Type Here to Get Search Results !

স্মৃতি আৰু আশাৰ সাঁকো

 মালবিকা শৰ্মা


 ইমান কেইটা বছৰ এই দেশখনত অতিবাহিত কৰাৰ পিছত নিজৰ দেশলৈ উভতি যাবলৈ যোজা কৰাৰ সময়ত ৰমাৰ মনত এক বিচিত্ৰ অনুভূতিৰ সৃষ্টি হৈছে যেন তাই নিজৰ দেশখন এৰি আন এখন অজান দেশলৈহে যাবলৈ ওলাইছে। এই ঠাইত নিৰ্বাহিত কৰা সময় খিনিৰ স্মৰণ, অতীতত ঘটি যোৱা ভাল-বেয়া ঘটনাৰ স্মৃতি, ওচৰ-চুবুৰীয়া, বন্ধু-বান্ধৱৰ লগত কটোৱা সময়ৰ লগতে ইয়াত থকা সকলো ধৰণৰ বৈষয়িক বস্তুকে হেৰুৱাৰ চিন্তাৰে তাই ভাৰাক্ৰান্ত হৈ পৰিছে। আজি অত বছৰে ভাড়া লৈ থকা ঘৰটোত, যত তাই সুখৰ সংসাৰ গঢ়ি তুলিছিল, নিজৰ ৰঙেৰে সকলো ৰঙীন কৰি তুলিছিল, সেই ঘৰটো এৰি যোৱাৰ বেদনাই তাইক মৰ্মাহত কৰি তুলিছে।
    বহুত বছৰৰ আগতে যিদিনা নিজৰ দেশ, আত্মীয়-স্বজন, বন্ধু-বান্ধৱক এৰি এই দেশলৈ আহিছিল, সিদিনাও তাইৰ একে অনুভূতিয়ে হৈছিল। হয়তো মানৱ প্ৰকৃতি এনেকুৱাই। এটা ঠাইত থাকি যোৱাৰ পিছত সেই ঠাইৰ বস্তুবোৰৰ মায়াত এনেদৰে জড়িত হৈ পৰে যে সেই মায়া ত্যাগ কৰি আন এটা পৰিবেশলৈ যোৱাটো কষ্টকৰ হৈ পৰে। বৈষয়িক সংসাৰৰ প্ৰতি থকা সংলগ্নতা বা অন্তৰ্নিহিততাৰ বাবে মানৱ মন সদায় আসক্তিৰে পূৰ্ণ হৈ থাকে। এই সংলগ্নতাৰ বাবেই ৰমাৰ মনটো বিহ্বল হৈ আছে।হয়তো ভৱিষ্যতলৈ  সময়-সুবিধা কৰিব পাৰিলে তাই এই দেশলৈ আকৌ ফুৰিবলৈ আহিব। হয়তো তেতিয়া আৰু এই সময়, এই পৰিবেশ নাথাকিব, সকলোবোৰ নতুন হ’ব। তথাপিও ইয়াত কটোৱা সুন্দৰ স্মৃতিবোৰে তাইৰ অন্তৰ সদায় সুখেৰে উপচাই ৰাখিব। এই কথাখিনি চিন্তা কৰিয়ে তাইৰ মনটোৱে যেন কিছু সকাহ পালে।
   স্বদেশলৈ গৈ এক সোনালী ভৱিষ্যতৰ সপোন ৰচাৰ আশাৰে ৰমাই নিজৰ মনটোক দৃঢ় কৰি হৃদয়ৰ মণিকোঠাত ইয়াত কটোৱা সুন্দৰ স্মৃতিবোৰ সাঁচি লৈ নিজৰ দেশলৈ উভতি যাবলৈ সাজু হ’ল।