Type Here to Get Search Results !

বাছ পাগল মই

 অভিজিত শেনচোৱা





গুৱাহাটীৰ ISBTৰ পৰা দ্বীপ ট্ৰেভেলছৰ চেমি শ্লীপাৰখনত শিৱসাগৰৰ গৃহাভিমুখী যাত্ৰা। ৰাতি চাৰে বাৰ' বজাত আমনিৰ লাইন হোটেলত ভাত খাই উঠি এনেই অলপ পিৰিক-পৰাক কৰি থাকোতে সেই সময়ত জ'ন ট্ৰেভেলছৰ নতুনকৈ চলা বৰ্মন দাই লৈ অহা volvo B11R খন ৰখাইহি লাইনত । তাকে দেখি বাছ পাগল মোৰ মনটো উঠলি উঠিলেই নহয় l মোবাইলটু সাউতকৈ জেপৰ পৰা উলিয়াই কেমেৰাটো অন কৰি ফটো দুখনমান শ্বুট কৰোঁতেই টিংখং অভিমুখী তনুজৰ এজনী ধুনীয়া ষোড়শী যাত্ৰী আহি দিলেহি নহয় সুধি, "আপুনি কিয় মোৰ ফটো মাৰি আছে?" মই কিবা এটা কবলৈ পোৱাৰ আগতেই যেনিবা অনুৰাগ ট্ৰেভেলছৰ নাহৰকীয়া লাইনৰ ড্ৰাইভাৰ বিমল দাই কলে, ভণ্টি তোমাৰ ফটো মৰা নাই l নতুনকৈ অহা Volvo খনৰহে ফটো মাৰিছে l এওঁলোকৰ দৰে বহুত বাছ ফেন(পাগল) পাবা, ছোৱালীলৈ ঘূৰি নাচালেও বাছ দেখিলে ঘূৰি চাই l বেচেৰী জনী শেন হৈ আহি ফেঁচাটোৰ দৰে উভতি গ'ল l ময়ো আনন্দতে তাইক দেখুৱাই আৰু দুখনমান ফোটো তুলি নিজৰ দ্বীপখনত আসন গ্ৰহণ কৰিলোহি ।

(সেইদিনা বিমল দাই বুজাই নিদিয়া হলে মোৰ পিঠিত ডবা বাজিল হেতেন ছাগে l)