Type Here to Get Search Results !

সম্পাদকীয়

 ঋতুৰাজ বসন্ত


এয়া বসন্ত আগমণৰ সময়।  কুলি-কেতেকীৰ মাত , ঢোলৰ ৰগৰ। ডালত কপৌফুল, ডেকা-গাভৰুৰ উতলা মন প্ৰতি অসমীয়া প্ৰাণে-প্ৰাণে ব'হাগক আদৰাৰ প্ৰস্তুতি। বিগত বৰ্ষটো সমগ্ৰ অসমবাসীৰ বাবে মহঙা আৰু  কৰোনা মহামাৰীৰ সৈতে জীৱন যুঁজৰ সময়। অসমীয়া জাতিত আয়ুৰেখা সদৃশ এটা ব'হাগক হেৰুৱালো। এই আক্ষেপ প্ৰতি অসমীয়া হৃদয়ত থাকি গ'ল।
 এইবাৰ কিন্তু অসমীয়াই বিহুক আদৰিবই। সময়ৰ তাগিদাত যদিওবা ৰঙালী বিহুলৈ পৰিবৰ্তন আহিছে তথাপিও বহু পৰিবৰ্তন আৰু বিবৰ্তনৰ মাজতো চেনেহৰ বিহুক আদৰিবই। এয়া বিহু লুকাই আছে প্ৰতিজন অসমীয়াৰ স্বভিমান। এই স্বভিমানক কেতিয়াও অসমীয়াই হেৰুৱাব নিবিচাৰে।