Type Here to Get Search Results !

হে, প্ৰভু ঈশ্বৰ

 কল্পতৰু চৌধুৰী 


দেহত ঈশ্বৰ
মুখত ঈশ্বৰৰ নাম কথা
এক নুবুজা সাঁথৰ
প্ৰভু ঈশ্বৰ ।

জীয়াই থকাৰ দিনত
মানুহৰ কল্যাণৰ বাবেই ঈশ্বৰৰ শ্ৰৱণ-কীৰ্ত্তন দুহাতে কাতৰ প্ৰাৰ্থনা মানুহৰ বাবেই ঈশ্বৰৰ আৰ্শীবাদ ।

ঈশ্বৰৰ দৰেই
আপুনি, মই অদৃশ্য নহয়
মানুহৰ বাবেই মানুহৰ প্ৰাণ
মানুহৰ বাবেই মানুহৰ মান
হৃদয়ৰ একোটা টান ।

শিপা খামুচি
এই পৃথিৱীত মানুহ
সদায় ঈশ্বৰমুখী হৈ থাকক
মাটিৰ গোন্ধ সনা ঈশ্বৰ হেনো
কৰুণা সাগৰ ।।