জীনামণি বৰগোহাঁই দুৱৰা
এতিয়া মই সুখী হ'বলৈ ধৰিছোঁ
আমি লাহে লাহে ইজনে সিজনক বুজি উঠিছোঁ ।
আমাৰ সপোনবোৰ লহপহকৈ বাঢ়িছে।
আৰু আমি সিঁচি থোৱা
কৰ্মৰ বীজবোৰ
অংকুৰিত হ'বলৈ ধৰিছে
এটা দিন আছিল এনেও
দুখৰ মায়াবী সপোনবোৰে
মোক বৰকৈ আমনি কৰিছিল
হয়তো সেইয়া বুজাবুজিৰ অভাৱ
অথবা কোনোবাই জোৰকৈ
পিন্ধাই দিয়া কাঁইটৰ মালা আছিল।
এতিয়া মোৰ ভাৱনাবোৰেও
প্ৰাণ পাই উঠিছে
ভাৱনাৰ তেজাল গতিক দেখি
অন্তৰাত্মা মোৰো নাচি উঠিছে
যাহওঁক বেদনাৰ এলানী দীঘলীয়া যাত্ৰাৰ শেষত
বুজাবুজিৰ জৰীডাল কটকটীয়া হৈ উঠিছে।
সেয়েহে এতিয়া প্ৰতিটো ক্ষণতে
মই সুখী হ'বলৈ ধৰিছোঁ।