Type Here to Get Search Results !

আমাৰ অসমৰ নিবনুৱা সমস্যা আৰু ভৱিষ্যত

 জাবেদ আলী


অসম স্বাধীন হোৱাৰ পিছৰে পৰাই কিছুমান বৃহৎ সমস্যা গা -গঢ়ি উঠিছিল আৰু আজিও সেই সমস্যা সমূহে অসমক তল পেলাই ৰাখিছে। সেই সমস্যা সমূহৰ ভিতৰত অন্যতম হ'ল- নিবনুৱা সমস্যা। অসমৰ দৰে এখন ৰাজ্যত প্ৰতি বছৰে  শিক্ষিত আৰু অশিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই আহিছে আৰু অনাগত দিনত বৃদ্ধি পাব। শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি‌য়ে সচেতন মহলত এক চিন্তিত বিষয় হয় পৰিছে। প্ৰতিজন নিবনুৱায়ে সংস্থাপন পোৱাৰ আশা কৰে, চৰকাৰ প্ৰতি বিশ্বাস ৰাখে যে, সময়ত চৰকাৰে এক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি সংস্থাপন দিব। যেতিয়া চৰকাৰে নিবনুৱা সকলক সংস্থাপন দিব নোৱাৰে বা বিফল হয় তেতিয়া নিবনুৱা সকলৰ জীৱনত এক অমানিশা নামি আহে। চৰকাৰে সংস্থাপনৰ ক্ষেত্ৰত যি মান পাৰে কৰিছে কিন্তু!  আৰু যি পাৰে সয়া কৰক, অধিক দৰমহাৰ চাকৰি নালাগে এটা সুন্দৰ পৰিয়াল চলাব পৰাকৈ দৰমহা দি‌য়ক, প্ৰয়োজন হ'লে বিদেশত যি পদ্ধতিৰে সংস্থাপন দিয়ে সেই পদ্ধতি অৱলম্বন কৰক।  ব্যক্তিগত খণ্ডত চাকৰি হওঁক একো নাই মাথো চৰকাৰে ভৱিষ্যতৰ কথা চিন্তা কৰি কিছুমান ব্যৱস্থাপনা মাজেদি নিবনুৱা সমস্যাক সমাধান কৰাৰ বাবে উন্নত চিন্তা কৰিব লাগে। 

সংস্থাপনৰ অভাৱত নিবনুৱা সকলৰ মাজত আত্ম সন্মান নাইকিয়া হৈছে সমাজত মূৰ ডাঙি চলিবলৈ পৰা নাই। কাৰণ আমাৰ সমাজত এতিয়াও এনে এচাম মানুহ যে কয়," এইটো অমুকৰ ল'ৰা/ ছোৱালী নহয় জানো, মাক দেউতাকে গাঁঠিৰ ধন ভাঙি ইমান কষ্ট কৰি পঢ়ালে এটা চাকৰি ল'বলৈ নোৱাৰিলে"। 
এনেদৰে কথাই নিবনুৱা সকলক আন্তৰিক আঘাত দিয়ে, হয় পঢ়িছে উচ্চ ডিগ্ৰী লাভ কৰিছে, কিন্তু ভাল সংস্থাপন পাবটো লাগিব য'ত নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে, য'ত তত কৰিলেতো নহ'ব, অনাগত ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব। গতিকে নিবনুৱা সকলক লয় সমালোচনা বা প্ৰতাৰণা কৰিব নালাগে বৰঞ্জ তেওঁ লোকক উৎসা দিয়ক যাতে নিজৰ জীৱনক ভালদৰে আগুৱাই নিব পাৰে। সমাজৰ চিন্তা সলনি হ'লেহে দেশ সলনি হ'ব। 
আহক আমি সকলোৱে মিলি নিবনুৱা সকলৰ লগত জড়িত হৈ তেওঁ লোকক সহায় কৰোঁ, উৎসা, প্ৰেৰণা দিওঁ।