মনস্বিনী শৰ্মা
|
ঘড়ীৰ
কাঁটাকেইডালে সোঁৱৰায় তোমাৰ অস্তিত্ব।
তোমাৰ
নিৰৱচ্ছিন্ন প্ৰৱাহত ব্যস্ত আমি,
তোমাৰ গতিৰ
সমকক্ষ হ'বলৈ স্থবিৰ নহওঁ কদাপ
তোমাৰ বাবেই
কল্পনাৰ জগতত কৰো বিচৰণ,
অনুভৱী মনৰ
তেজাল সপোনক তোমাতেই কৰো অৰ্পণ।
তোমাৰ বাবে জীৱন গ্ৰন্থৰ পৃষ্ঠাত লিখো অলেখ কাহিনী,
জীৱনৰ ৰে'লগাড়ীখনে কঢ়িয়ায় বহু যাত্ৰী।
সপোনৰ ৰঙীন
পূৰ্ণতাৰ আশাত অপেক্ষাৰত তোমালৈ, (দিঠকৰ বিড়ম্বনাৰ সত্বেও)
তোমাৰ কঁৰাল
গ্ৰাসত লোপ পায় বাখৰুৱা স্মৃতি,
ব্যৰ্থ
অনুসন্ধানৰ মেলানি মাগি জ্বলাও হিয়াৰ বন্তি।
সময়,তুমি অপৰাজয়,
অঘৰী মনৰ শান্তিৰ আলয়।
চেষ্টাইও পাৰ
নাপায়
তোমাৰ পাঁখিলগা
কাঁড় ধৰিবলৈ
সময়,তুমি নহ'বা অসময়।