ফাট
অৱক্ষয়
আপোনাৰ অদেখা পৰিচয়
মুখাৰো আছে বিপৰ্যয়
সুলকিবলৈনো কিমান সময়
সঠিক টোকৰ
সঠিক ক্ষণ
হ'বই নোৱাৰে আওমৰণ
বেলি সকলোৰে ডুবে
ডুবিবই
পথাৰখন সামৰি কি লাভ
মাটি মাথোঁ চাৰিহাত
মাথোঁ চাৰিহাত।