Type Here to Get Search Results !

মাটি

 গৌতম বৰদলৈ



ধৰাহওক , মেহবুব মিঞাই যেনে তেনে কাৰোবাক পইচা খোৱাই কাটা তাঁৰৰ ফাঁকেৰে বাংলাদেশৰ পৰা অসমত সোমাল। প্ৰথমতে প্ৰেমেশ্বৰ ককাইদেউৰ খেতিত শ্ৰমিক হিচাপে সোমাল। পিছত প্ৰেম  ককাই চুলাইৰ লগত ইমান ব্যস্ত হৈ পৰিল যে খেতি-বাতি কৰাৰ শক্তি নোহোৱা হ'ল। মেহবুব মিঞাকে মাটিখিনি আধিত দি দিলে। পিছলৈ চুলায়ে ইমানকৈ পালেগৈ যে ককাইৰ লিভাৰ চিৰোচিছ হৈ গ'ল। অপাৰেচনৰ বাবে পইচা লাগে।উপায়ন্তৰ হৈ ইমানদিনে খেতিত লাগি থকা মেহবুব মিঞাকে শেষত বিক্ৰী কৰি দিলে। এবছৰমান পিছত লিভাৰ শেষ, ককাই গ'ল ওপৰলৈ। মেহবুব মিঞাই সেই মাটিডোখৰতে কেতিয়াবা নাৰ্জী ফুলৰ খেতি কৰে, কেতিয়াবা গোমধানৰ খেতি কৰে। পুখুৰী এটাও খান্দিলে। হাঁহ এজাকো ৰাখিলে। পুখুৰীত মাছো পুহিলে। ওচৰ চুবুৰীয়াই উচিত দামত শাকপাচলি, মাছ হাঁহ আদি পোৱা হ'ল। মেহবুব মিঞা, তেওঁৰ শ্ৰীমতী হামিদা বাইজান আৰু চাৰিটা ল'ৰাছোৱালীয়ে মিলি দেহে-কেহে খাটি একেবাৰে এটা  নদন বদন পৰিয়াল হৈ পৰিল।
গাৱঁৰে ধদুৱা দুজনমানে মাজে মাজে চিঞৰ বাখৰ লগাই থাকে " বহিৰাগতই অসমীয়াৰ অস্তিত্ব বিপন্ন কৰিছে। সোনৰ অসমৰ  মাটি গ্ৰাস কৰিছে।"
মেহবুব মিঞাৰ এইবিলাক কথাত গুৰুত্ব দিবলৈ সময় নাই। সপৰিবাৰে কৃষিক্ষেত্ৰত লাগি আছে। আদৰ্শ কৃষক বুলিও মাজ সময়ে ফুলাম গামোচা, বঁটা আদি পাই আছে। মুঠতে জীৱনটো সুন্দৰভাৱে চলি আছে। অঞ্চলটোৰ অৰ্থব্যৱস্থালৈ নিজৰ ক্ষুদ্ৰ অৰিহণা যোগাই আহিছে। তেওঁ মাজে মাজে ৰাজহুৱা সভাবিলাকত ভাগ লৈ গৰ্বেৰে কৈ আছে " মই অখমক ভাল পাওঁ আৰু হদায় মই অখমৰ উন্নতিৰ বাবে কাম কৰিম।"

ইফালে লাঠিৰাম গাঠিয়াৱালা উত্তৰ ভাৰতৰ পৰা অসমলৈ 1930 চনত আহিছিল।আহিয়েই ৰেল লাইনৰ দাঁতিত চাউলৰ বস্তা লৈ বহি চাউলৰ বেপাৰ আৰম্ভ কৰি দিছিল। কালক্ৰমত গাঠিয়াৱালা এজন নামী বণিয়া হ'ল। এসময়ত স্থানীয় বিহুসন্মিলন এখনত তেওঁক জিলা ৰত্ন হিচাপেও গামোচাৰে সম্বৰ্ধনা দিয়া হ'ল।
লাঠিৰাম জীৰ মৃত্যুৰ পিছত, পুতেক চেনাইৰাম জীয়ে ব্যৱসায় আগবঢ়াই নিয়াত লাগি গ'ল। স্থানীয় বিহু সন্মিলনৰ মুখ্য উপদেষ্টা হিচাপেও স্বীকৃতি পালে। সৰ্বভাৰতীয় ধৰ্মীয় সংস্থা কিছুমানৰো স্থানীয় প্ৰভাৰী হ'ল। ইফালে পুতেক চাৰ্লি ( চাৰ্লিৰাম নহয়) দিল্লীলৈ পঢ়িবলৈ গ'ল। জীয়াকে নাতালিয়া লাঠিৱালাৰ বেঙ্ককৰ গুজৰাটী ল'ৰা এজনৰ লগত বিয়া হৈ গ'ল। অনলাইন শ্বপিং আৰু শ্বপিঙ মলবিলাক কাঠফুলাৰ দৰে গজিবলৈ ধৰিলে। চেনাইৰাম জীৰ বিজনেচ দিনক দিনে মন্দা হ'বলৈ ধৰিলে। তাতবাতি কৰিবলৈ সহায় সাৰথিও নাই। বেঙ্কত কোটি কোটি টকা। এই কোটি কোটি টকাবিলাক কোটি কোটি কোটি কেনেকৈ কৰা যায় তাৰে চিন্তাত মগ্ন হৈ থাকে। 
বহুত গুণাগথা কৰাৰ পিছত গাৱঁৰ দুখীয়া খেতিয়কবিলাকৰ আৰু চৰকাৰী ইণ্ডাস্ট্ৰিয়েল কৰিডৰৰ প্লটবিলাকৰ কথা মনলৈ আহিল। চান্দা লোৱাখিনিয়েতো আৰু উদ্যোগ নগঢ়ে , গতিকে কাৰখানা খুলিম বুলিম দুটামান প্লট লৈ থ'লেই হয়। খেতিৰ মাটিবিলাকো এতিয়াই লৈ থ'লে, দহবছৰৰ পিছত কেইবাগুণো অধিক দাম পোৱা যাব।তেওঁলোকৰ দিল্লী, কলিকতাত থকা আত্মীয়স্বজন , শুভাকাঙ্ক্ষীসকলৰো চেনাইৰামজীয়ে সমৰ্থন পালে।
 " ভিতৰি ভিতৰি বনাই দিয়ক সেইখন আমাৰেই ৰাজ্য। কোনোবাই টেপটেপালে পইচা অলপ মুখলৈ মাৰি পঠিয়াব। নেগুৰ ঠেঙৰ ভিতৰত ভৰাই আপোনাক সম্বৰ্ধনা দি থাকিব।"

যেনে কথা তেনে কাম। ঘটেশ্বৰে চেনাইৰাম জীক দহ বিঘা মাটি বেচি দিলে। তাৰে কিছু পইচাৰে জীয়েকৰ বিয়া দিলে। গাৱঁৰ হ'লেও ল'ৰাটো চৰকাৰী অফিচাৰ। গতিকে যৌতুকো এগাল লগত দি পঠালে। পুতেকে কে টি এম এখন কিনি ট্ৰাকত খুন্দিয়াই মৰিল। বুঢ়াই জীৱনৰ শেষ দিনকেইটা বেঙ্কত বাচি থকা বিশ হেজাৰৰ এন্ট্ৰিটোকেই মাজে মাজে চাই থাকে।

সময় পাৰ হ'ল। ক্ৰমশঃ ফেক্টৰীৰ প্লটকেইটাৰ দেৱালৰ ভিতৰত দীঘল দীঘল জঙ্ঘল হ'ল। কোনোবাই ভাল দিন অহাৰ কথা ক'লে। কোনোবাই স্বধৰ্ম সুৰক্ষিত হোৱাৰ কথা দোহাৰিলে। চেনাইৰাম জীয়েও পুৱা গধূলি ভজন গজল আদি শুণি সময় পাৰ কৰা হ'ল। তেওঁ কিনি থোৱা দহবিঘা মাটিও দেৱালৰ ভিতৰত এনেই পৰি থাকিল। এনেকৈয়ে চেনাইৰাম জী, ধোলকীৱালা জী, হৰিবিলাস জী আদিৰ দৰে মানুহবিলাকৰ মাটি কিনা পদক্ষেপৰ ফলত মাটিবিলাক পৰিত্যক্ত আৰু উৎপাদনহীন হৈ পৰিল। খেতি কৰিবলৈ মাটি নোহোৱা হ'ল। আলুৰ পৰা চাউললৈকে ,সকলো অত্যাৱশ্যকীয় সামগ্ৰী বাহিৰৰ পৰা অহা হ'ল। আমাৰ স্বদেশপ্ৰেমী যুৱনেতা সকলে চেনাইৰামজীহঁতে দলিয়াই দিয়া পইচা অলপ লৈ মদ গাহৰিৰ পাৰ্টি চলাই গ'ল। 
ইফালে মেহবুব মিঞায়ো পৰিবৰ্তিত সময়ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি থাকিল। এজন পুতেক হেনো কিবা মৌলবাদী হ'ল।এইটো কিনো বস্তু খাটি খোৱা বাপেকে সিমান বুজি নেপালে। মাধমাৰ খাই পুতেক মৰাৰ খবৰটোৱেহে  এদিন শব্দহীন কৰিলে।
তথাপিও পৰিয়ালৰ আন সদস্যসকলৰ সহযোগত মেহবুব মিঞাই খেতি-বাতিৰ পৰিসৰ বঢ়াই গ'ল। এতিয়া পৰিয়ালটো ষাঠি বিঘা মাটিৰ মালিক।  তেওঁলোকৰ ইউৰিয়া দিয়া মাছ আৰু ফুলকবিৰ চাহিদা ইমানেই বাঢ়িল যে দূৰদূৰণিলৈও ট্ৰাকে ট্ৰাকে পঠিয়াব লগা হ'ল।
শেহতীয়াকৈ মেহবুব মিঞাৰ পুতেক ইউনিচ ভাই ৰাজনীতিত সোমাল। তেওঁ বিধায়ক হোৱাটো খাটাং বুলি ৰাজনৈতিক বিশ্লেষকসকলে কৈ আছে।
ইফালে বাঙ্গালোৰত চিকিউৰিটি গাৰ্ডৰ কাম কৰি থকা প্ৰেমেশ্বৰ ককাইৰ নাতি ধনেশ্বৰ লকদাউনত চাকৰি হেৰুৱাই নিজ গাৱঁলৈ উভটি আহিছে।