Type Here to Get Search Results !

ছশ বছৰীয়া আহোম শাসন কালৰ শাসন নীতি সমুহ

 দীপজ্যোতি বৰগোহাঞি 


   মধ্যযুগত পৃথিবীৰ অনান্য দেশ সমুহৰ  প্ৰচলিত ৰাজতান্ত্ৰিক  পদ্ধতিৰেই আহোম সকলে দেশ শাসন কৰিছিল ৷ৰজা আছিল সৰ্বাধিনায়ক  ৷শাসন সম্পৰ্কীয় কাম কাজত সদায় কৰিবলৈ তিনিজন আজিৰ তাৰিখৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী বা ডা -ডাঙৰীয়া ৰ দ্বাৰা গঠিত মন্ত্ৰী পৰিষদ ৷তিনিজন মন্ত্ৰী ক্ৰমে বুঢ়া গোহাঁই ;বৰগোহাঞি ;আৰু বৰপ্ৰাত্ৰ গোহাঁই ;লগতে দুজন উচ্চ পদস্থ বিষয়া বৰফুকন আৰু বৰবৰুৱাই সততে স্বৰ্গদেউক সকলো কাৰ্যতে সহায় কৰিছিল ৷এওঁলোকৰ দায়িত্ব আজিৰ দিনৰ কেবিনেট মন্ত্ৰী সকলৰ দৰে আছিল ৷কিন্ত এওঁলোকৰ দায়িত্ব গাইগুটীয়া আছিল ৷কেবিনেট পৰ্যায়ৰ মন্ত্ৰী সমুহৰ দৰে সমুহীয়া দায়িত্ব নাছিল ৷ৰজাই প্ৰজাৰ সুখ শান্তিৰ  বাবে প্ৰাণ উছৰ্গা কৰিবলৈ কুণ্ঠাবোধ নকৰিছিল ৷ছশবছৰীয়া ৰাজত্ব কালৰ প্ৰথম সময়ছোৱাত  ৰজাৰ মৃত্যু হলে তেওঁৰ বৰপুত্ৰহে ৰজাৰ  সিংহাসনত বহিব পাৰিছিল যদিও পাছলৈ সেই নিয়ম সলনি হৈছিল ৷স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মৃত্যুৰ পাছত তেওঁৰ চাৰিজন পুত্ৰ শিবসিংহ ;প্ৰমত্ত সিংহ ;ৰাজেশ্বৰ সিংহ ;আৰু লক্ষ্মী সিংহ এজন এজনকৈ ৰজা হৈছিল ৷যদিও মাজে মাজে ৰজাৰ ভতিজা বা দূৰ সমন্ধীয় লোককো সিংহাসনত বহুৱাইছিল ৷কিন্ত ৰজা হবলৈ তেওঁ ৰাজ পৰিয়ালৰ হবই লাগিছিল ৷ৰজাক অসমীয়াত স্বৰ্গদেউ আৰু তাই ভাষাত "চাওফা "বুলি  সম্বোধন ধৰিছিল ৷ৰজাৰ বাহিৰে এই উপাধি বেলেগ কোনেও গ্ৰহণ কৰিব নোৱাৰিছিল ৷আহোম সকলৰ এটা বিশেষ নিয়ম আছিল যে কোনো গাত ক্ষুত থকা ৰাজকোঁৱৰ ৰজা হব নোৱাৰিছিল ৷ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ শাসল ব্যৱস্থাৰ দ্বিতীয় পৰ্যায়ত আছিল মন্ত্ৰী সকল যাক ডাঙৰীয়া বোলা হৈছিল ৷চাওল্যুং চুকাফাৰ দিনৰে পৰা চুহুংমুং ৰজাৰ ৰাজত্ব কাললৈকে কেৱল দুজন মন্ত্ৰী বুঢ়া গোহাঁই আৰু বৰগোহাঞি  হে আছিল ৷কিন্ত চুহুংমুং ৰজাই "বৰপাত্ৰ গোহাঁই "নামৰ আন এটা পদ সৃষ্টি কৰি বাকী দুজন  ডাঙৰীয়াৰ সম মৰ্যদ্যা  প্ৰদান কৰিছিল ৷ৰজাৰ দৰেই তিনিওজন ডাঙৰীয়াৰ বংশানুক্ৰমিক আছিল যদিও অৱশ্যে উপযুক্ত পুত্ৰ নাথাকিলে ৰজাই সেই বংশৰে আন এজনক গোহাঁই পদত অধিষ্ঠিত কৰিছিল ৷আৰশ ৰজাৰ সেই ক্ষমতা আছিল ৷তিনিওজন গোহাঁইৰ যথেষ্ট ক্ষমতাশালী আছিল আনকি তিনিওজনে একেলগে সিধান্ত কৰি ৰজা ভঙা পতা কৰিব পৰা ক্ষমতা আছিল ৷সেইবাবে ই ৰজাৰ বৰ চৰাৰ বাদে তেওঁলোকক আন ঠাইত একগোট হ’বলৈ দিয়া হোৱা নাছিল  বুলি বুৰঞ্জীবিদ সকলে কয় ৷ছশ বছৰীয়া আহোম ৰাজত্ব কালত কোনো ডা- ডাঙৰীয়া বিভিন্ন পৰ্যায়ৰ বিষয়াক বেতনৰ ব্যৱস্থা নাছিল বেতনৰ পৰিবৰ্তে বিষয়াসকলক খাট টা পথাৰ আৰু পাইক দিয়া হৈছিল ।দিখৌ নদীৰ পুৱ পাৰৰ পৰা শদিয়ালৈকে বুঢ়াগোহাঁই খাত আৰু দিখৌ নদীৰ পশ্চিম পাৰৰ পৰা কলিয়াবৰলৈকে বৰগোহাঁইৰ খাত আছিল ৷ডফলা পাহাৰৰ পৰা উত্তৰ লখীমপুৰকে ধৰি বৰাহী চুতীয়া অধিকৃত অঞ্চললৈকে বৰপাত্ৰগোহাঁইৰ খাত আছিল ৷এই খাত সমুহত কাম কৰিবলৈ প্ৰতিজন গোহাঁই ডা্যৰীয়াক দহ হাজাৰ জন পাইক দিছিল ৰজাৰ ঘৰৰ ফালৰ পৰা ৷কিন্ত কোনো কাৰণতে গোহাঁই ডাঙৰীয়া কেইজনে সেই খাত বা পথাৰ বিক্ৰী বা হস্তান্তৰ কৰিব নোৱাৰিছিল ৷কেৱল মাত্ৰ পাইকৰ হতুৱা সেই খাত বা পথাৰত খেতি কৰাৰ কতৃত্ব আছিল লগতে পাইকৰ গোচৰ  সুধি দোষীক শাস্তি প্ৰদান কৰিব পাৰিছিল ৷চ্যুকাফাই প্ৰতিষ্ঠা কৰা আহোম সাম্ৰাজ্য স্বৰ্গদেউ চুহুংমুং প্ৰতাপ সিংহৰ ৰাজত্ব কালত ক্ৰমান্বয়ে সম্প্ৰসাৰণ হ’বলৈ ধৰে আৰু স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত এখন বিশাল ৰাজ্যত পৰিণত হয় ৷সেয়ে শাসনৰ সুবিধাৰ বাবে স্বৰ্গদেউ প্ৰতাপ সিংহই বৰফুকন আৰু বৰবৰুৱা নামৰ দুটা নতুন পদৰ সৃষ্টি কৰিছিল উল্লেখযোগ্য যে প্ৰথম বৰফুকন আছিল লাঙ্গিপানি আৰু প্ৰথম বৰবৰুৱা আছিল মোমাই তামুলী ওৰফে শুকতি ৷এই দুজন বিষয়াও অতি ক্ষমতাশালী আছিল ৷যদিও বাকী তিনিজন ডা -ডাঙৰীয়াৰ দৰে এওলোকৰ পদ দুটা বংশানুক্ৰমিক নাছিল ৷যোগ্যতা অনুসৰি বাৰটা পৰিয়ালৰ পৰা ৰজাই নিয়োগ কৰিছিল ৷তিনিজন গোহাঁই ৰ শাসনৰ বাহিৰত থকা অঞ্চল সমুহ এই দুজন বিষয়াৰ শাসন কৰিছিল ৷বৰবৰুৱা আছিল স্থানীয় শাসন আৰু বিচাৰৰ প্ৰধান বিষয়া ৷যুদ্ধ পৰিচালনাৰ দায়িত্ব তেওঁৰ ওপৰতে দিয়া হৈছিল ৷কিন্ত গোহাঁই কেইজনৰ বিনা অনুমতিত একো কৰিব নোৱাৰিছিল ৷বৰবৰুৱাই ১৪০০০ পাইক আৰু ১০০০পুৰা মাটি আৰু ২৫ গোট লিকচৌ পাইছিল ৷বৰফুকন নামনি অসমৰ কাৰ্যবাহী বিষয়া আছিল ৷প্ৰথমতে তেওঁৰ কাৰ্যালয় কলিয়াৰত আছিল যদিও ৰাজ্যৰ পৰিসৰ বাঢ়ি যোৱাত গুৱাহাটীলৈ স্থানান্তৰ কৰি হৈছিল ৷ৰাজধানীৰ পৰা দূৰত তেওঁৰ যথেষ্ট দায়িত্ব পালন কৰিব লগা হৈছিল ৷কামৰূপৰ কৰ কাটল তোলা আৰু ভোটানৰ লগত সম্পৰ্ক ৰখাও তেওঁৰ দায়িত্ব আছিল ৷এইজনা বিষয়াও ১৪০০০ পাইক আৰু ১০০০ পুৰা মাটি পাইছিল ৷নামনি অসমৰ গোচৰ সমুহৰ বিচাৰ কৰি ৰক্তছেদ নকৰাকৈ শাস্তি দিয়াৰ ক্ষমতাও বৰফুকনৰ হাতত স্বৰ্গদেউ ৱে ডা -ডা্ঙৰীয়া কেইজনে প্ৰদান কৰিছিল (সহায় লৈ