Type Here to Get Search Results !

বিস্ময় দৃশ্য

 যদুমণি গগৈ


আগদিনা চুৰ কৰি চোৱা দৃশ্যটোৱে কলতলত যঁজা (যমজ) ল'ৰা হালে উমলা খেলটো খেলিলে ।
         লুডু তেজেৰে লেটি-পেটি হৈ বৰ কৈ চট্‌ফটাবলৈ ধৰোতে তীব্ৰ আতংকত পুদুৱে মা----- ঐ-----মা-----ঐ-----চোৱা-হি-চোন-চোৱাহি-------- ! আটাহ পাৰি মৰ্‌ চিঞৰ মাৰিলে ।
         কোলাত থকা ছোৱালীজনী , কলহ টো পুখুৰী পাৰতে এৰি ----- মাকে দৌৰ দিলে --- ।
     -----আই ---- অ' খালি -- খালি --- অ' তই ল'ৰাটোৰ তেজ খালি ; ৰণচণ্ডী মূৰ্তি ধৰি এচাৰি পাত লৈ পুদুৰ ফালে চোঁচা ললে ।
      সি ভয়ত দৌৰি ৰাস্তাত উঠোতে তীব্ৰ বেগী বাইকৰ খুন্দাত চিটিকি পৰিল ।
      হিয়া ঢাকুৰি কন্দা মাকে , হৰ্থাৎ - পুখুৰীফালে লৰ ধৰিলে ।
     পানীত ওপঙি থকা ছোৱালীজনী দেখি মাক অচেতন হৈ পৰি গ'ল ।