Type Here to Get Search Results !

চহৰৰ বিহু

 মনস্বিনী শৰ্মা। স্নাতক তৃতীয় ষাণ্মাসিক।শিৱসাগৰ



আজি গৰুবিহু।পুৱাৰ পৰা জানকীৰ মনটো উগুল-থুগুল লাগি আছে।আগফালৰ বাৰাণ্ডাখনৰ চকীখনতে বহি লৈ গুণা-গঁথা কৰি আছে।যান-বাহনৰ কোলাহলৰ মাজত জানকীয়ে কুলি-কেতেকীৰ সুৱলা মাতটোৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছে।জানকী বৰুৱাৰ দুজন পুত্ৰ।স্বামীৰ বিয়োগৰ পিছত গাঁৱৰ ঘৰখনতে ডাঙৰ পু-বোৱাৰী, নাতি-নাতিনীৰ সৈতে বাস কৰে। কৰ্মসূত্ৰে সৰু পু-বোৱাৰী আৰু সৰু নাতিনীজনী চহৰত বাস কৰে।সিদিনা হঠাৎ জানকীৰ স্বাস্থৰ অৱনতি ঘটিল।প্ৰায় দুই মাহমান সৰু পুত্ৰ অনুজৰ ঘৰতে থাকি চহৰৰ এজন নামী ডাক্তৰৰ তত্বাৱধানত চিকিৎসা চলায় আছে।বিহুৰ দহদিনমান আগতে গাঁৱৰ ঘৰত থৈ আহিবলৈ জানকীয়ে পুতেকক কুটুৰি আছিল।অনুজে জানকীক কোৱা মতে ডাক্তৰে জানকীক জাৰ্ণি কৰিবলৈ মানা কৰিছে আৰু ৰেষ্টত থাকিবলৈ কৈছে।অনুজহঁতে বছৰেকৰ বিহুত গাঁৱৰ ঘৰলৈ যায়।কিন্তু এইবেলি চহৰতে বিহু পতাৰ কথা ভাবিলে।জানকীয়ে পিছে সিঁহতৰ কথাত অকণো ভাল নাপালে।অনুজহঁত কলনিটোৰ পঞ্চম মহলাৰ ফ্লেটটোত থাকে।দিনটো আৱদ্ধ বাকচৰ দৰে কোঠালীটোত সোমায় থাকি জানকীয়ে বৰ অস্বস্তি অনুভৱ কৰে।তাতে এই বিহু সময়ত ইয়াত থাকি অকণো ভাল পোৱা নাই।গাঁৱৰ ঘৰত ছাগৈ ইমানপৰে জীয়ৰী-বোৱাৰীসকলে কত কি যে যোগাৰ কৰিলেহেঁতেন। আইতা,ব'লা আমি গৰু গা ধুঁৱাওগৈ।-কথাষাৰ কৈ নাতিনী তনয়াই আইতাকৰ হাতখন একপ্ৰকাৰ টানি অনাৰ দৰেই কৰিলে।  এস্‌!মাজনী ইয়াত ক'ত গৰু গা ধুৱাবগৈ? শাহুৱেকৰ মনৰ ভাৱ বুজি বোৱাৰী পাঞ্চালীয়ে ক'লে -বলকচোন মা।আপুনি দেখিলে সকলো বুজি পাব। সিঁহতৰ কথা পেলাব নোৱাৰি জানকী যাবলৈ ওলাল। অনুজহঁতৰ কলনিৰ অলপ কাষতে এখন বৃহৎ খেল পথাৰ আছে।ইয়াতে বিহু ফাংচন অনুষ্ঠিত কৰিছে।জানকীয়ে  দেখিলে পথাৰখনৰ এচুকত কেইবাজনী গৰু বান্ধি থোৱা আছে আৰু মানুহবোৰে নীতি-নিয়মেৰে বাল্টিৰ পানীৰই গৰু গা ধুৱাইছে।পিছতহে জানকীয়ে জানিব পাৰিলে যে অলপ আঁতৰৰ মানুহ কেইঘৰমানে গো পালন কৰে।সেয়ে গৰুকেইজনীক ইয়ালৈকে আনি সকলোৱে একেলগে গৰু গা ধুঁৱাইছে।এনেতে কোনোবা এটা নিউজ চেনেল আহি দৃশ্যৰাজিক কেমেৰাত বন্দী কৰি সাংবাদিকে সুন্দৰভাৱে প্ৰচাৰ কৰিছে।অনুজে কোৱাত জানকীয়েও গৰু গা ধুৱালে আৰু গালে"লাও খা,বেঙেনা খা,বছৰে বছৰে বাঢ়ি যা।"ঘৰৰ খীৰতি গাইজনী নোৱাবলৈ নোপোৱা দুখটো জানকীৰ মনৰ পৰা খন্তেকতে নাইকিয়া হ'ল।নদীত গা ধুওৱা আৰু ইয়াত এনেদৰে গা ধুঁওৱাৰ মাজত পাৰ্থক্য থাকিলেও ছাত সলোৱা,দীঘলতি-মাখিয়তীয়ে কোবোৱা আদি সকলো নীতি-নিয়ম মানুহখিনিয়ে বৰ নিয়াৰিকৈ পালন কৰিবলৈ চাইছে।আবেলি সময়ত পাঞ্চালীয়ে মিক্সিতে জেতুকা অলপ পিহি সকলোকে সানিবলৈ দিলে।যোৱা ব'হাগতে কলনিৰ একমাত্ৰ বাগিছাখনত অনুজে জেতুকাৰ ডাল এটা ৰুইছিল।এইবেলি ব'হাগলৈ ল'ব পৰা হ'ল।কোনোৱে বাগিচাখনতে কপৌফুলও ৰুইছে।জানকীয়ে বেলকনিতে থিয় হৈ থাকোতে দেখিলে কলনিৰ কোনোবা দুজনমানে ভঙা টিং এটাতে শুকান জাবৰ-জোঁথৰ অলপমান লৈ মূল গেটখনৰ সন্মুখতে জ্বলায় দি জাগ দিয়াৰ নিয়মবিধ কৰিলে।আন এজনী গৰুক প্ৰথম বিচ্‌ দি অনা বিচনীখনেৰে সকলোকে এবিচ্‌ এবিচ্‌ দিছে।তেনে সময়তে পাঞ্চালীয়ে নহৰু বটা পানী অলপ লৈ ফ্লেটটোৰ কাষে কাষে এনেয়ে অলপ ছটিয়াই দিলে।ৰাতিৰ ভাতসাঁজৰ লগত খাবলৈ বজাৰৰ পৰা অনুজে এশ এবিধ শাকৰ টোপোলা এটাও আনিলে।         
মানুহ বিহুৰ দিনা পুৱাতে উঠি জানকীয়ে গোঁসাই থাপনাখনতে বন্তি এগছি জ্বলায় সকলোৰে মঙ্গল কামনা কৰি ঘোষা এফাঁকি জুৰিলে।অনুজ,পাঞ্চালী,তনয়াই জানকীক গামোচা এখন দি সেৱা ললে।জানকীয়েও হিয়া উজাৰি আৰ্শীবাদ দিলে।বজাৰৰ পৰা কিনি অনা যদিও দৈ-জলপান,সান্দহ-চিৰা,বিবিধ পিঠা,কেক্‌ৰ সৈতে পাঞ্চালীয়ে সকলোকে জলপান খাবলৈ দিলে। বজাৰৰ পৰা কিনি অনা পিঠাগুড়িৰে পাঞ্চালীয়ে ফুড কালাৰ দি ৰঙা,নীলা,হালধীয়া ইত্যাদি ৰঙেৰে তিলপিঠা বনালে।সুন্দৰকৈ সকলো পৰিৱেশন কৰি পাঞ্চালীয়ে সকলোৰে সৈতে একপি একপি ফটো উঠিলে। ইনষ্ট্ৰাগ্ৰাম,ফেচবুকত আপলড্‌ দিব লাগিব। কলনিৰ চোতালখনতে কণ কণ ল'ৰা-ছোৱালীখিনিয়ে বিহু মাৰিলে।বাকীসকলেও বিহুনাম জুৰি স্ফূৰ্তি কৰিলে।ৰঙালী বিহু যিহেতু এপাক ননচাকৈ কেনেকৈ থাকে? 
এনেদৰেই জানকীয়ে বছৰৰ বিহুটি উদ্‌যাপন কৰিলে।
ঃমা।তই ছাগৈ এইবেলি ইয়াত বিহু উদ্‌যাপন কৰি বৰ ভাল নাপালি। তোৰ ছাগে বিহু উকা যেন লাগিল?-অনুজৰ কথাত জানকীয়ে মিঁচিকিয়াই হাঁহি ক'লে -"আচলতে বিহু কেৱল গাঁৱতহে পাতিব পাৰি বুলি কোনো কথা নাথাকে।বেপেৰুৱা ভঙ্গীৰে বিহুৰ সন্মানক আঘাত নাসানি স্বকীয় ৰীতি-নীতিৰে বিহু উদ্‌যাপন কৰিলেই বিহুৰ মৰ্যদা অটুট থাকে।গাঁৱতো বিহু উদ্‌যাপনৰ এক স্বকীয়তা আছে।তাক আমি নুই কৰিব নোৱাৰো। কিন্তু এই চহৰখনত নানা ঠাইৰ মানুহে একলগ হৈ বাস কৰি তঁহতি একতাৰ দোলেৰে বিহুৰ সকলো ৰীতি-নীতিক পাৰ্যমানে ধৰি ৰাখি বিহু পালন কৰা দেখি মোৰ ভাল লাগিল।গাঁৱত ন'হলেও চহৰত ৰীতি-নীতিৰে বিহু পালন কৰিলো যেতিয়া কেনেকৈ মোৰ বিহু উকা হ'ব? এটা কথা জানিবি য'তে  অসমীয়া মানুহ তাতে অসমীয়াৰ বিহু।" -মাকৰ আত্মসন্তুষ্টিত অনুজৰ মন শাঁত পৰি মুখত হাঁহি বিৰিঙি উঠিল।এনেতে ক'ৰবাৰ পৰা ভাঁহি আহিল জুবিন দাৰ বিহুগীত"ফুল ফুলিছে বসন্ত,তুমি জানমনি ব'হাগৰ।"