Type Here to Get Search Results !

বিশ্বৰ বজাৰ দখলৰ সম্ভাৱনা থলুৱা খাদ্যৰ

 ধীৰেন শইকীয়া


অসমৰ থলুৱা খাদ্যৰ বিশ্বজুৰি আদৰ হোৱাৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে। পৰিকল্পিতভাৱে উৎপাদন,বিতৰণ তথা যোগানৰ সৃষ্টি কৰিলে অসমৰ কেইবাবিধো থলুৱা খাদ্যই কেইটামান বছৰৰ ভিতৰতে বিশ্বৰ বজাৰ দখলৰ প্ৰচুৰ সম্ভাৱনা আছে বুলি বিভিন্ন খাদ্য বিশেষজ্ঞসকলে কেইবাবছৰ আগতে প্ৰকাশ কৰিছিল। থলুৱা বিভিন্ন মাছ,কুচিয়া,কেঁকোৰাৰ লগতে বাৰীখনৰ ঔটেঙা,কৰ্দৈ, অমৰা,শিলিখা, আমলখি, আম,নাৰিকল,কঠাল,কুজি ঠেকেৰা, ক'লা কচু, লাই লফা, পালেং, কলডিল, পচলা, চজনা, বাহগাজ, তুলসী, জালুক, তেজপাত আদি যে আমাৰ শৰীৰৰ বাবে পুষ্টিদায়ক, শক্তিবৰ্ধক  হোৱাৰ ওপৰিও ঔষধি গুনাগুন উপলব্ধ তাৰ কথা সবিস্তাৰে গ্ৰাহকৰ আগত প্ৰকাশ কৰিব জানিলে ই কম সময়তে সমগ্ৰ বিশ্বৰ বজাৰ দখল কৰিব বুলি তাহানি সত্তৰ আশীৰ দশকতে অসমৰত্ন ড. ভূপেন হাজৰিকাই প্ৰথমে সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল৷ অসমৰ গাঁও, চহৰ, নগৰ সকলোতে উভৈনদী মানিমুনি, ভেদাইলতা, নৰসিংহ,ঢেঁকীয়া, বালিভতুৱা, পদিনা,শগুনীলতা,খুটুৰা,ক'লাকচু, কলডিল, আদা, হালধি, ইলাচি নেমু,গোল নেমু আদিও ঔষধি গুণসম্পন্ন৷ এইবোৰৰ ৰোগ প্ৰতিৰোধক গুনাগুনো সকলোৰে আগত বিজ্ঞানসন্মতভাবে উপস্থাপন কৰি উন্নত পেকেজিঙেৰে আকৰ্ষনীয়ভাৱে উপলব্ধ কৰাব পাৰিলে ই বিশ্বৰ খাদ্য সামগ্ৰীৰ বজাৰো দখল কৰিব পাৰিব৷ এই চেষ্টা চলালে ই অসমৰ মুগা সাজজোৰ কিম্বা চাহৰ দৰেই জগত জিনিব পাৰে বুলিছিল কেইবাজনো মাজুলীলৈ অহা পৰ্যটকেও৷ ইফালে থলুৱা জলপান,পিঠা পনা আৰু উৎপাদিত ফলমূলো বহু উপাদেয় খাদ্য৷অসমৰ চাহপাতৰো আছে অনেক ৰোগ প্ৰতিৰোধ  ক্ষমতা৷ অসমীয়াৰ দৈনন্দিন খাদ্য তালিকাৰ সেউজীয়া শাকপাচলিৰ লগতে থলুৱা ক'লা চাউল,জহা চাউল,উখোৱা চাউলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা তথা পুষ্টিগুনৰ বাবে বিদেশতো আজি জনপ্ৰিয়৷ অসমৰ চিৰসেউজীয়া পথাৰত গৃহস্থক পথাৰত কাম কৰি থাকিলে তাহানি মানুহজনীয়ে কঠাল আৰু জলপান একাহি লৈ গৈছিল ৷ আনকি বহুতে দুপৰীয়াৰ সাজত  পঁইতা ভাত,মাছপোৰা, আলু বেঙেনা পোৰাৰে ভাত একাহি পথাৰলৈ লৈ যায়৷ এয়াও থলুৱা খাদ্যই, ইয়াৰোপৰি বিবিধ আচাৰো তৈয়াৰ কৰে অসমীয়া গৃহিনীয়ে৷ আনহাতে আঠিয়াকলৰ পচলা আৰু মোৱা দৰিকনাৰ আঞ্জাৰ সোৱাদেই সুকীয়া৷ কলডিল,ঢেকীয়া,ঔ টেঙা, অমৰা,মাটি ডাইল আদিৰ তৰকাৰীৰ কথা নকলোৱেই যেনিবা৷ এইসমূহৰো আছে সমানেই পুষ্টিগুন ৷বিদেশৰ বজাৰত ইয়াৰো হব পাৰে জনপ্ৰিয়তা৷ কেৱল লাগিব শুদ্ধ আৰু আকৰ্ষনীয় উপস্থাপন৷ আজিকালি আন্তঃৰাষ্ট্ৰীয় বজাৰত জৈৱিক কৃষি তথা এথিনিক সামগ্ৰীৰ বিৰাট আদৰ৷ আমাৰ অসমৰ এই সামগ্ৰীসমূহ এই দুয়োটা পদ্ধতিৰে উপস্থাপন কৰিব পাৰিলে নিঃসন্দেহে অসমৰ থলুৱা খাদ্যই চাহৰ দৰেই এদিন বিশ্বৰ বজাৰ দখল কৰিব পাৰিব৷কেৱল ইয়াৰ বাবে লাগে সুসংহত কিছু পৰিকল্পনা৷

ভীমকল আৰু গুৰ
*************
ভীমকল এবিধ অতি  পুষ্টিকৰ আৰু সুস্বাদু কল । ভীম কলৰ পাতৰ পৰা শিপা লৈকে সকলো অংশই ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় ।ৰক্তহীনতাত ভোগা ৰোগীৰ বাবে ভীমকল মহৌষধ। ভীমকল বা আঠীয়া কল বুলি জনাজাত  গছ জোপাৰ বৈজ্ঞানিক নাম হ’ল – Musa balbisiana Colla। ভীমকলৰ বিষয়ে ১৮২০ চনত পোন প্ৰথমে ইটালিয়ান উদ্ভিদ বিধ লুইগি এলয়ছিয়াছ কলাই বৈজ্ঞানিক দৃষ্টি ভঙ্গীৰে ব্যাখ্যা কৰিছিল। উদ্ভিদ বিজ্ঞানত ভীম বা আঠীয়া কলক এক বীজপত্ৰী সপুষ্পক উদ্ভিদৰ মুজেছি (Musaceae) নামৰ গোত্ৰত অন্তভুক্ত।ভীমকলৰ  কল , কলাখাৰ , কল পচলা , কলফুল , পাত , পাতৰ ঠাৰি , কাণ্ডৰ পৰা ওলোৱা পানী , শিপা আদি  সকলো অংশই ঔষধি গুণেৰে ভৰপুৰ ।  ভীমকলত অধিক পৰিমানে আইৰণ , ফাইবাৰ , কেলছিয়াম , পটাছিয়াম , কাৰ্বহাইড্ৰেট , বিভিন্ন ভিটামিন আদি শৰীৰৰ শক্তি প্ৰদানকাৰী উপাদান পোৱা যায় ।পকা ভীমকল তিওৱা পানী চৰ্বত কৰি খালে পেট ঠাণ্ডা কৰাৰ লগতে শৰীৰৰ পুষ্টি সাধন কৰে।টোপনি কম হ'লে পকা ভীমকল এটা গুটি আঁতৰাই এগিলাছ গাখীৰত মিহলাই খালে টোপনি সুন্দৰ হয়। শীত কালত প্ৰতি দিনে এটাকৈ ভীম কল খালে শৰীৰৰ শ্ৰীবৃদ্ধি হয় । ভীম কলৰ পচলা খালে কোষ্ঠকাঠিন্যতা দূৰ হয়, শৌচ খোলোচা হয়। হৃদ ৰোগী বা উচ্চ ৰক্তচাপ থকা লোকৰ বাবে ভীমকলৰ কলাখাৰ অতি উপকাৰী। কুঁহিয়াৰৰ  পৰা তৈয়াৰী গুড়ৰ অনেক উপকাৰিতা আছে।প্ৰধানতঃ ই এণ্টি-অক্সিডেণ্টেৰে ভৰপুৰ, লগতে বিভিন্ন প্রকাৰৰ ইনফেকচনৰ বাবে দেহৰ ইমিউনিটী ছিষ্টেম সবল কৰি ৰাখে। জণ্ডিচ ৰোগীসকলৰ বাবে কুঁহিয়াৰৰ গুড় উত্তম।গৱেষণাৰ পৰা এই কথাৰ প্ৰমাণ পোৱা গৈছে যে—নিয়মিত গুড় খালে কেন্সাৰ ৰোগৰ সম্ভাৱনা যথেষ্ট দূৰৈত থাকিব পাৰি। নিয়মিত গুড় খালে শ্বাসনালী, ফুসফুস, অন্ত্র, খাদ্যনালী এবং পাকস্থলীক ই খুব ভালভাবে পৰিশুদ্ধ কৰি ৰাখে। গুড়ে কোষ্ঠকাঠিন্যতা কমোৱাৰ লগতে ওজনো কমায়। ইয়াক সেৱন কৰিলে ই আমাক ক্লান্ত আৰু অবসাদৰ পৰা মুক্তি দিয়ে। কুহুমীয়া গৰম পানীৰ লগত গুড় মিহলি কৰি খালে ক্লান্তিভাব আঁতৰে। আয়ুর্বেদ শাস্ত্রতো গুড়ৰ নানা উপযোগিতাৰ কথা আছে। ইয়াত মেগনেসিয়াম, ভিটামিন বি ১, বি ৬ আৰু ভিটামিন চি উপলব্ধ। লগতে আছে জিঙ্ক, সেলেনিয়াম ইত্যাদি অনেক খনিজ পদাৰ্থ। গুড়ে প্রাকৃতিকভাবে লিভাৰ পৰিস্রুত কৰাৰ লগতে তেজো পৰিষ্কাৰ কৰে, নিয়মিত গুড় খালে ছালৰ উজ্জ্বলতা বাঢ়ে আৰু শৰীৰটোর টক্সিনমুক্ত হয়।ই আমাৰ হজমী শক্তিও বঢ়ায়। শৰীৰৰ কেইবাপ্ৰকাৰৰো বিষ গুড়ে নিৰাময় কৰে।

এই প্ৰবন্ধত আমি কেবল দুটি থলুৱা উৎপাদিত সামগ্ৰীৰ বিষয়েহে উল্লেখ কৰিলো,ভবিষ্যতে আৰু অধিক থলুৱা উৎপাদিত সামগ্ৰীৰ খাদ্যগুনৰ বিষয়ে উল্লেখ কৰিম।