অজয় বৰুৱা
(১)হকাৰ
ৰেলখন ৰখোৱাৰ লগে লগে দুই কান্ধত দুটি টোপোলা সহ ৰামু ডবাটোৰ পৰা জাপ মাৰি নামিল। তাক দেখি পুলিচ এজন দৌৰি আহি টোপোলা এটাত হাতত থকা লাঠি ডালেৰে প্রকাণ্ড কোব এটা মাৰি সুধিলে,,
"ঐ ইয়াত কি আছে?"
ৰামুই কন্দনমুৱা হৈ ক'লে
"চাৰ ইটো টোপোলাটো কোব এটি মাৰক।তেতিয়া আৰু ইয়াত একো নাথাকিব।"
পুলিচজন ড়তবাক।কি কয় এইটোৱে। সি টোপোলাটো খুলি চাই দেখে ,,,,,,,,,,।ধেৎ ইচোন আইনাৰ খাৰু বেছা হকাৰহে।
পুলিচজন চকুলো বৈ অহা ৰামুৰ মুখলৈ চাব সাহস নকৰি ব্যস্ততা দেখুৱাই আঁতৰি গ'ল।
(২)ৰিজাল্ট
লখিমীয়ে পুতেক লক্ষীৰ মেট্রিক পৰীক্ষাৰ ৰিজাল্ট ল'বলৈ অহা মানুহক খুৱাবৰ বাবে লাল-মোহন আনিবলৈ গৈ যেতিয়া গম পালে লক্ষীয়ে তৃতীয় বিভাগত কোনোমতে উত্তীর্ণ হৈছে তেতিয়া মানুহক লাল-মোহন খুওৱাৰ চিন্তা বাদ দি নিজে লালমোহন এটাৰে সুন্দৰকৈ চাহ একাপ খাই দুপেকেট বিস্কুট লৈ দুখ মনেৰে ঘৰ পালেহি।
(৩)অব্যক্ত
বন্দনাক বহু দিনৰ মূৰত হর্থাৎ লগ পাই গলো। মানে সুর্দীঘ দহ বছৰৰ মূৰত। আই এছ বি টিত কাউন্টাৰৰ পৰা টিকটি লৈ খৰখেদাকৈ বাছখন উঠিছো। চিট নাম্বাৰ কিমান দিছিল চোৱাই নাছিলো। গাড়ীৰ ভিতৰতহে চালো ষোল্ল। চিটকেইটি হিচাপ কৰি ষোল্ল নম্বৰটো পায় বহিব বিচাৰিছো মাত্ৰ, মোৰ কাষৰ চিটত বহি থকা ছোৱালী জনীয়ে মাত লগালে,,,,
অম্লান তই,,,?
প্ৰথমে মই চিনিপোৱাই নাছিলো ।তাইক সাজপাৰ , ভাৱ-ভংগী, চেহেৰা -পাতিত সম্পূৰ্ণ আধুনিক আৰু বিলাসীতাৰে পৰিপূর্ণ যেনেই লাগিল। চিটটোত ভাল দৰে বহি লৈ মোৰ জীৱন বৃত্তান্ত আৰু তাইৰ লগত এই নাটকীয় মিলনৰ কথা সুধিবলৈ মুখ মেলোতেই তাইৰ ফোনটো বাজি উঠিল। মোক "এক ছেকেণ্ড হা" বুলি তাই সুদীৰ্ঘ তিনিঘন্টা ফোনত কথা পাতি পাতি নিজৰ গন্তব্যস্থান পায় নামিবলৈ গ'ল। ফোনৰ কলটো নকটাকৈয়ে মাথো কৈ গ'ল,,,
"ধন্যবাদ। লগ পাই ভাল লাগিল, লগ পাম"।
মই তাইৰ পৰা কিবা শুনিবলৈ আৰু কিবা কবলৈ তিনিঘন্টা তাইৰ (আৰু ফোনৰ সিটো পাৰে থকাজনৰ ) ফোনৰ কথাবোৰ শুনি বহি থাকিলো।
(৪)জাত-পাত:
মহীধৰ মাষ্টৰে ইঞ্জিনিয়াৰ পুতেকলৈ বিয়া পাতি অনা ছোৱালীজনীৰ কথা ৰঞ্জন মহন্তই সুবিধা পালেই বিজতৰীয়া ছোৱালী,জাত মাৰিলে অঞ্চলৰ,ছোৱালী বিছাৰি নেপালে আৰু আদি বদনাম যিবোৰ মানুহৰ আগত গাই ফুৰিছিল সেই একেখিনি মানুহকে নিজৰ ছোৱালীজনী অজাতৰ ল'ৰাৰ লগত পলাই যাওঁতে কলে যে জাত-পাতনো আজিৰ যুগত কি কথা,ল'ৰাজনহে আচল,,,।
(৫)স্বভাৱ
অভ্যাস আৰু মুদ্রাদোষে লগনেৰা আঢ়ৈকুৰি বছৰ বয়সত বিয়া কৰাবলৈ মন মেলা মনবৰে য'তেই ছোৱালী চাবলৈ যায় কিবা নহয় কিবা খুত উলিয়াই নাকচ কৰে এৰি আহি শেষত গাঁৱৰ সিটো মূৰৰ এঘৰীয়া হৈ থকা মনেশ্বৰৰ জীয়েক,অৱৈধ সন্তানৰ মাক হোৱা মালাক কেঁচুৱাটোৰ সতে পলুৱাই ঘৰ সোমালেহি।