Type Here to Get Search Results !

কাব্য সংকলন-স্মৃতিৰ পাপৰি কবি-সুৰভি বৰপাত্র গোঁহাই চেতিয়া

গ্ৰন্থ পৰ্য্যালোচনা ঃ- মিৰ্জা হুমায়ুন কবিৰ 


কাব্য সংকলনঃ-স্মৃতিৰ পাপৰি 

কবিঃ-সুৰভি বৰপাত্র গোঁহাই চেতিয়া 

---------------------------------------

 প্ৰিয় কবি সুৰভি বৰপাত্র গোঁহাই চেতিয়াৰ সুন্দৰ বেটুপাতেৰে সজোৱা  কাব্য সংকলন " স্মৃতিৰ পাপৰি" | কিতাপখন হাতত পৰাৰ ল'গে ল'গে যেন এক বিশেষ আকৰ্ষণে কৌতুহল সৃষ্টি কৰে পাঠকৰ মনত  জনাৰ আগ্ৰহ ; বুজাৰ আগ্ৰহ |

     কাব্য সংকলনৰ পৃষ্ঠা মেলি চোৱাৰ প্ৰয়াস কৰিছো | বেটুপাতৰ ছবি খন মন কৰিবল'গীয়া , মানুহৰ মগজুত স্মৃতি সঞ্চিত থাকে সৱল বা ক্ৰমশঃ দুৰ্বল স্থিতিত | কিন্তু এজনীৰ মূৰৰ ওপৰত অকলশৰীয়া চৰাইৰ অৱস্থিতিয়ে এক ৰহস্যময় প্ৰশ্ন বোধক চিহ্ন ৰাখি গৈছে | সৃষ্টিৰ পথাৰত এয়া যেন সুনিপুণ শিল্পীৰ কৌশলী বাহাদুৰি |

কবিৰ সৰ্বস্বত্বৰে কিতাপ খন আকৰ্ষণীয় কৈ ছপা কৰি উলিয়াইছে শিৱ সাগৰৰ ' 'স্পেক্ট্ৰাম অফছেট' এ আৰু প্ৰচ্ছদ সজ্জাত আছে ৰিদিব বৰুৱা দেৱে | 

ব্যতিক্ৰমি দৃষ্টান্তৰে কবিয়ে কিতাপ খন উচৰ্গা কৰিছে কবিতা পঢ়ি ভাল পোৱা অনুৰাগী সকললৈ | প্ৰায় তেইশ গৰাকী শুভাকাংখী লৈ কবিয়ে কৃতজ্ঞতা জ্ঞাপন কৰি লিখকৰ কলমত অতি মন পৰশা কথাকেই লিখিছে....


" মই অম্বেষণ কৰোঁ সেউজী পৃথিৱীৰ , অম্বেষণ কৰোঁ মানুহৰ পৃথিৱী |  মানুহৰ মাজত বিচাৰি ফুৰোঁ,সঁচা মানৱতা | " 

যেন ক্ষুদ্ৰ কলেৱৰত লিপিবদ্ধ কৰিছে জীৱনৰ বৃহৎ পৃষ্ঠা |

প্ৰায় পঞ্চাশ টা কবিতাৰে সজোৱা দৃষ্টি নন্দন কিতাপৰ প্ৰতিটো পৃষ্ঠাই যেন মন খুলি আলচ কৰিব খোজে পাঠকৰ সৈতে , য'ত প্ৰতিটো কবিতাৰ বুকুত ভাৱ গধুৰ ছন্দ-অলংকাৰে স্পৰ্শ কৰে সাগৰৰ অটল গৰ্ভ  , কৈ যায় জীৱনৰ বহু কথা ! 

     কোনো এটা কবিতাকেই এৰি যোৱাৰ সুযোগ যেন পাঠকৰ হাতত নাই ,তাৰ মাজৰ পৰা দৃষ্টি আকৰ্ষণ কৰিব খুজিছো এটা মানৱীয় আবেদনৰ কবিতা " মানৱতা " |

আহক ! মেলি চাও কবিতাৰ পৃষ্ঠা - হৃদয়ঙ্গম কৰোঁ আত্মাৰ প্ৰতিধ্বনি |


" যান্ত্রিকতাৰ বৰষুণত তিতি জুৰুলি জুপুৰি

আজি দিনৰ মানৱ জাতি ,

নিবিচাৰে শান্তি-সম্প্ৰীতি, বিচাৰে 

প্ৰিয় কবিয়ে মানৱতাৰ সন্ধান কৰিব গৈ এক মনোহৰ চিত্র উপস্থাপন কৰি কৈছে ---

আজিৰ পৃথিৱীয়ে যান্ত্রিকতাৰ ৰঙীন জখলাৰে খোজ পেলাইছে - ,ইয়াত মচি পেলোৱা হৈছে আদিম সভ্যতাৰ মধুময় চিত্র , আধুনিক লেলিহানে পুৰি ছাঁই কৰি পেলাইছে সেউজৰ সুবাস , মানৱতাই চিঞৰিছে নিৰ্দয় পৃথিৱীৰ বিধস্থ ধ্বংসস্থুপৰ ভস্মীভুত ছাঁইৰ মাজত ! আজিৰ মানুহে যেন যান্ত্রিকতাৰ বৰষুণত তিতি জুৰুলি জুপুৰি পাহৰি গৈছে মানুহৰ জীৱনৰ শান্তি-সম্প্ৰীতিৰ কথা , ডুবি গৈছে ঐশ্বৰ্য্য-বিভুতিৰ ৰঙীন মায়াজালত আৰু ৰাঙলী ৰঙেৰে উদ্ যাপন কৰিছে জীৱনৰ বৰ্ণিল যাত্রা |

কবিয়ে দেখিছে , আজিৰ নৱ প্ৰজন্মৰ ভয়ংকৰ চাৰিত্রিক স্খলন ঘটিছে -ৰঙীন মদিৰাত ডুবি ডুবি অজানিতে খোজ পেলাইছে জীৱনৰ অন্ধকাৰ কঠিন বাটত ,য'ত পিছলৈ ঘুৰি চোৱাৰ আহৰি নাই | মানৱৰ উচ্ছৃংখল কোলাহলে প্ৰকম্পিত কৰিছে সুন্দৰ শ্যামলী ধৰণী ,দিশহাৰা হৈছে শান্তিৰ সমাজ ,হিংসা-বিদ্বেষ ,ঘৃণা , হত্যা-লুণ্ঠনে ছানি ধৰিছে মানৱীয় অতীত সমাজ ! ভু লুণ্ঠিত মানৱতাৰ দানৱীয় লিপ্সাই নিৰীহ মানুহৰ তেজেৰে ৰক্তাক্ত কৰিছে মুক্ত ৰাজপথ | মৃত্যুৰ প্ৰাকমুহুৰ্তত কোনো অসহায় মানুহে নিজৰ সতীৰ্থ-আত্মীয়ৰ পৰাও নেপায় এটোপাল পানী |

এনে ভয়ংকৰ বিধস্ত দৃশ্যই আহত কৰিছে কবি প্ৰাণ আৰু আহ্বান জনাইছে - মষিমুৰ হওক এনে অমঙ্গলীয় বিশৃংখলতা | মানুহৰ মাজত ঐক্য শৃংখলতা আহিলে সেই দিনা পৃথিৱী খন সুন্দৰ হ'ব , মানৱতাৰ জয় গানে কল্যাণ আনিব নিত্য জীৱনত ,তেজৰ চেকুৰাবোৰ মচি বিৰাজিব হিম-শীতল শান্তি !

এই পৃথিৱীৰ পৰা সকলো অহেতুক সংঘাত আতৰি যাওক , মানৱৰ মহান গুণৰাজিৰে সৃষ্টি হওক এখন শান্তিৰ মধুময় পৃথিৱী !! 

প্ৰিয় কবি সুৰভি বৰপাত্র গোঁহাইৰ " স্মৃতিৰ পাপৰি"ৰ প্ৰতিটো পৃষ্ঠাই যেন ভৰি আছে প্ৰেম -মমতা ,দেশ প্ৰেম তথা মানৱতাৰ অনন্য কবিতা সম্ভাৰ | কিতাপ খনে নিশ্চয় প্ৰিয় পাঠকক কৈ যাব জীৱন জোখাৰ বহু কথা আৰু দোলা দিব হৃদয়ৰ নিভৃত বিন্দুত | প্ৰিয় পাঠকৰ মৰম স্নেহ আৰু শুভাশীষ হয় যেন কবিৰ জীৱনৰ প্ৰেৰণা |

তাকেই কামনা কৰি মোৰ ক্ষুদ্ৰ অনুভৱত ৰৈ যোৱা অবাঞ্ছিত ভুলৰ মাৰ্জনা বিচাৰি সামৰিছোঁ |