ভূমিত্ৰা দাস
"বৌ, বৌ ! ক'ত গ'লা তুমি? বৌ!! " ৰুমী খঙত ৰুদ্ৰ মূৰ্তি ধৰি বৌয়েক কৃশাংগীক চিঞৰি চিঞৰি মাতি চোতালৰ পৰাই এনেকৈ ঘৰত সোমাই আহিল ড্ৰইং ৰুমৰ ভিতৰেৰে যাওতে পৰ্দাৰ দুটাকৈ ৰিং ওলাই পৰিল। আনফালে বৌয়েকৰ ভায়েক মোহিত কৰোবালৈ যাব ওলাই ঘড়ী টো পিন্ধি পিন্ধি ওলাই আহিছেহে দিলে নহয় খুন্দিয়াই ঘড়ীটোকে পেলাই। চিটিকি পৰা ঘড়ী টো বুটলি পিন্ধি লৈ কিবা এটা ক'ব ওলোৱাতে তাই আকৌ বৌ বৌ কৈ চিঞৰিলে। তাকে দেখি বৌয়েক কৃশাংগীয়ে "কি হৈছে ৰুমী ? ইমান টেঁটু ফালি চিঞৰি আহিছা যে ! কি হৈছে নো?"
"কি হোৱা নাই তাকেই সোধা??" " অহ হহ! কি নো হ'ল আকৌ এইজনীৰ"। বিয়াৰ পিছত কিছুদিন মাকৰ ঘৰত থাকিবলৈ অহা কৃশাংগীৰ সৈতে ননদ ৰুমীও আহিল গাঁও চাবলৈ। সৰুৰে পৰা আলসুৱা ৰুমী সকলোৰে আপদাৰত ডাঙৰ দীঘল হৈছে । তাই লাগ বুলিলেই আকাশৰ তৰাটোও মাক ,দেউতাক, ককাইয়েকে আনি দিয়ে। গাঁও সম্পৰ্কে একো নজনা ৰুমী ফুৰিবলৈ আহিছে বৌয়েকৰ মাকৰ ঘৰলৈ। ককায়েক বিজিতে নিবলৈ আহিলেহে যাবগৈ সিহঁতে ।
"বৌ তোমালোকৰ এই আলু নে কচু সেইডালে চোবাইছে আৰু মোক । মোৰ পিছত ইমানকৈ লাগি ধৰিছে ! মই য'লৈকে নাযাও সেই পাতে পিছ নেৰে। তাতকৈ ডাঙৰ কথা এইফালে গ'লে হাতী আহিব; সেইফালে গ'লে বাঘ আহিব; সেই ফালে মানুহৰ সমাগম কম উফ! সি যেন মোৰ হেৰি হে!!! " কৈ ৰৈ যোৱা কথাখিনি টানি আনি বৌয়েক কৃশাংগীয়ে ধেমালিৰ চলেৰে ক'লে "ভাল হে তোমাৰ হেৰি হ'লে । তুমি আকৌ বেয়া পাইছা কিয়? " বৌয়েকৰ কথাত ৰুমীৰ খঙে চুলিৰ আগ পালেগৈ । "চি চি বৌ! তুমি মোক এই গাঁৱলীয়া ভুতটোৰ কথা তেনেকৈ কৈছা ? নাজানা নেকি মই কাৰ ঘৰৰ ছোৱালী? তোমালোকৰ এই আলু মোৰ ভৰিৰ ধূলিখিনিৰ যোগ্য নহয় । কৈ দিবা তাক সি যাতে মোৰ পিছে পিছে নুফুৰে।"
"হ'ব দিয়া তোমালোক চহৰত থকা মানুহে সঁচা মৰম, সহানুভূতি কি , আচলতে বুজি নোপোৱা। কম দিয়া তাক তোমাৰ বাবে সি কষ্ট কৰি বেয়া নাম পাব নালাগে । গাঁৱৰ বিষয়ে তুমি কি জানা? আমাৰ গাঁৱত সন্ধিয়া লগাৰ লগে লগে ওচৰৰ হাবি বননিৰ পৰা হাতী, বাঘ ভালুক আহে; সেই বাবে হে সি তোমাক সুৰক্ষা দিয়ে ; তুমি বেয়া ভাবিছা যদি মই সকিয়াই দিম দিয়া তাক ।"
"বৌ তুমি তাৰ স্বভাৱ নাজানা! সিদিনা সি মই ৰাস্তাৰে গৈ থাকোতে কেইজনমান ডেকা ল'ৰাই মোৰ ফালে চাই চাই ৰৈ গ'ল ; সি আকৌ ক'ৰ পৰা ঘপহকৈ ওলাল জানো! তাৰ কান্ধত থকা গামোচা খন মোৰ বুকুৰে মেৰিয়াই দিলে ; আৰু ছাতিটোৰে মোক আবৰি ৰাখিলে। সেই ল'ৰাবোৰে কৈ গ'ল ইমান ধুনীয়া বগলীটো তোৰ লগত মিলা নাই আলু।
এইবোৰ ভাল নালাগে বৌ । তাৰ দৰে মানুহৰ লগত মোক জোকাই গ'লে অসহ্য হয়। সি মোৰ গাত তাৰ কাপোৰ আৰি দিব সাহস ক'ত পালে? চাকৰৰ জাত ।"
"আলুৰ স্বভাৱ-চৰিত্ৰৰ কথা তুমি মোক নতুনকৈ ক'ব নালাগে ৰুমী। মই তাক ভালদৰে জানো। তাৰ চৰিত্ৰ ইমান বেয়া নহয় যিটো তুমি বুজিছা। সি তোমাৰ ওপৰৰ পৰা তললৈ আৰু তলৰ পৰা ওপৰলৈ থকা সাঁজ যোৰে যে শৰীৰটো ঢাকিব পৰা নাই তাৰেই ব্যৱস্থা কৰিছে। কাৰণ আমাৰ এই গাঁৱতো কিছুমান ব্যক্তিয়ে নাৰীৰ শৰীৰটো উপভোগ্য সামগ্ৰী বুলিয়ে ভাবে। আলুয়ে তোমাক সিহঁতৰ লোলুপ দৃষ্টিৰ পৰা বচাবলৈহে সেয়া কৰিছে আৰু তুমি তাক চৰিত্ৰহীন বুলি ভাবিলা। চোৱা ৰুমী তোমালোক চহৰৰ উচ্চ আভিজাত্যৰ মানুহবোৰৰ এটাই দোষ তোমালোকে মানুহ চিনি নোপোৱা । "
"বৌ তুমি এইবোৰ কি কৈছা? কি চাই দাদাই তোমাৰ প্ৰেমত পৰি তোমাক বিয়া পাতিছে বা ! সি জধামূৰ্খ সেই বাবে তোমাক বিয়া পাতিছে ।"
"ৰ'বা , এইবোৰত দাদাৰাক টানিছা কিয় বাৰু? তোমালোকৰ ভিতৰত তোমাৰ দাদাই শিক্ষিত আৰু সংস্কাৰি । সেই বাবে মোক বিয়া পাতিছে। মুৰ্খ বুলি নক'বা। আলুৰ লগত তোমাক জোকালে তোমাৰ খং উঠিছে, কিন্তু চহৰৰ সেই ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ আৰু অফিচাৰৰ দৰে টকা পইচাৰে ডাঙৰ মানুহবোৰৰ নাম তোমাৰ লগত ৰিজালে তুমি ক'ত খং কৰা! মনে মনে ভালহে পোৱা । আলু ও এজন মানুহ হয় । তাৰো হৃদয় আছে এখন; হৃদয়ত প্ৰেম আছে; আৰু সেই প্ৰেম নিস্বাৰ্থ প্ৰেম। তোমালোকৰ সেই স্বাৰ্থজনিত প্ৰেম কৰিবলৈ তাৰ তেনে হৃদয় নাই। আছে মাথোঁ অকৃত্রিম প্ৰেম, শ্ৰদ্ধা, ভক্তি হে। তাক তুমি চাকৰৰ জাত নক'বা সিহঁতৰ বাবে তোমালোকে দিনে নিশাই উদৰ পুৰাই খোৱা বোৱা কৰিব পাৰা। সিহঁতে খেতি নকৰিলে ক'ৰ পৰা খাবলৈ পালা হয়! তুমি সি কৰা কামৰ বাবে তাক ঘৃণ কৰিছা। কিন্তু তাৰ মাজতে বিচাৰি পাবা গাঁৱলীয়া হৃদয়ৰ এমুঠি প্ৰেম । তোমালোক চহৰৰ ধনী ধনী মানুহে উপহাৰ পালে সেই উপহাৰটি নামী দামী নে চোৱা ; আমি গাঁৱৰ মানুহে উপহাৰৰ মূল্য কিমান নাচাও , চাও দিওতাজনৰ মৰম আৰু আন্তৰিকতা কিমান আছে উপহাৰ টিত। তোমালোকে আনৰ খেতিৰ ফচল খোৱা আৰু আমি নিজৰ খেতিৰ চাউল খাওঁ । "
বৌয়েকৰ কথাত একো নামাতি মুখ ওফন্দাই কোঠা এটাত বহি থাকিলে ৰুমী ।
আবেলি আলু ... মানে কৃশাংগী হঁতৰ ঘৰৰ কাম কৰা ল'ৰা আলোক আহিল। গাঁৱত কিছুমান জোকোৱা নাম চিৰদিনৰ বাবে ৰৈ যায় আৰু ভাল নামটো লোপ পায় ।
বাহিৰৰ কাম বন সামৰি গৰু গোহালিত চপালে সি। দানা পানীৰ যা যোগাৰ কৰি আটাইকেইজনী গৰুক খুৱালে। তাৰ পাছত গা ধুই চোতালতে বহি কৃশাংগীৰ দেউতাকৰ লগত কথাপাতি থাকিল।
"অই আলু , শুন চোন".... কৃশাংগীয়ে মাতিলে। তাক সকলোৱে আলু বুলি এ মাতে। স্বভাৱত একেবাৰে শান্ত সহজ সৰল । সকলোৰে কামত প্ৰাণঢালি কাম কৰে । কৃশাংগী হঁতৰ ঘৰৰ খেতিৰ কামৰ লগতে ঘৰখনৰ ইটো সিটো কাম সিয়ে কৰে । তাৰ কামবোৰ বৰ নিখুঁত ।
"কি হ'ল বাইদেউ ?"
"ভিতৰলৈ আহ , তোৰ লগত কথা আছে মোৰ।" সি কৃশাংগীৰ পিছে পিছে গ'ল ভিতৰলৈ । তাই তাক একেবাৰে ৰুমলৈকে লৈ গ'ল । ভায়েকৰ দৰে তাই তাক মৰম কৰি আহিছে সৰুৰে পৰা। সেই বাবে তাই আলুক খং কৰিলেও সি অকনো বেয়া নাপায়।
"শুন আলু তই মোৰ লগত চহৰৰ পৰা অহা ননদজনীৰ পৰা অলপ আঁতৰত থাকিবি। "
" কিয় বাইদেউ?"
"এই কিয় টোৰ উত্তৰ মই তোক দিব নোৱাৰিম । দিলেও তই এইবোৰ বুজি নাপাওঁ ও ! তই বৰ অকঁৰা অজলা । বহুত চিধা চাধা শান্ত ল'ৰা এইবোৰ মেৰপাক বুজি নাপাবি । মুঠতে মই যি কৈছো তাকেই শুনিবি। যা এতিয়া দেউতাৰ লগত বহগৈ।"
কৃশাংগীৰ কথাখিনি একো বুজি নাপালে আলুৱে। তথাপি তাইৰ কথাখিনি এ যেন তাক এক নতুন চিন্তাৰ খোৰাক দিলে।
কৃশাংগীৰ কথামতে আলু এতিয়া ৰুমীৰ লগত ছাঁটো হৈ ঘূৰি ফুৰা বাদেই ৰুমীক দেখিলে আঁতৰি যায় । ৰুমীয়েও অকলে ঘূৰি ফুৰি গাঁও খন চালে।
ঘৰলৈ যোৱাৰ কিছু দিন আগত তাই আলু ই তাইক যাবলৈ বাধা দিয়া মানুহৰ সমাগম কম ৰাস্তাটোৰে গৈ আছে ... ক'ৰ পৰা এজাক
ডেকা ল'ৰাই আহি তাইক জোকাবলৈ ল'লে ..." আৰে চা চা ভাই আজি বগলী জনী অকলে আহিছে চা চা বডিগাৰ্ড আলু চোন নাই " সিহঁতৰ কথাত কাণ নিদিলে তাই। বেগেতে তাৰ পৰা আঁতৰি আহিব খোজাত সিহঁতে তাইক আগভেটি ধৰিলে । তাই চহৰৰ সাহসী ছোৱালী সিহঁতৰ পৰা হাত সাৰি আহিবলৈ চল কৌশল কৰি থাকোতে ওচৰৰ পথাৰখনৰ পৰাই আলু দৌৰি আহি তাইক সিহঁতৰ পৰা আঁতৰাই ঘৰলৈ থৈ আহিল।
সেইদিনাৰ পৰাই তাই আৰু অকলে গাঁৱত ফুৰিবলৈ নাযায়। গ'লে বৌয়েকৰ লগতে ওচৰ চুবুৰীয়াৰ ঘৰলৈ যায়।
"বৌ লোৱা দাদাৰ ফোন।"
"ৰ'বা মই পাচলি কাটি আছো। দাদাই তোমাৰ ফোনত ফোন কৰিছে তুমিয়ে কথা পাতাচোন।"
"নাই বৌ, দাদাই তোমাক বিচাৰিছে। তোমাৰ ফোনটোত কৰি নাপালে বাবে মোলৈ ডাইল কৰিলে । লোৱা বৌ , কাৰোবাৰ ব্যক্তিগত কলত অযথা হস্তক্ষেপ কৰা উচিত নহয় । মই সেইকণ শিষ্টাচাৰ আৰু সংস্কাৰ তোমালোকৰ ঘৰৰ পৰাই শিকিলো।"
"হেল্ল জিৎ কোৱা ।"
"কৃশাংগী সেইজনী আমাৰ ৰুমী হয় নে?"
"হয়তো! কিয় বা সুধিলা?"
"নহয় ...মানে আমাৰ ৰুমী ইমান ডাঙৰ শব্দ ক'ত শিকিলে বাৰু?"
"কি শব্দ নো?"
"কিয় এই যে শিষ্টাচাৰ, সংস্কাৰ!!"
"অ সেইটো কথা । তাই মোৰ ননদ আকৌ।"
"হয় নে? ইমান মৰম নে ননদলৈ। আমালৈও মৰম ৰাখিবাচোন অকমান ।"
"কিয় নাৰাখিম বাৰু তুমি এ মোৰ সকলো। সেয়ে তোমাৰ ভণ্টী মানে মোৰো তাই ভণ্টী। তুমি যেনেকৈ মোহিতক তোমাৰ নিজৰ ভাইটি বুলি ভাবা মইও তাইক মোৰ ভণ্টী বুলি ভাবো।"
"ভাল লাগিল দিয়া তুমি যে বৌয়েক হৈ ৰুমীক ইমান ভাল পোৱা । আজিকালি বেছিভাগ বোৱাৰী আকৌ শাহুয়েক ননদক বেয়া পায়। নিজৰ স্বাৰ্থ পূৰণ কৰিব পৰা লোককহে নিজৰ হাতৰ মুঠিত ধৰি ৰাখিব বিচাৰে মিছা মৰমৰ দোলেৰে বান্ধি।"
"হ'ব দিয়া মই আনৰ কথা নাজানো; মাথোঁ শহুৰৰ ঘৰৰ আটাইকে সঁচা মৰম আৰু শ্ৰদ্ধা কৰিব জানো, ভুলবোৰ আঙুলিয়াই দিওঁ সেয়া মোৰ মা দেউতাৰ পৰা পোৱা শিক্ষা আৰু সংস্কাৰৰ ফচল । তুমি কাইলৈ আমাক নিবলৈ আহিবা নহয় ?"
"উম তাকেই ক'বলৈ ফোন কৰিছিলো। মই আচলতে দুদিনমান আগতে তোমালোকক আনিবলৈ যাব বিচাৰিছিলো পিছে দেউতা আৰু মোহিত অকলশৰীয়া বাবে যোৱা নাই । তোমালোকে থকা বাবে তেওঁলোকৰো ভাল লাগি আছে । কাইলৈ যাম দিয়া মোৰো তোমাক এৰি থাকিব ভাল নালাগে ।"
"হ'ব দিয়া ৰাখো "।
গাঁও এৰি ঘৰলৈ যোৱা দিনটো যিমানে চমু চাপি আহিছে সিমানেই ৰুমীৰ মনটো উদাস উদাস লাগি থকা হৈছে । এইকেইদিন আলু তাইৰ পিছত লাগি থকা নাই। বহুদিন আলুৰ লগত দেখা দেখি হোৱা নাই । কিয় জানো তাইৰ মনটো আলুৰ বাবে কোমল হ'ল যেন সি অজানিতে তাইৰ হৃদয়ৰ কোনোবা এটা কোণত ঠাই লৈছে । আগতে তাক দেখিলেই তাইৰ খং উঠিছিল এইকেইদিন তাক নেখেদি তাইৰ বুকুত এটি বিষ অনুভৱ কৰিছে ।
বিজিতে সিহঁতক নিবলৈ আহিল। যাবৰ আগদিনা সকলোৱে একেলগে ভাত খাবলৈ বহিল। গাঁৱৰ বেছিভাগ লোকৰ মাটিত বহি খোৱা অভ্যাস। কৃশাংগী হঁতৰো সেই অভ্যাস আছে। দেউতাকে বয়সৰ তাগিদাত মাটিত বহি খাব নোৱাৰে । জোঁৱাইক মাটিত খাবলৈ দিব বেয়া লাগে গতিকে মোহিত আৰু আলুৰ বাহিৰে দেউতাকৰ লগত বিজিত, কৃশাংগী আৰু ৰুমী ডাইনিং টেবুলত বহিল। খোৱাৰ সময়ত হঠাতে আলুৰ কাহ উঠিল। কাহি কাহি সি খাব নোৱাৰা অৱস্থা হ'ল। মোহিতে তাক পিঠিত ঠপৰীয়াই দি যেনতেন তাক ভাত খাব পৰা কৰিলে। সেইখিনি সময়ত ৰুমী তাক অলপ মৰম কৰি দিবলৈ বৰ মন গৈছিল।
ভাতখিনি ততাতৈয়াকৈ খাই সি তাৰ পৰা গ'লগৈ।
পিছদিনা সকলোকে মাত লগাই কৃশাংগীহঁত যাব ওলাল। যাবৰ সময়ত ৰুমীৰ চকুৱে বাৰে বাৰে আলুক বিচাৰি ফুৰিছে । নাই ক'তো নাই সি। গাড়ীত তিনিও উঠিল ;আগৰ চিটত কৃশাংগী বিজিতৰ ওচৰত আৰু পিছত চলচলিয়া চকুহাল লৈ ৰুমী। তাইৰ হৃদয়ে আজি আলুক নেদেখি বৰকৈ কান্দিছে। সেই চকুপানী ককায়েক বৌয়েকৰ পৰা আঁৰত ৰাখিছে । তাই বাৰে বাৰে ৰুমালেৰে চকুহাল মচি মচি ৰাস্তাৰ দুয়োকাষে থকা খেতি পথাৰবোৰ চাই গৈ আছে জানোচা আলু আহে সিহঁতক মাত লগাবলৈ । বহুদূৰ গৈ তাই দেখিলে অলপ দূৰৈৰ কালভাৰ্টটোত আলু বহি আছে।
"দাদা গাড়ী ৰখাচোন"
"কিয়? কি হ'ল? কিবা পাহৰিলা নেকি ৰুমী?" বৌয়েকে সুধিলে। "নাই পাহৰা ৰাখানা। " গাড়ী ৰখাৰ লগে লগে তাই দৌৰি আলুৰ কাষ পালেগৈ ।
"আলোক! "
সি আচৰিত হৈ "বাইদেউ আপুনি?"
"আজি যাবৰ দিনাখনো তুমি মোক দেখা নকৰিলা! ইমান বেয়া পালা নে? "
"কিয় বেয়া পাম বাইদেউ । মাথোঁ কৃশাংগী বাইদেউ কোৱা কথাবোৰ মানি চলিছো। মালিকৰ নিমখ খাইছোঁ; তেওঁলোকৰ আদেশ অনুৰোধ আমি মানিবই লাগিব। যাওঁক বাইদেউ । যোৱাৰ পৰত এই অজলা আলুৰ আপোনাক দিবলগীয়া একো নাই। "
"তুমি বৌক বেয়া নাপাবা। মোৰ বাবে বৌ তোমাক কিবা কিবি কৈছিলে চাগে । বৌ ঠিকেই কৈছে আমি চহৰৰ উচ্চ আভিজাত্যৰ মানুহে গাঁৱৰ বোকা পানী গোছোকা মানুহৰ হৃদয়ৰ ভাষা বুজি নাপাও । কৃত্রিম মৰম ভালপোৱাৰ মাজত থাকি তোমালোকৰ এই নিস্বাৰ্থ অকৃত্রিম মানৱীয় অনুভূতি বুজিবলৈ চেষ্টা নকৰো। মোৰ অহংকাৰী মনে জনা নাছিল বৈ থকা নৈখনৰ একাজলি পানী কোনোবাই পান কৰিলে সেই নৈখন কলুষিত নহয় ।
তুমি কি দিবা ! নজনাকৈ বহুত দিলা আলোক। স্কুল , কলেজত পঢ়ি যি শিক্ষা পোৱা নাছিলো সেই শিক্ষা তোমাৰ পৰাই পালো । তোমাৰ পৰাই গাঁৱলীয়া হৃদয়ৰ এমুঠি প্ৰেম মই মোৰ লগতে লৈ গ'লো । "
"আকৌ কেতিয়া আহিব ?"
"আহিম সোনকালে আহিম।"
দুয়ো দুয়োৰে হৃদয়ৰ খলকনি যেন আজিহে শুনিলে। ৰুমীৰ সেই চঞ্চল অহংকাৰী মনটো আলুৰ বাবে কোমল হ'ল। সঁচা প্ৰেম কি তাই বুজি পালে।।