পবিত্ৰ প্ৰজ্ঞান
মোৰ হৃদয়ৰ দুৱাৰ খুলি
সোমালাহি নীৰৱে তুমি আহি
মই যে গমকে নাপালোঁ ।
তোমাক নিজৰ কৰি পোৱাৰ আশা আক্ষাংকা , কামনা বাসনা লৈ খালোঁ হাবাথুৰি ।
কাষত পায় ও নোপোৱাৰ বেদনা কিমান বাৰু,,,,?
তুমি চাগে বুজি পোৱা.....!
তোমাক লগ পোৱাৰে পৰা
অনুভৱ কৰিছো মই
বুকুৰ একোনত কিবা
এক অবুজন বিষ।
আহ : ইযে ক্ৰমশঃ বাঢ়ি আহিছে
বাৰিষাৰ চিপ চিপ বৰষুণৰ পৰা
এজাক দুপাল পিটা বৰষুণলৈ.....
বতাহত উৰিছে তোমাৰ সুগন্ধি
দুচকুত ভাহিছে তোমাৰ প্ৰতিচ্ছবি
সচাকৈ তুমি যে নামি আহিছা
মোৰ বুকুৰ মাজলৈ এজাক....
শুভ্ৰ , স্নেহ সিক্ত প্ৰেমৰ বৰষুণ হয় ।।