Type Here to Get Search Results !

বিপদৰ বন্ধু

  মালবিকা শৰ্মা


আত্ম নিৰ্ভৰশীল মানুহজনী। নিজৰ উপাৰ্জনৰ টকাৰেই সুন্দৰকৈ চলি যায়, কেতিয়াও কাৰো পৰা একো লৈ পোৱা নাই। সদায় চাকৰি লৈ ব্যস্ত হৈ থকা মানুহজনীয়ে সংসাৰ পতাৰ কথা চিন্তা নকৰিলেও ঘৰৰ মানুহখিনি আৰু আত্মীয়-স্বজনৰ তাগিদাত অনিচ্ছা স্বত্তেও বিবাহৰ বাবে মান্তি হ’বলগীয়া হ’ল। পিছে বয়স বাঢ়ি অহাৰ বাবে বহুত বিচৰাৰ পিছতহে  লৰা এজনৰ সন্ধান পালে। সৰু চাকৰি এটা কৰে যদিও লৰা দেখাই দৰ্শনে ভাল, ব্যৱহাৰো বৰ অমায়িক। সৰুকৈ পাতিলেও বিয়াখন সুকলমে হৈ গ’ল। কিছুদিন ভালদৰে পাৰ হ’ল। লাহে লাহে গিৰিয়েকৰ স্বভাৱত কিছু পৰিবৰ্তনে দেখা দিলে। ঘৈণিয়েকৰ উপাৰ্জনৰে আৰামকৈ বহি খাবলৈ পাই মানুহজনে নিজৰ চাকৰিলৈ যোৱা ঢিলাই দিলে, পিছলৈ নোযোৱাই হ’ল।
     প্ৰায়ে গাওঁৰ ঘৰখনলৈ এপাক মাৰিব যোৱা গিৰিয়েকে যাওতে মানুহজনীৰ পৰা টকা-পইচা খুজি লৈ যায়। কত, কি খৰচ কৰে তেওঁহে জানে, সুধিলেও একো উত্তৰ নাই। কাম বন নকৰি বহি খোৱা মানুহজনৰ হঠাতে সাহিত্য-চৰ্চাৰ প্ৰতি আসক্তি জন্মিল। তেওঁ সাহিত্য-চৰ্চাৰ নামত ইপিনে-সিপিনে ঘুৰি ফুৰা, কোমল বয়সৰ ছোৱালী কিছুমান আনি ৰূম বন্ধ কৰি সোমাই থকা হ’ল। ঘৈণিয়েকে সুধিলে তেওঁ ঠাট্টা কৰি কয়-“ এইবোৰ উন্নত মানৰ চিন্তা-চৰ্চা তুমি কি বুজি পাবা”।গিৰিয়েকৰ কামবোৰত অতিষ্ঠ হৈ এদিন মানুহজনীয়ে কি কৰি আছে বুলি চিধা-চিধি সোধাত গিৰিয়েকে মনৰ হেপাহ পলুৱাই পিটিলে। ইয়াৰ পিছৰ পৰাই সামান্য অজুহাততে গিৰিয়েকে হাত উঠাবলৈ আৰম্ভ কৰিলে।
       চাকৰিৰ পৰা অৱসৰ পোৱা, বয়স হৈ অহা মানুহজনীয়ে এনে এটি পৰিস্থিতিত শাৰীৰিক আৰু মানসিক ভাৱে দুৰ্বল হ’বলৈ আৰম্ভ কৰিলে, স্বভাৱটোও খিংখিঙিয়া হৈ আহিল। পিছে এই দুখৰ কথা ক’ব কাক। কাৰোবাৰ ওচৰত প্ৰকাশ কৰিলেও তাইহে দোষত পৰে। ওচৰ-চুবুৰীয়া তথা আত্মীয়-স্বজনৰ ওচৰত অমায়িক ব্যৱহাৰৰ বাবে গিৰিয়েক অতি প্ৰিয়। তেওঁক বেয়া পোৱা মানুহ নাই বুলিবই পাৰি। বেচেৰি মানুহজনীয়ে মনৰ ভিতৰতে গুজৰি গুমৰি থাকে।
         খা-খবৰ লৈ ভাল উপদেশ দিয়াৰ ভিতৰত মানুহজনীৰ এজনীয়েই বান্ধৱী। বেলেগ এখন চহৰত  থাকিলেও মানুহজনীৰ ঘৰুৱা অশান্তিৰ কথা জানে বাবে প্ৰায়ে বান্ধৱীয়ে ফোন কৰি উৎসাহ আৰু সাহস যোগায়। এদিন হঠাতে আগজাননী নিদিয়াকৈ মানুহজনীৰ ঘৰলৈ বান্ধৱী গৰাকী উপস্থিক হৈ সুসংবাদ দিয়ে গিৰিয়েকে চাকৰিৰ পৰা অৱসৰ লোৱাত একেবাৰে উঠা দি অহা বুলি। ইমান অশান্তিৰ মাজত প্ৰিয় বান্ধৱীক একেবাৰে কাষত পাই মানুহজনীয়ে আবেগ-বিহ্বল হৈ ইমান দিনে সহি অহা শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বিষয়ে সকলো কথা খুলি কয়। ঘৰুৱা অশান্তিৰ কথা জানিলেও শাৰীৰিক নিৰ্যাতনৰ কথা প্ৰথমবাৰৰ বাবে জানিব পাৰি বান্ধৱী গৰাকী আচৰিত হৈ মানুহজনীক ক’লে-“ তই ইমান ডাঙৰ কথা এটা মোক নোকোৱাকৈ আছিলি কিয়? বহুত সহ্য কৰিলি, আৰু নালাগে। ঘৰ তোৰ, টকা তোৰ, সকলো দায়িত্ব পালন কৰিবি তই আৰু বিনা দোষত মাৰ খাবিও তই, এইটো কি কথা? গিৰিয়েৰক সাৱধান কৰ, ভদ্ৰ ভাৱেৰে নাথাকিলে ঘৰৰ পৰা ওলাই যাবলৈ ক। কথা নুশুনিলে শাৰীৰিক আৰু মানসিক যন্ত্ৰনা দিয়াৰ বাবে পুলিচৰ ওচৰত গোচৰ দে, উচিত দণ্ড পাব। তই আৰু দুৰ্বল নহবি। সমাজৰ কোনে কি ক’ব, কি কৰিব সেইবোৰ নাভাৱি বাচি থকা দিনবোৰ শান্তিৰে পাৰ কৰ। তই আগ বাঢ়, মই লগত আছো।”
       বান্ধৱী গৰাকীৰ শক্তিশালী কথাখিনিয়ে দুৰ্বল হৈ পৰা মানুহজনীৰ মনত আচৰিত ধৰনে সাহসৰ সঞ্চাৰ কৰিলে। বান্ধৱীক হৃদয়ৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰি এই অন্যায়ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ মানুহজনী দৃঢ়-প্ৰতিজ্ঞ হ’ল।