Type Here to Get Search Results !

অসমীয়া সংস্কৃতি বাহক

যদুমণি গগৈ


    গামোচা অসমীয়া জাতিৰ প্ৰাণ স্পন্দন । অসমীয়াজাতিৰ প্ৰাণৰ গামোচাই অসমীয়া সংস্কৃতিৰ সীমনা অতিক্ৰম কৰি সৰ্বভাৰতীয় সংস্কৃতিৰ সম্পদ হৈছে গৈ । অসমীয়া সমাজ জীৱনত গামোচা খনিৰ গুৰুত্ব অপৰিসীম । এই গামোচাখনি অসমৰ ঐতিহ্য,অসমৰ গৌৰৱ, অসমৰ পৰম্পৰা আৰু অসমীয়া জাতি সংস্কৃতিৰ হিয়াৰ আমঠু স্বৰূপ । বিহুৰ বতৰত আলহী-অতিথিক সন্মান জানিবলৈ আৰু প্ৰিয়জনক সুন্দৰ ফুল বছা গামোচাখন নিজ হাতে বৈ দিবলৈ জীয়াৰী-বোৱাৰীৰ মন কমোৱা তুলাৰ দৰে উৰি ফুৰে । মুঠৰ ওপৰত অসমীয়া জাতিৰ গামোচা সংস্কৃতি অতি আদৰৰ । তাঁত শালত গামোচা  বোৱা মানেই বহাগত বিহুৰ আগমন ।অসমীয়া সমাজত গামোচাৰ ব্যৱহাৰ অতি পুৰণি । বিভিন্ন প্ৰকাৰৰ সুতা আৰু ইয়াৰ ব্যৱহাৰ অনুসৰি ইয়াক কেইবাটাও নাম দি লৈছে । অসাধাৰণতে গা-ধোৱাৰ পাছত বা গৰম দিনত  ঘাম উলোৱাৰ পাছত পানীৰে গা-সচিব লৈ ইয়াৰ ব্যৱহাৰ হৈছিল বাবে ইয়াৰ নাম "গা-মছা" বা "গামোচা" । কিন্তু অসমীয়া সমাজত গামোচাৰ ব্যৱহাৰ হৈছিল আনা কাটা বা গোসাঁই গামোচা হিচাপে । জেষ্ঠ্য জনক শ্ৰদ্ধা সৰুক মৰম চেনেহ যাচিবৰ বাবে বিয়া-সবাহ, উৎসৱ-পাৰ্বন, নাম-প্ৰসংগ আদিত গামোচা ব্যৱহাৰ হয় । কেতিয়াবা কুমাৰী ছোৱালীয়ে গাত কাপোৰ লোৱা অভ্যাসৰ বাবেও ইয়াৰ ব্যৱহাৰ হৈছিল । বিহুৰ উৎপতি দিনৰ পৰা গামোচা, হাঁচতি, বিহুৱান, গৰু আৰু গোহালি বিচা বিচনি, ফুলাম গামোচা, হুচৰিৰ বস্ত্ৰ দান আৰু কৃষি কায্যত খেতিয়কে তিয়নি, পাগুৰি হিচাবে ব্যৱহাৰ কৰি আহিছে  । অতীজৰ পৰা বৰ্তমান লৈ ইয়াৰ বহল অৰ্থত ব্যৱহাৰ হৈ আহিছে । বিভিন্ন বৰণৰ সভা-সমিতি আৰু সন্মানীয় নিৰ্দিষ্ট, বিশিষ্ট অতিথিক উষ্ণ আদৰণিৰ  সম্ভাষণ অভিনন্দন জনোৱাৰ ক্ষেত্ৰত ইয়াৰ বহল প্ৰয়োগ আছে ।বিহু আৰু বিহুৱান দুয়োটাই পৰম্পৰ সম্পৰ্কযুক্ত । অভিধানিক অৰ্থৰ ফালৰ পৰা "বিহুৱান" হ'ল চেনেহৰ উপহাৰ হিচাপে আগবঢ়োৱা ন-কাপোৰ । বিহুৱান হ'ল বিহুৰ ভেটি । তাঁতশালত বৈ কাটি বিহুত দিয়া নতুন উপহাৰ কাপোৰ । বিহুৱান মূলত যদিও গামোচা, ই হব পাৰে এখন চেলেং বা ৰুমাল বা এখন হাঁচতিয়ে হঁওক দিওঁতাৰ হেঁপাহ আৰু অন্তৰৰ ওপচা মৰম-চেনেহৰ আভাই লওঁতাৰ হৃদয় আলোকিত কৰে । ৰঙালী বিহুৰ দ্বিতীয় দিনা মানুহ বিহুত দিয়া এই বিহুৱান যচা নিয়ম সৰ্বজন বিদিত । উপহাৰ হিচাপে দিয়া বিহুৱানখনি আকাৰত বা মানৰ দিশত যিয়েই নহওঁক, ইয়াৰ সতে জড়িত থকা আন্তৰিকতা হে এক অমূল্য সম্পদ ।সাম্প্ৰতিক কালত গাঁৱে-ভূঞে অসমীয়া জীয়ৰী বোৱাৰীহতঁৰ তাঁতশাল বোৱা-কটা প্ৰতি অনীহা ভাৱ‌ হৈছে।  ই অসমীয়া জাতিৰ অশুভ লক্ষণ । ইয়াৰ‌ ফলত বিদেশী ৰাষ্ট্ৰই মেচিন‌ত তৈয়াৰী পছা‌ সূতা,পলিথিনৰ মিশ্ৰনত দুৰ্গন্ধময় সস্তীয়া সূতাৰে তৈয়াৰী‌ দুয়ো মূৰে‌ ফুল বছা গামোচাই বজাৰ চানি ধৰিছে । আচঁল তাঁতশালৰ গামোচা উৎপাদন আৰু ব্যৱহাৰ কমি যোৱাৰ বাবে এসময়ত প্ৰজন্মই গামোচাৰ আচল -নকল ধৰিবই নোৱাৰিব । এই‌ বহি ৰাজ্য ৰ পৰা ৰপ্তানি হোৱা সস্তীয়া গামোচা আমি সমাজত ব্যৱহাৰ নকৰো বুলি সকলোৱে সংকল্প লোৱা উচিত।হেম বুঢ়াগোহাঁত্ৰি ডাঙৰীয়াই অগ্ৰদূত কাকত লিখিছিল- অসমীয়া মহিলাই তাঁতশাল‌‌ এৰিছে। যাৰ ফলত বাহিৰা গামোচাই প্ৰাধান্য লাভ কৰিছে । "তিৰোতা এপাহ ফুল। ফুলে জানো ফুল লয়"। আজি কালি তিৰোতাবোৰে গামোচা লৈ জাতীয় জীৱনলৈ কলংক কিয় আনিছে ?? তিৰোতা বা পুৰুষে গামোচা লওক তাত কথা বিশেষ নাছিল ----কিন্তু গামোচা যে আছে প্ৰাণময় পৰিৱেশ আৰু ঐক্যৰ মন্ত্ৰ নিহিত হৈ আছে তাক আমি পাহৰিব নালাগিব ।                                              "শান্তি কবচ প্ৰতীক গামোচাক আমি চিৰদিন জীয়াই ৰাখি জাতিৰ পৰিচয় দিয়াত সক্ষম হবলৈহে যত্ন কৰা‌ উচিত ।