Type Here to Get Search Results !

প্ৰতিচ্ছৱি

 মমী তামুলী


  গধুৰ হৈ আহিছিল গাঁও খনৰ পৰিৱেশটো।গাঁৱৰে বিধৱা বিমলাৰ গাভৰু জীয়েক জনীক হেমকান্তই কৰা সৰ্বনাশৰ বু-বু বা-বা খিনিয়ে বতাহজাক আৰু বেছি গধুৰ কৰি তুলিছিল।

         পত্নীয়েও আহি একেখিনি কথাকে এইয়া ৰমেনক কৈছেহি।
          বিজুলীৰ সোঁতৰ দৰে সোঁত এটা যেন ৰমেনৰ শৰীৰ-মনৰ মাজেদি বগুৱা বাই গ'ল।সন্মুখতে থকা আইনা খনলৈ ইতস্ততঃ ভাৱ এটাৰে মূৰ তুলি চালে সি।

      সেইয়া…তাৰ মুখখনৰ ঠাইত সেইখন হেমকান্তৰ মুখ জিলিকি উঠিছে।