Type Here to Get Search Results !

কাব্যসংকলনঃ--এমুঠি পোহৰ বিচাৰি

  কবিঃ--প্ৰণতি গোহাঁই , আলোকপাতঃ--সুৰভি বৰ পাত্ৰ গোহাঁই



       
     

ফেচবুকৰ জনপ্ৰিয় কবি  প্ৰণতি গোহাঁইৰ প্ৰথমখন কাব্যসংকলন "এমুঠি পোহৰ  বিচাৰি" । কিতাপখন ডাকযোগে আহি হাতত পৰাত বহুত ভাল লাগিল । কিতাপখন পঢ়ি শেষ কৰি দুআষাৰমান লিখাৰ প্ৰয়াস কৰিলোঁ। কাব্যসংকলনখনৰ অৰ্থপূৰ্ণ বেটুপাত অংকন কৰিছে  শ্ৰদ্ধেয় বিকাশ বৰাদেৱে ।মূদ্ৰণ--সূৰ্যোদয় প্ৰকাশন ,নয়াবজাৰ মাজুলি  । কবিয়ে "এমুঠি পোহৰ বিচাৰি" কাব্যসংকলন খনৰ জৰিয়তে তেওঁৰ মনৰ পুঞ্জীভূত ভাৱৰাজী ছপাৰ মাধ্যমেৰে পাঠকৰ মাজলৈ উলিয়াই দিয়াৰ দুৰ্বাৰ হেঁপাহ । কবিৰ সাঁচি ৰখা সপোনে বাস্তৱ ৰূপ পালে "এমুঠি পোহৰ বিচাৰি" ৰ যোগেদি।
    পুথিখনত সন্নিবিষ্ট কবিতাৰাজীক সহজ সৰল শব্দশৈলীৰে  বৰ্ণনা কৰিছে কাব্যিক অনুভূতি ।য'ত পাঠকৰ  সহজেই বোধগম্য হয় কবিতাৰ অনুভৱ। ভাৱ প্ৰকাশৰ জটিলতা নাই ।পাঠকে মনপুতি অধ্যয়ন কৰিলেই প্ৰতিটো কবিতাৰ মূলকথা বুজিবলৈ সহজ হ'ব ।সুকোমল মনৰ কবিয়ে সুকোমল অনুভৱৰ বুলনিৰে বুলাই গৈছে কাব্যিক ছন্দ । প্ৰতটো কবিতাতেই এমুঠি পোহৰেই উদ্ভাসিত কৰিছে কবিৰ অনুভৱী সত্তা। ,যেন দুবৰিৰ দলিচাত কবিয়ে সিঁচি দিছে আলফুলে নিয়ৰৰ মুকুতা ।দুভৰিৰ ৰুণজুণ ধ্বনিয়ে আবেগিক কৰি তুলিছে কবি সত্তা ।
    চল্লিশ উৰ্ধৰ কবিতাৰে সমৃদ্ধ কাব্যসংকাব্যসংকলন খন ভিন্ন স্বাদৰ কবিতাৰে পৰিপুৰ্ণ।জটিলতাবিহীন কবিতাবোৰৰ বেচিভাগ কবিতাই কবিয়ে দ্বিতীয় পুৰুষ (second person)ক সম্বোধন কৰি লিখা যেন বোধ হয় ।ইতিবাচক চিন্তাৰে লিপিবব্ধ কবিতাবোৰ হৃদয়ংগম কৰি আপ্লুত হ'ব পাৰে মন ।কবিৰ কবিতাৰ মাজলৈ গ'লেই সেইকথা উপলব্ধি কৰিব পাৰি ।(কবিতা ---নাৰী , পৃষ্ঠা নং ৫ );"সৃষ্টিৰ   আধাৰ তুমি / কত কবিৰ কল্পনা তুমি/মেঘৰ প্ৰেয়সী/পাৰা সহিব তুমি/কত সংঘাত,কত বেদনা নেওচি/জয় কৰা পৃথিৱী।" এগৰাকী নাৰী কবিৰ অনুভৱত অতি সুন্দৰকৈ প্ৰকাশ পাইছে সহজেই পাঠকৰ হৃদয়চোৱাকৈ ।সৃষ্টিৰ মূলতে নাৰীৰ অৱদান, কত কবিৰ কল্পনা নাৰী  ,এই নাৰীয়েই সহনশীলা,ধৈৰ্যশীলা,বিপদ বিঘিনি অতিক্ৰম কৰি নাৰীয়েই জয় কৰে পৃথিৱী ।নাৰীৰ কোমলতাৰ বিপৰীতে কঠিনতাৰ ছবিখন কবিয়ে পাহৰি নাই ।"হোৱা তুমি কেতিয়াবা/কুসুমকোমল হৃদয়া/কেতিয়াবা হোৱা তুমি বজ্ৰহৃদয়া  ।"
সেইদৰে প্ৰিয় কবিৰ অনুভৱৰ কৰণিত দেখা যায় যে বাস্তৱ জীৱনৰ তথা সাম্প্ৰতিক সময়ৰ পয়ালগা ছবিখন ।ক'ৰণাই হওক বা অনান্য প্ৰাকৃতিক দুৰ্যোগেই  হওক সাম্প্ৰতিক সময় মানুহৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে ।জীৱশ্ৰেষ্ঠ মানুহে যেন পৰা নাই মনে বিচৰাখিনি আজুৰি আনিব ।সেয়েহে কবিৰ প্ৰাণ হতাশাৰে  আৱৰি ধৰিছে  ।কবিয়ে তেওঁৰ কবিতাত উল্লেখ কৰিছে (কবিতা--কিনো ঋতু আহিল , পৃষ্ঠা নং ৬০ ) "নিশা ফুলিল শেৱালি মালতী /কিনো ঋতু আহিল /মন মোৰ কৰি বাউলি /কিনো ঋতু আহিল/মোৰ কলিজা দহিল/কিনো ঋতু আহিল /নাহিল বিশ্ব শান্তি  ।"                
     প্ৰতিটো ঋতুৱে মানুহক দি যায় জীৱনৰ আশীৰ্বাদ ।সেই কথা মহান কবি হীৰেণ ভাট্টাচাৰ্যদেৱৰ "মোৰ দেশ" কবিতাটো হৃদয়ংগম কৰিলেই উপলব্ধি কৰিব পাৰি । কিন্তু বিশ্বৰ ত্ৰাসিত মহামাৰীৰ কৱলত পৰি প্ৰতটো ঋতুৱে মানুহক দিব পৰা নাই শান্তি  ।সেইবাবেই কবি হৃদয় দুখত ভাগি পৰিছে ।মনৰপৰা আপোনা আপুনি ওলাই আহিছে দুখৰ তপত হুমুনিয়াহ ।   এইদৰেই দেখা যায় যে ,"এমুঠি পোহৰ বিচাৰি" কাব্যসংকলন খনত দৰদী কবিৰ সুকোমল শব্দমালাৰ মধূমিলন ।বহুত ভাল লাগিল ,কাব্যসংকলন আলোকপাত কৰি ।সমালোচনামূলক ভাৱে নহয়  , ইতিবাচক চিন্তাৰে চোৱাৰ  প্ৰয়াস মাত্ৰ ।"এমুঠি পোহৰ বিচাৰি " কাব্যসংকলনৰ প্ৰথম খোজৰেই কবিৰ অনুভৱে সুদূৰপ্ৰসাৰি দূৰ দিগন্ত অতিক্ৰম কৰক  তাৰ কামনাৰেই ,অজানিতে ৰৈ যোৱা ভুলৰ ক্ষমা বিচাৰি ইমানতে সামৰিলোঁ ।