Type Here to Get Search Results !

বিশ্ব পৰিৱেশ দিৱস World Environment Day (WED)

 মিছ নাজলিন বেগম



অসম বাসী সকলোকে বিশ্ব পৰিৱেশ দিৱস আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো | 

        শৰীৰৰ এটা অংশ অবিহনে এটা মানৱ দেহ আধৰুৱা ,
       তেনেদৰে আমাৰ পৰিৱেশটো  আধৰুৱা ,
         গছ আৰু সেউজীয়া আৱৰণ অবিহনে |
           
বিশ্ববাসীক পৰিৱেশ ৰক্ষাৰ প্ৰতি সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয় ৷ কেৱল এই দিনটোতে নহয় আমি প্ৰতিদিনে গছ ৰোপণ কৰিব লাগে | কিয়নো গছে আমাক বিশুদ্ধ বায়ু প্ৰদান কৰাৰ লগতে শীতল ছাঁ দিয়ে ৷ গছ-গছনিৰ শিপাই ভূমি সংৰক্ষণ কৰি বানপানী ৰোধ কৰে ৷গছ-গছনিয়ে বৰষুণৰ সহায়েৰে ধূলি-আৱৰ্জনাসমূহ আতঁৰাই পৃথিৱীখনক নিকা  কৰি ৰাখে ৷ 

বিশ্ব পৰিৱেশ দিৱস (World Environment Day ) প্ৰতি বছৰ ৫ জুনৰ দিনা পৰিৱেশ সচেতনতাক লক্ষ্য ৰাখি এই দিৱস পালন কৰা হয়। এই দিনটিতেই ৰাষ্ট্ৰসংঘৰ মানৱিক পৰিৱেশ কনফাৰেন্স আৰম্ভ হৈছিল। এই কনফাৰেন্স ১৯৭২ খ্ৰিষ্টাব্দৰ ৫ ৰ পৰা ১৬ জুনলৈ হৈছিল। সমগ্ৰ বিশ্বৰ সাধাৰণ মানুহৰ মাজলৈ  প্রকৃতি  প্রেম বিলাই দিয়াটো এই দিৱসৰ অন্যতম লক্ষ্য।
মানুহৰ একমাত্ৰ বাসভূমি এই পৃথিৱীত ক্ৰমে বাঢ়িবলৈ ধৰিছে পৰিৱেশৰ সমস্যা,  গোলকীয় উষ্ণতা বৃদ্ধি আদি সমস্যাবোৰ সমাধানক এই দিৱসৰ লক্ষ্য কৰি লোৱা হৈছে। সেই উদ্দেশ্যে প্ৰতি বছৰে এটা বিষয়বস্তু আৰু শ্লোগান সমগ্ৰ বিশ্বতে প্ৰচাৰৰ আঁচনি কৰা হয়। বিভিন্ন সামাজিক  মানুহক এই দিৱসত জড়িত কৰাই তেওঁলোকক এই বিষয়ৰ সজাগতা কৰি দিয়ে যে  আমি আমাৰ চৌপাশ সুৰক্ষিত আৰু পৰিচ্ছন্ন কৰি ৰাখিব লাগে, সেই কথা 
সাধাৰণ |
এই লক্ষ্যবোৰত উপনীত হোৱাৰ চেষ্টাৰ অংশ স্বৰূপে বিশ্ব পৰিৱেশ দিৱস সমগ্ৰ বিশ্বতে  পালন কৰা হয় । পথ সমদল, বৃক্ষৰোপণ, আৱৰ্জনা পুনৰ ব্যৱহাৰকৰণ, চৌপাশ পৰিষ্কাৰ কৰা অন্যান্য বিভিন্ন কথা  জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ বিভিন্ন সংবাদ মাধ্যমক জড়িত কৰা হয়।
সকলোৱে জানে যে আমাৰ চৌদিশে  প্ৰকৃতি আৰু পৰিৱেশৰ লগত জীৱ-জগতৰ সকলো প্ৰাণীৰ এক বিশেষ সম্বন্ধ আছে |  প্ৰকৃতিৰ ওপৰত জীৱ-জগতৰ সকলো প্ৰাণীয়ে নিৰ্ভৰশীল। গতিকে পৰিৱেশ বিনষ্ট হোৱা মানে মানুহৰ লগতে জীৱ-জগতৰ সকলো জীৱকুলৰে অনিষ্ট সাধন হোৱা।
জল প্ৰদূষণ, শক্তি প্ৰদূষণ, শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ আদি বিভিন্ন কাৰণত পৰিৱেশ বিনষ্ট হৈ আহিছে। পৰিৱেশ দূষিত হোৱাৰ লগতে গোলকীয় উষ্ণতা দিনক দিনে বৃদ্ধি পাই অহা,  ইত্যাদি বিভিন্ন কাৰণত প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, সাগৰীয় ধুমুহা আদি সঘনাই হ’বলৈ ধৰিছে ৷
গাড়ী-মটৰ, কল-কাৰাখানা আদি উদ্যোগসমূহৰপৰা নিৰ্গত হোৱা গেছ বা ধোঁৱাই বায়ু প্ৰদূষণৰ সৃষ্টি কৰি আহিছে ৷ যাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ দিনক দিনে বৃদ্ধি পাইছে ৷ বেমাৰ-আজাৰ হৈ নিতৌ মানুহৰ মৃত্যু ঘটিছে |

গতিকে সময় থাকোঁতেই এই সকলো প্ৰদূষণৰপৰা নিস্তাৰ পাবলৈ হ’লে আমি বসবাস কৰি থকা পৃথিৱীখনক বাসোপযোগী কৰি তুলি ভৱিষ্যৎ প্ৰজন্মক এখন সুন্দৰ পৃথিৱী উপহাৰ দিবলৈ পৰিৱেশ সংৰক্ষণ কৰাটো অপৰিহাৰ্য্য ৷ তেতিয়াহে ভৱিষ্যতলৈ নৱপ্ৰজন্ম সুৰক্ষিত হ’ব ৷
সেই উদ্দেশ্যেকেই মানি আমি ৫  জুন তাৰিখে এই দিৱস পালন কৰা হয়  |
পৰিৱেশ প্ৰদূষণৰপৰা পৰিত্ৰাণ পাবলৈ হ’লে অৰণ্য সংৰক্ষণ কৰাটো অতি আৱশ্যকীয় |মানুহে গছ-গছনি তথা প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে ৷ কিয়নো অতীজৰে পৰা মানৱে গছ-গছনিৰে ভৰা অৰণ্যৰ গুহা, পৰ্বত আদিতে বাস কৰি জীৱন-যাপন কৰিছিল ৷ ফল-মূল খাইয়েই জীৱন ধাৰণ কৰিবলগীয়া হৈছিল ৷ ৰোগ নিৰাময়ৰ বাবে গছৰপৰাই ঔষধ প্ৰস্তুত কৰিছিল ৷ গছ কাটি ঘৰৰ আচ্‌-বাব্‌ , ঘৰ নিৰ্মাণ, দলং নিৰ্মাণ কাৰ্যৰ বাবে বহুতো মূল্যৱান গছ কাটি পেলোৱা হৈছিল ৷ ক’বলৈ গ’লে মানৱ সভ্যতাৰ উদ্ভৱ অৰণ্যতে গঢ়ি উঠিছিল ৷
  কিন্তু মানৱ সমাজে নজনাকৈ মানুহে স্বাৰ্থপৰৰ দৰে বনাঞ্চলৰ গছ কাটি তহিলং কৰি “নিজৰ ভৰিত নিজেই কুঠাৰ মৰা”ৰ দৰে হৈছে ৷ 
মানুহ পৰিৱেশৰ শত্ৰু হৈ পৰিছে ৷
যাৰ ফলত বায়ুমণ্ডল দূষিত হৈ বিষাক্ত গেছেৰে ভৰি পৰিছে ৷ ফলত মানুহৰ শ্বাস-প্ৰশ্বাসত ব্যাঘাত জন্মী শৰীৰ ৰোগীয়া কৰি তুলিছে ৷ নিতৌ নতুন নতুন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে ৷
অৰণ্যৰ ধ্বংসৰ ফলত বন্যপ্ৰাণীৰ আশ্ৰয়স্থল নাইকিয়া হৈ অহাত কেতিয়াবা বন্যজন্তু জনবসতি অঞ্চললৈ ওলাই আহি অসুবিধা সৃষ্টি কৰেহি | আমি আৰু ভুল কিছুমান কৰা আগতে থিক কৰি লও আহক , নিজৰ ঘৰৰ পৰা আৰম্ভ কৰো |

আহক সকলোৱে মিলি গছ ৰোপণ কৰো ,
          প্রকৃতি লগতে আমাৰ জীৱনটো ৰক্ষা কৰো |