কাশ্যপ গগৈ
ক'ত বাৰ তোমাৰ আশীষ লৈ আগুৱাই গৈছিলো তোমাক উজ্বলাবলৈ |
ক'ত বাৰ যে তুমি আমাৰ বেদনাময় মুখ খন দেখি নিশা আমাৰ সংগবিহীন ভাৱে অকলে অকলে কান্দিছিলা |
ক'ত বাৰ যে তুমি আমাৰ ভবিষ্যতৰ কথা ভাবি উজাগৰে নিশা কটাইছিলা | কিন্তু তুমি আজি নীৰৱ কিয়? কিয় কান্দিবা অকলে অকলে আমাকো ভগাই দিয়া তোমাৰ অন্তৰৰ বেদনা, সমভাৱে জ্ঞান বিলোৱাৰ দৰে |
তুমি হয়টো ভাবিছা যে আমি একো বুজি পোৱা নাই |
কিন্তু নহয়, আমি সকলো খিনিয়ে বুজিছো |
মই যে তোমাক কৈছিলো বিদায় আমি আটাইতকৈ বেয়া পাও আৰু আজি সেই বিদায়ে তোমাক কন্দুৱাইছে | আমাক যাবলৈ এৰি দিছা ন' ,যামগৈ তেতিয়া হ'লে | সময়ৰ আহ্বান তুমি নীৰৱে মানি লৈছা, আমিও মানিম | তোমাৰ বুকুলৈ অহা লাখ লাখ জনৰ ভিতৰত আমালৈ মনত পেলাই তুমি কান্দিবানে?
নে বিদায়ৰ মুহূৰ্তৰ পৰাই পাহৰিবলৈ আৰম্ভ কৰিবা?