Type Here to Get Search Results !

শেষান্তৰ

 জীনামণি বৰগোহাঁই দুৱৰা




অনামী বেদনা
এলানী অযাচিত কামনা
নিৰন্তৰ গতিপথ
তাৰ মাজে মাজে
 নিঃশব্দ যাত্ৰা
ক'ত যাত্ৰাৰ অন্ত
নাজানো নুবুজোও
কিহৰ তাড়না
অন্তৰাত্মাৰ...?
বিচাৰিছিলো ধৈৰ্য্যক
কিন্তু---
নিদিলে প্ৰাণ দিলো
আৰু নিজৰ
প্ৰতিটো অংগৰপৰা
কেঁচাতেজ দিলো
তথাপি নুজুৰিল
অৱশেষত এইয়া
মৃত্যুকো যাচি দিলো।