গীতাঞ্জলি দেৱী
এখন উকা চোতাল আৰু এখন মুকলি আকাশ বৰ প্ৰিয় মোৰ ,
থুনুক-থানাক খোজবোৰ দিবৰে পৰা চোতালখন মোৰ চিনাকি
চিলাখন উৰুৱাই দিবৰে পৰা আকাশৰ স'তে মোৰ মিতালি ।
আকাশ আৰু মাটিৰ আজন্ম প্ৰেমিক চৰাই মই
বতাহজাক দৌৰি বুকুলৈকে সোমাই ,
যি চুমি আহে গহীন নীলাৰাশি
অথবা
অভিমানী ক'লীয়া ডাৱৰ ।
বৃষ্টিকণাৰে জীপাল হৈ কেতিয়াবা মোক কৰি তোলে স্বপ্নালী ,
মই হেৰাই যাওঁ
মই হেৰুৱাওঁ ।
জী ল'বলৈকে নিজৰ জীৱন এতিয়া অনুমতিৰ প্ৰয়োজন ।
জীৱনৰ আলি-দোমোজাত
এতিয়া ৰুদ্ধ কৰিছোঁ নিজক ,
পন কৰিছো -
চোতালৰ দূৱৰিত কেতিয়াও যেন নপৰে মোৰ আলসুৱা খোজ ,
" হে আকাশ" , দুহাত মেলি আৰু সাবটি নলওঁ তোমাক ।
এজাক ধুমুহা নমাই দিয়াহে ঈশ্বৰ ,
লৈ আনা শিলাবৃষ্টি , চাকনৈয়া…
আকাশ আৰু পৃথিৱী এক হৈ যাওক ।
দূৰন্ত গতিৰে উৰি যাওক ৰুদ্ধ বতাহজাক ।