পবিত্ৰ প্ৰজ্ঞান
তোমাক দিবলৈ নাই মোৰ একো
আছে মাথোঁ সঁচা মৰম এবুকু,
বুকুৰ মৰমবোৰ
ৰৈ আছে তোমাৰলৈ
আহিবা নে তুমি ?
হৃদয় ভৰি আছে প্ৰেম
সাঁচি ৰখা প্ৰেমেৰে
সাজিম এখন ঘৰ
মাথোঁ তোমাৰ বাবে ।
চিৰ সেউজ আৱেগবোৰ
ভাল পোৱা মৰমেৰে
মোৰ জীৱন পোহৰাই তুলিবলৈ
আহিবা নে তুমি ?
তোমাৰ মৰমৰ মাজত
মই ফুলি উঠিম এক
সুৰুযমুখী ফুল হৈ ।